নিজৰ কাৰ্যকালত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক ৰাষ্ট্ৰ, এক নিৰ্বাচন বিষয়টোৰ ওপৰত অধিৰ জোৰ দিছে ৷ নিৰ্বাচন অনুষ্ঠিত কৰাৰ মূল কাৰণ হৈছে সময় আৰু অৰ্থৰ সঞ্চয়, বিজেপিয়ে এই বিষয়টোক সময়ে সময়ে ৰাষ্ট্ৰীয় আলোচনাৰ বিষয় হিচাপে উত্থাপন কৰি আহিছে ৷ এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰে যে, এক ৰাষ্ট্ৰ, এক নিৰ্বাচন কেৱল আলোচ্য বিষয়ে নহয়, এয়া দেশৰ প্ৰয়োজন ৷
প্ৰতি মাহৰ অন্তৰালত ভাৰতৰ বিভিন্ন ঠাইত নিৰ্বাচন অনুষ্ঠিত হৈ থাকে ৷ ইয়াৰ ফলত উন্নয়নমূলক কাৰ্যবোৰত ব্যাঘাত জন্মে ৷ লোকসভা আৰু বিধানসভা নিৰ্বাচন একেসময়তে আয়োজন কৰা সম্পৰ্কত এক দীৰ্ঘদিনীয়া তৰ্ক-বিতৰ্ক চলি আহিছে ৷ প্ৰধানমন্ত্ৰী মোডীয়েও এই বিষয়ত সমৰ্থন জনাই আহিছে ৷ নিৰ্বাচনী আয়োগ, নিতি আয়োগ, বিধি আয়োগ আৰু সংবিধান পৰ্যালোচনা আয়োগেও এই সম্পৰ্কত আলোচনা কৰি আছে ৷
কিন্তু কিছুসংখ্যক ৰাজনৈতিক দল ইয়াৰ সমৰ্থনত থাকিলেও কিছুসংখ্যক দল ইয়াৰ বিৰোধী ৷ এনে পৰিস্থিতিত, এক ৰাষ্ট্ৰ, এক নিৰ্বাচন সম্পৰ্কত গভীৰ চিন্তা-চৰ্চাৰ প্ৰয়োজন আছে ৷
এয়া স্বাধীনোত্তৰ যুগৰ বিচাৰধাৰা :
1951 ৰ পৰা 1967 চনলৈ কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কিছুমান নিয়ম আছিল ৷ এই সময়ছোৱাত লোকসভা নিৰ্বাচনৰ সৈতেই ৰাজ্যিক নিৰ্বাচনসমূহ সম্পূৰ্ণ অথবা আংশিকভাৱে আয়োজন কৰা হৈছিল ৷ 1951-52 চনত লোকসভা নিৰ্বাচনৰ সৈতে ৰাজ্যসমূহৰ নিৰ্বাচন আয়োজন কৰা হৈছিল, কিন্তু ৰাজ্যসমূহ পুনৰ সংগঠিত কৰা আৰু চৰকাৰসমূহৰ পতন হোৱাৰ ফলত এই নিয়মৰ অন্ত পৰিল ৷
পৰৱৰ্তী সময়ত 1968 আৰু 1969 ৰ বিধানসভা নিৰ্বাচনৰ সময়ত একে সময়তে আয়োজন কৰা নিৰ্বাচন প্ৰক্ৰিয়াই সমস্যাৰ সৃষ্টি কৰিলে ৷ 1970 ৰ ডিচেম্বৰত লোকসভা ভংগ হয় ৷ সেয়েহে, তেতিয়াৰ পৰাই ৰাজ্যসমূহৰ নিৰ্বাচন আৰু সংসদৰ নিৰ্বাচন পৃথকভাৱে আয়োজন কৰি অহা হৈছে ৷ 1957 চনৰ লোকসভা নিৰ্বাচনত কেৱল 76 শতাংশ ৰাজ্যিক নিৰ্বাচনৰহে আয়োজন কৰা হয় ৷ আনহাতে, 1962 আৰু 1967 চনত এই শতাংশ হ্ৰাস হৈ 67 পায়গৈ ৷ 1970 পৰ্যন্ত এই প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে অন্ত পৰে ৷
