ETV Bharat / bharat

Tomato Price Hike : আকাশলংঘী বিলাহীৰ মূল্য, কোন ৰাজ্যত কিমান দৰত বিক্ৰী হৈছে বিলাহী ? - vegetables price hike

পাকঘৰৰ বাবে বিলাহী এতিয়া মহা মূল্যৱান হৈ পৰিছে । কিয়নো হোৰাহোৰে বাঢ়িছে বিলাহীৰ মূল্য । যাৰ বাবে এতিয়া নিজৰ খাদ্য তালিকাত বিলাহী অন্তৰ্ভুক্ত কৰাৰ পূৰ্বে বহুবাৰ ভাবিবলগীয়া অৱস্থা হৈছে । লগতে বাজেটতো সৃষ্টি কৰিছে খেলিমেলি । বিলাহীৰ মূল্যই বহু ঠাইত শতক অতিক্ৰম কৰিছে । আনহাতে, কিছু ঠাইত শতকৰ ঘৰ সংখ্যাৰ পথত । বৰ্তমান সময়ত কোন ৰাজ্যত বিলাহীৰ মূল্য কিমান চাওঁ আহক এবাৰ ।

Tomato Price Hike
Tomato Price Hike
author img

By

Published : Jun 27, 2023, 3:58 PM IST

নিউজ ডেস্ক, ২৭ জুন : কেৱল পিঁয়াজেই যে মানুহৰ চকুপানী উলিয়ায় তেনে নহয় । এতিয়া বিলাহীয়েও মানুহৰ চকুত চকুপানী আনিছে । হয়, ঠিকেই পঢ়িছে । এতিয়া বিলাহীৰ বৰ্ধিত মূল্যই সাধাৰণ জনতাৰ চকুত চকুলো বোৱাইছে । সাধাৰণতে বৰষুণৰ বতৰত পাচলিৰ মূল্য হ্ৰাস পায় । কিন্তু এইবাৰ বিলাহীকে ধৰি বহুতো সেউজীয়া পাচলিৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে । ইয়াৰে ভিতৰত শীৰ্ষত আছে বিলাহীৰ মূল্য । মে' মাহত পাইকাৰী বজাৰত প্ৰতি কিলোগ্ৰামত ৩-৫ টকা আৰু খুচুৰা বজাৰত ১০-১২ টকাত উপলব্ধ বিলাহীৰ মূল্য এতিয়া জুনৰ শেষত ১০০ টকা অতিক্ৰম কৰিছে । বিগত সপ্তাহত বিলাহীৰ মূল্য তিনিবাৰকৈ বৃদ্ধি পাইছে । কিন্তু এই বৰ্ধিত মূল্যৰ আঁৰৰ কাৰণ কি ? বৰ্তমান কোনখন ৰাজ্যত কিমান মূল্যত উপলব্ধ বিলাহী ? আহক এবাৰ চাওঁ ।

বহুতো ৰাজ্যত তীব্ৰ গৰমৰ ফলত বিলাহী উৎপাদন হ্ৰাস পাইছে । আনহাতে, অকাল বৰষুণৰ বাবেও বিলাহী অধিক ৰঙা হৈ পৰিছে । অৰ্থাৎ শস্যবোৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । এইবোৰৰ উপৰি বিপৰ্যয় ধুমুহাৰ প্ৰভাৱৰ ফলতো বিলাহী ৰঙা পৰিছে । উল্লেখ্য যে শীৰ্ষ বিলাহী উৎপাদক ৰাজ্যসমূহৰ ভিতৰত আছে গুজৰাট আৰু মহাৰাষ্ট্ৰ । বিপৰ্যয় ধুমুহাৰ ফলত এই ৰাজ্য দুখনত বিলাহী খেতি যথেষ্ট প্ৰভাৱিত হৈছে । ইয়াৰ ফলত বিলাহীৰ উৎপাদন প্ৰভাৱিত হৈছে । আনহাতে, বিগত বছৰ বিলাহীৰ মূল্য হ্ৰাস হোৱাৰ বাবে এইবাৰ কৃষকসকলে বিলাহীৰ খেতিও কম পৰিমাণে কৰিছে । যাৰ ফলত বহুতো ৰাজ্যত এতিয়া বিলাহীৰ মূল্যই শতিকৰ ঘৰ স্পৰ্শ কৰিছে ।

কোন ঠাইত বিলাহীৰ মূল্য কিমান ?

