ETV Bharat / bharat

চীনৰ বুলেট ট্ৰেইনৰ বিপৰীতে অৰুনাচলত চলিব টয় ট্ৰেইন

author img

By

Published : Aug 16, 2021, 9:27 PM IST

শীঘ্ৰে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙত আৰম্ভ হ’ব পুতলা ৰে’লৰ প্ৰকল্প । অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে ইতিমধ্যে এই প্ৰকল্পত অনুমোদন আগবঢ়াইছে ৷

toy train service to be started  in arunachal
চীনৰ বুলেট ট্ৰেইনৰ বিপৰীতে অৰুনাচলত চলিব টয় ট্ৰেইন

তেজপুৰ, 16 আগষ্ট : এফালে ভাৰত-চীন সীমান্ত(Indo-China border)ত অৰুণাচল প্ৰদেশৰ কাষেৰে চীনে নিজৰ লিঞ্চি এলেকাত হাই স্পীড বুলেট ট্ৰেইন(high speed bullet train)ৰ ট্ৰায়েল সম্পন্ন কৰিছে আনফালে ভাৰতত অৰুণাচল প্ৰদেশৰ অতিকৈ স্পৰ্শকাতৰ পশ্চিম দিশত পুতলা ৰে’লগাড়ী (Toy Train)ৰে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা হাতত লোৱা হৈছে । পুতলা ৰে’লৰ প্ৰকল্পটো পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙত পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ নিৰ্মাণ কৰা হৈছে ৷

এই ব্যৱস্থাৰ লগতে অতিৰিক্ত আকৰ্ষণ যেনে ক্ৰাফ্ট বজাৰ(craft bazar), পাৰ্ক, আৰু খাদ্যৰ সুবিধা আৰু অন্যান্য বস্তুও উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে । পুতলা ৰে’লখনত তিনিটা ডবা থাকিব, প্ৰতিটো ডবাত 12 জনকৈ যাত্ৰী থাকিব । ইতিমধ্যে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু (Arunachal CM Pema Khandu) য়ে এই প্ৰস্তাৱত সন্তুষ্ট প্ৰকাশ কৰিছে ৷

তেওঁ ইয়াৰ অনুমোদন জনাই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ বাবে উত্তৰ পূৱ ৰে’লৱেৰ এন এফ আৰৰ বিষয়াসকলে জিলা প্ৰশাসনৰ সৈতে এক যোগাত্মক দিশ স্থাপন কৰিব লাগে বুলি পৰামৰ্শ দিছে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে এনএফআৰ(NF Railway)ক ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে । এনএফআৰৰ জেনেৰেল মেনেজাৰৰ মতে, প্ৰকল্পটো ছয় মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব ৷ ইতিমধ্যে এটা ব্ৰডগজ ৰে'ল লাইন নিৰ্মাণৰ প্ৰক্ৰিয়াও চলি আছে বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিছে । জানিব পৰা মতে, পুতলা ৰে’লখন টাৱাঙৰ পাদদেশত থকা ভালুকপুঙৰ পৰা আৰম্ভ হ'ব ।

ৰে’লখনে 378 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব আৰু 10000 ফুট উচ্চতাত টাৱাংত উপনীত হ'ব ৷ এই ৰে’লৰ বেছিভাগ যাত্ৰা সুৰংগৰ মাজেৰে চলিব । তদুপৰি, মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এনএফআৰক দক্ষিণ ভাৰতলৈ নতুন ৰে'লসেৱা প্ৰৱৰ্তন কৰাৰ সম্ভাৱনাৰ ওপৰত দৃষ্টি ৰাখিবলৈও অনুৰোধ জনায় । তেওঁ কয় যে, বহুলোকে অধ্যয়ন, চাকৰি, চিকিৎসা আৰু বিভিন্ন কাৰণত বাবে দক্ষিণ ভাৰতলৈ যাবলগীয়া হয় ফলস্বৰূপে চেন্নাই হৈ বাংগালোৰলৈ পোনপটীয়া ৰে'ল সেৱাৰ আৱশ্যকতা আছে ।

লগতে পঢ়ক : আফগানিস্তানত আৱদ্ধ পৰিয়ালক লৈ চিন্তিত ক্ৰিকেটাৰ ৰাছিদ খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.