নেশ্যনেল ডেস্ক,৮ জুলাই : উত্তৰাখণ্ডৰ নাইনিতালত শোকাৱহ পথ দুৰ্ঘটনা (Tragic accident at Nainital)। ৰামনগৰত পৰ্যটকৰ এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাত ৯ গৰাকী লোক নিহত হয় । ধেলা নদীত বাহনখন বাগৰি পৰাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় (9 killed in road accident in Ramnagar)। জানিব পৰা মতে বাহনখনত মুঠ ১০ গৰাকী লোক আছিল । তেওঁলোকৰ ভিতৰত এগৰাকী মহিলাক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে ।
জানিব পৰা মতে ঘটনাটো পুৱা প্ৰায় ৫ মান বজাত সংঘটিত হৈছে । দুৰ্ঘটনাৰ পাছতে জিলা প্ৰশাসনৰ লোকসকল সেই স্থানত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । কেইবা ঘণ্টা ধৰি অভিযান চলোৱাৰ পাছত বাহনখনৰ ভিতৰৰ পৰা আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । স্থানীয় প্ৰশাসনৰ মতে, বাহনখনত স্থানীয় লোকৰ লগতে পাঞ্জাৱৰো পৰ্যটক আছিল ।
স্থানীয় লোকসকলে প্ৰশাসনৰ সৈতে তৎপৰতাৰে বাহনখনৰ ভিতৰৰ পৰা এগৰাকী মহিলাক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এছডিএম গৌৰৱ চতৱালে দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে দুৰ্ঘটনাটোত তিনিজন পুৰুষ আৰু ৬ গৰাকী মহিলা নিহত হৈছে । তিনিওজন পুৰুষ পাঞ্জাৱৰ পাটিয়ালাৰ আছিল । দুগৰাকী মহিলা ৰামনগৰৰ আছিল ।
এছডিএমে লগতে কয় যে অনুসন্ধানৰ পিছতহে দুৰ্ঘটনাৰ কাৰণ জানিব পৰা যাব । অৱশ্যে দুৰ্ঘটনাটোৰ কাৰণ বাহনখনৰ গতিবেগ বুলি ধাৰণা কৰা হৈছে । দুৰ্ঘটনাটোৰ পাছতে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰা দেখা গৈছে ।
লগতে পঢ়ক :Omicron sub-variant BA.2.75 : ভাৰতত ধৰা পৰিছে অ’মিক্ৰণৰ নতুন উপ-প্ৰকৰণ BA.2.75