ৰাজ্য/স্থান বিলাহীৰ মূল্য (প্ৰতিকেজি)
নয়ডা ১২০ টকা
ঝাৰখণ্ড ৫০-৫৫ টকা
গুজৰাট ৯০-১০০ টকা
মহাৰাষ্ট্ৰ ১০০ টকা
বংগ ১০০ টকা
অন্ধ্ৰপ্ৰদেশ ১০০ টকা
চণ্ডীগড় ৮০-৯০ টকা
হাৰিয়ানা ৭০-৮০ টকা
লক্ষ্ণৌ ১০০-১২০ টকা
অসম ৮০-১০০ টকা
বেংগালুৰু ১০০ টকা
চেন্নাই ১১০ টকা
বিহাৰ ৭০-৮০ টকা
কেৰালা ৬০-৯০ টকা
তেলেংগানা ৮০-১০০ টকা
ওড়িশা ১২০ টকা

বৰষুণৰ বতৰত কেৱল বিলাহীয়েই নহয়, আন বহুতো পাচলিও ব্যয়বহুল হৈ পৰিছে । সেউজীয়া জলকীয়াৰ পৰা আদালৈকে সকলো ইয়াৰ অন্তৰ্ভুক্ত । এই সকলোবোৰ পাচলি সাধাৰণতে প্ৰতিটো ব্যঞ্জনত ব্যৱহাৰ কৰা হয় । কিন্তু এইবাৰ পিঁয়াজৰ উপৰি এইবোৰ পাচলিৰ মূল্যয়ো মানুহক কান্দুৱাইছে । বৰ্তমান জলকীয়া প্ৰতিকিলোগ্ৰামত ১০০ টকাত বিক্ৰী হৈছে । আনহাতে, আদা প্ৰতি কিলোগ্ৰামত ২০০-২৫০ টকাত বিক্ৰী হৈছে । দিল্লীৰ আজাদপুৰ মাণ্ডিত বীন প্ৰায় ১২০ টকা প্ৰতি কিলোগ্ৰাম, গাজৰ প্ৰতি কিলোগ্ৰামত ১০০ টকা আৰু কেপচিকাম প্ৰতি কিলোগ্ৰামত ৮০ টকাত বিক্ৰী কৰা হৈছে ।

ব্যৱসায়ীসকলে জনোৱা মতে, যদি বজাৰত বিলাহীৰ নতুন ফচল আহে তেন্তে এই মূল্যবৃদ্ধিৰ পৰা সকাহ পাব পাৰে । কিন্তু ই বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে । কৰ্ণাটক, তামিলনাডু, ওড়িশা, হিমাচল প্ৰদেশ আৰু মধ্যপ্ৰদেশকে ধৰি অন্যান্য বিলাহী উৎপাদক ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ দ্বাৰা শস্য প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে । যাৰ ফলত মূল্য অধিক হোৱাৰ সম্ভাৱনা আছে । প্ৰতিবেদন অনুসৰি, যোৱা বছৰ বিলাহীৰ খেতি হ্ৰাস পাইছিল । কিয়নো বেছিভাগ কৃষকে বিলাহীৰ পৰিৱৰ্তে বীনৰ খেতি কৰা আৰম্ভ কৰিছিল । কিয়নো বিলাহীতকৈ বীনৰ মূল্য বেছি বাবে কৃষকসকলে ভাল উপাৰ্জন কৰিছে ।

লগতে পঢ়ক :Monsoon fury : দেশজুৰি প্ৰকৃতিৰ তাণ্ডৱ, কেইবাজনো লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.