ETV Bharat / bharat

ত্ৰিপুৰাত অনিয়ম আৰু অৰাজকতাৰ অভিযোগ এন চি দেৱবৰ্মাৰ

author img

By

Published : May 21, 2021, 11:48 AM IST

বিধায়ক হিচাপে নিজে আহ্বান কৰা সভাত ৰাজনৈতিক আক্ৰমণৰ সন্মুখীন হৈ ত্ৰিপুৰাত অনিয়ম আৰু অৰাজকতাই বিৰাজ কৰিছে বুলি অভিযোগ কৰিছে আইপিএফটিৰ প্ৰধান তথা ৰাজহ মন্ত্ৰী এন চি দেৱবৰ্মাই ৷ ৰাজ্যৰ গৃহ বিভাগক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী মন্ত্ৰীগৰাকীৰ ৷

tripura ipft minister attack
ত্ৰিপুৰাত অনিয়ম আৰু অৰাজকতাৰ অভিযোগ এন চি দেৱবৰ্মাৰ

আগৰতলা, 21 মে': ত্ৰিপুৰাৰ তাকাৰজালাত অনুষ্ঠিত এখন সভাত সন্মুখীন হোৱা ৰাজনৈতিক আক্ৰমণক লৈ মন্তব্য প্ৰকাশ কৰিছে আইপিএফটিৰ প্ৰধান তথা ৰাজহ মন্ত্ৰী এন চি দেৱবৰ্মাই ৷ এই আক্ৰমণক ৰাজ্যখনত বিৰাজ কৰা অনিয়ম আৰু অৰাজকতা আখ্যা দিছে মন্ত্ৰী গৰাকীয়ে ৷

বিজেপি-আইপিএফটি চৰকাৰৰ এজন জ্যেষ্ঠ কেবিনেট সদস্যৰ এনে মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ বিষয়টোৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি দেৱবৰ্মাই কয় যে, "মোৰ যথেষ্ট বয়স হৈছে কিন্তু মই কেতিয়াও ৰাজ্যখনত এনে অনিয়ম দেখা নাই ৷ এনে কাৰ্যসমূহ গুণ্ডামিৰ সমপৰ্যায়ৰ ৷ এগৰাকী মন্ত্ৰী হিচাপে নহয় বৰঞ্চ ৰাজ্যখনৰ এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে ৰাজ্যৰ গৃহ বিভাগক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ কৰিছো ৷ এইক্ষেত্ৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ নকৰিলে আমাৰ বাবে অতি ভয়ংকৰ কিবা এটাই অপেক্ষা কৰি আছে ৷"

মুখ্যমন্ত্ৰীক তেওঁ এই বিষয়ে অৱগত কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, "মই বিশেষ অনুগ্ৰহ উপভোগ কৰাৰ বাবে কোনো কাম নকৰো ৷ এইক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট বিষয়া তথা আৰক্ষী আছে ৷ বিধায়কসকলক যদিহে তেওঁলোক নিৰ্বাচিত হৈ অহা অঞ্চলসমূহ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হয়, তেন্তে নিৰ্বাচিত প্ৰতিনিধিসকলৰ স্বাধীনতা নিশ্চিত কৰাটো চৰকাৰৰ কৰ্তব্য ৷"

তেওঁ অভিযোগ কৰে যে, টিপ্ৰা মোথাৰ বেনাৰত থকা সশস্ত্ৰ দুৰ্বৃত্তই তেওঁ অঞ্চলটোৰ বিধায়ক হিচাপে আহ্বান কৰা এখন ৰাজনৈতিক সভাত ব্যাঘাত জন্মোৱাৰ চেষ্টা কৰিছিল ৷ অঞ্চলটোলৈ ৰাইজৰ অভাৱ-অভিযোগৰ বুজ ল'বলৈ যোৱা বুলি জানিবলৈ দি তেওঁ লগতে এইবুলিও কয় যে, বিধায়ক এলেকা উন্নয়ন পুঁজিত আৱন্টন কৰা পুঁজি যাতে সঠিকভাৱে ব্যৱহাৰ কৰাৰ লগতে মহামাৰীৰ সময়তো যাতে সৰু-সুৰা উন্নয়নৰ কামসমূহ আগবঢ়াই নিব পৰা যায় সেই উদ্দেশ্যে আগত ৰাখিহে তেওঁ অঞ্চলটোলৈ গৈছিল ৷

নিজকে টিপ্ৰা মোথাৰ সমৰ্থক হিচাপে চিনাকি দিয়া দুৰ্বৃত্তই হঠাৎ সভাৰ মাজত আক্ৰমণ সংঘটিত কৰা বুলি অভিযোগ কৰি তেওঁ কয় যে, "এই আক্ৰমণৰ বাবে সভাখন আগবঢ়াই নিব পৰা ন'গল ৷ সেয়ে মই সেই ঠাই ত্যাগ কৰিছিলো আৰু আৰক্ষী বিষয়াসকলক সভাত উপস্থিত লোকসকলৰ বাবে সুৰক্ষিত ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছিলো ৷

লগতে পঢ়ক: টিপ্ৰা মোথাৰ দলীয় কৰ্মীক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.