প্ৰথমে এই সম্পৰ্কত আলোচনা কৰিছিল এল কে আদৱানীয়ে :
যোৱা শতিকাৰ অন্তিমটো দশকত ভাৰতীয় জনতা পাৰ্টিয়ে সকলো নিৰ্বাচন দমন কৰি আহিছে, সেই সময়তে পুনৰ আৰম্ভ হ'ল লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে আৰম্ভ হোৱা সম্পৰ্কত তৰ্ক-বিতৰ্ক ৷ জ্যেষ্ঠ বিজেপি নেতা এল. কে. আদৱানী হৈছে দেশত এই ব্যৱস্থা প্ৰচলন কৰাৰ মুখ্য সমৰ্থক ৷
বিধি আয়োগৰ অনুমোদন :
* 1999 চনত তেতিয়াৰ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত বিধি আয়োগে বিষয় সন্দৰ্ভত এক প্ৰতিবেদন দাখিল কৰে ৷ আয়োগে প্ৰতিবেদনত কয় যে, চৰকাৰৰ বিৰুদ্ধে বিৰোধী দলে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিলে অন্য বিকল্প চৰকাৰৰ বাবে আস্থাৰ প্ৰস্তাৱো উত্থাপন কৰিবলৈ সাজু থাকিব লাগিব ৷
* 2015 চনত আইন আৰু ন্যায়ৰ সংসদীয় সমিতিয়ে একেসময়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুমোদন জনায় ৷
* 2018 চনত বিধি আয়োগে এই সম্পৰ্কত এক সৰ্বদলীয় বৈঠকৰ আয়োজন কৰে ৷ এই বৈঠকতে কিছু দলে বিষয়টোৰ সমৰ্থন কৰাৰ লগতে কিছু দলে ইয়াৰ বিৰোধিতা কৰে ৷ আনহাতে, কিছু দলে নিৰপেক্ষ হিচাপে থিয় দিয়ে ৷
প্ৰধানমন্ত্ৰী মোডীৰ বিশেষ ৰুচি :
2017 চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোডীয়ে এক অনুষ্ঠানত এক ৰাষ্ট্ৰ এক নিৰ্বাচন সম্পৰ্কত এক ব্যৱহাৰিক অধ্যয়ন সম্পৰ্কত মন্তব্য কৰিছিল ৷ তিনি মাহৰ পাচত নিতি আয়োগৰ সৈতে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক বৈঠকত এই অধ্যয়ন সম্পৰ্কত পুনৰবাৰ আলোচনা কৰা হৈছিল ৷ 2015 চনৰ ডিচেম্বৰ মাহত ৰাজ্যসভাৰ সদস্য সুদৰ্শন নাচিয়াপ্পানৰ অধ্যক্ষতাত এক সংসদীয় সমিতিৰ বৈঠকত এই নিৰ্বাচনী প্ৰক্ৰিয়া পুনৰবাৰ আৰম্ভ কৰা সম্পৰ্কত জোৰ দিছিল ৷
দুয়োটা নিৰ্বাচন দুই পৰ্যায়ত আয়োজন কৰিব পাৰি- নিতি আয়োগৰ টোকা
