নেশ্যনেল ডেস্ক: গৰমৰ প্ৰকোপ বৃদ্ধি হোৱাৰ লগেলগে ডেৰাডুনত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে (Tourists in Mussoorie)। ফলত ডাঙৰ বাহনৰ দ্বাৰা মুচুৰীলৈ যোৱা পৰ্যটকসকলক পোনেপোনে হোটেললৈ যোৱাত বাধা আৰোপ কৰা হৈছে । বিপৰীতে কিনগ্ৰেগৰ পাৰ্কিং লটত বাহনসমূহ পাৰ্কিং কৰাৰ পাছত শ্বাটল সেৱাৰ জৰিয়তে পৰ্যটকসকলক হোটেললৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে (Mussoorie shuttle service)। শেহতীয়াকৈ মুচুৰীৰ যান-জঁটৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে উপ আৰক্ষী মহাপৰিদৰ্শক জনমেজয় খাণ্ডুৰীয়ে প্ৰস্তুত কৰিছে কাৰ্য প্ৰণালী প্ৰস্তুত কৰিছে ।
পৰিকল্পনা অনুসৰি মুচুৰীলৈ যোৱা ব্যক্তিগত বাছসমূহ মুচুৰী পেট্ৰ'ল পাম্পৰ ওচৰত নিৰ্মিত বহুমুখী পাৰ্কিং লটত পাৰ্কিং কৰাৰ পাছত শ্বাটল সেৱাৰ জৰিয়তে পৰ্যতকসকলক গন্তব্যস্থানলৈ লৈ যোৱা হ'ব (Tourists in Mussoorie will go to the hotel via shuttle service)। এই সেৱাৰ বাবে প্ৰতিজন লোকৰ পৰা 50 টকাকৈ মাচুল সংগ্ৰহ কৰা হ'ব । এই সেৱা আৰম্ভ হোৱাৰ লগে লগে মুচুৰীৰ টেক্সি চালকসকলৰ মাজতো ইতিবাচক প্ৰভাৱ দেখা গৈছে । মুচুৰী টেক্সি কাৰ অ'নাৰ্ছ এছ'চিয়েশ্যনৰ সম্পাদক সুন্দৰ সিং পানৱাৰে কয় যে তেওঁলোকে মুচুৰীক যান-জঁটৰ পৰা মুক্ত কৰিবলৈ আৰক্ষীয়ে প্ৰস্তুত কৰা পৰিকল্পনাক সমৰ্থন জনোৱাৰ লগতে পূৰ্ণ সহযোগিতা আগবঢ়াই যাব । যাতে মুচুৰীৰ পৰ্যটকসকলৰ কোনো সমস্যা নোহোৱাৰ লগতে পৰ্যটন ব্যৱসায়ো বৃদ্ধি পাব পাৰে ।
মুচুৰীৰ ৰাজহ চক্ৰ বিষয়া পল্লৱী ত্যাগীৰ নেতৃত্বত মুচুৰী পেট্ৰ'ল পাম্পৰ ওচৰত নিৰ্মাণ কৰা পাৰ্কিং লটত সকলো ব্যক্তিগত বাছ ৰখোৱাৰ লগতে যাত্ৰীসকলক শ্বাটল সেৱাৰ জৰিয়তে মুচুৰী চহৰৰ দুয়োটা ষ্টেণ্ডলৈ প্ৰেৰণ কৰা হৈছে । চক্ৰ বিষয়াগৰাকীয়ে লগতে কয় যে, ডাঙৰ বাছসমূহে সৃষ্টি কৰিব পৰা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি উপ আৰক্ষী মহাপৰিদৰ্শকৰ নিৰ্দেশনাৰ পাছতে শ্বাটল সেৱা আৰম্ভ কৰা হৈছে । যদি পৰিকল্পনা সফল হয় তেন্তে ইয়াক স্থায়ীভাৱে ৰূপায়ণ কৰা হ'ব বুলিও পল্লৱী ত্যাগীয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়ক: অৰুণাচল প্ৰদেশ আৰু অসমৰ নিৰ্বাচিত চাহ খেতিয়কৰ পাঁচদিনীয়া প্ৰশিক্ষণ সামৰণি