এক ৰাষ্ট্ৰ এক নিৰ্বাচন সম্পৰ্কত নিতি আয়োগৰ এক টোকাত উল্লেখ কৰা হৈছে যে, 2021 চনৰ পৰা লোকসভা আৰু বিধানসভা নিৰ্বাচনসমূহ দুটা পৰ্যায়ত আয়োজন কৰা হ'ব ৷ 2017 চনৰ অক্টোবৰত সেই সময়ৰ মুখ্য নিৰ্বাচনী আয়ুক্ত অ পি ৰাৱটে কয় যে, সমকালিন নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আয়োগ প্ৰস্তুত, কিন্তু সিদ্ধান্তটো ৰাজনৈতিক পৰ্যায়ত হ'ব লাগিব ৷
ইয়াৰ পূৰ্বে সাংবিধানিক সংশোধনৰ প্ৰয়োজন :
ৰাজ্যসমূহৰ বিধানসভাৰ কাৰ্যকালৰ সৈতে লোকসভাৰ কাৰ্যকাল সমান কৰিবৰ বাবে বিধানসভাৰ কাৰ্যকাল হ্ৰাস অথবা বৃদ্ধি কৰিব লাগিব ৷ ইয়াৰ বাবে সাংবিধানিক সংশোধনৰ প্ৰয়োজন ৷
1. 83 অনুচ্ছেদ : লোকসভাৰ কাৰ্যকাল 5 বছৰ বুলি এই অনুচ্ছেদত উল্লেখ আছে ৷ 2. 85 অনুচ্ছেদ : লোকসভা ভংগ কৰিবৰ বাবে এই অনুচ্ছেদে ৰাষ্ট্ৰপতিক অধিকাৰ প্ৰদান কৰিছে ৷
3. 172 অনুচ্ছেদ : বিধানসভাৰ কাৰ্যকাল 5 বছৰ বুলি এই অনুচ্ছেদত উল্লেখ আছে ৷
4. 174 অনুচ্ছেদ : বিধানসভা ভংগ কৰিবৰ বাবে এই অনুচ্ছেদে ৰাজ্যৰ ৰাজ্যপালক অধিকাৰ প্ৰদান কৰিছে ৷
5. 356 অনুচ্ছেদ : ৰাজ্যত সাংবিধানিক কাৰ্যসমূহ সুচাৰুৰূপে পালন কৰাত ব্যৰ্থ হ'লে কেন্দ্ৰীয় চৰকাৰক সেই ৰাজ্যত ৰাষ্ট্ৰপতীয় শাসন জাৰি কৰাৰ অধিকাৰ প্ৰদান কৰিছে এই অনুচ্ছেদে ৷ এই সংশোধনৰ বাবে সদনত লাভ কৰিব লাগিব দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা ৷
সমকালিন নিৰ্বাচন অনুষ্ঠিত কৰে 10 দেশে :
সমকালিন নিৰ্বাচন অনুষ্ঠিত কৰা দেশসমূহ হৈছে ছুইডেন, ইণ্ডোনেছিয়া, দক্ষিণ আফ্ৰিকা, জাৰ্মানী, স্পেইন, হাংগেৰী, বেলজিয়াম, পোলেণ্ড, শ্ল'ভেনিয়া, আলবেনিয়া আদি ৷
আমেৰিকাৰ প্ৰেক্ষাপট :
* আমেৰিকা নিৰ্বাচনৰ দিন স্থিৰ ৷ প্ৰতি চাৰিবছৰৰ মূৰত নৱেম্বৰ মাহৰ মঙলবাৰে আয়োজন কৰা হয় নিৰ্বাচন ৷ ৰাষ্ট্ৰপতিৰ কাৰ্যালয় আৰু উপ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ নিৰ্বাচন একে সময়তে আয়োজন কৰা হয় ৷
* প্ৰতিনিধিৰ সদন আৰু ছিনেটৰ নিৰ্বাচনৰ দিনো স্থিৰ ৷ নৱেম্বৰৰ 2 তাৰিখৰ পৰা 8 তাৰিখৰ ভিতৰত আয়োজন কৰা হয় এই নিৰ্বাচন ৷ এই আইনৰ জৰিয়তে এই দিন ধাৰ্য কৰি ৰখা হৈছে ৷
* ভাৰতত এই ধাৰণা সংসদীয় চৰকাৰৰ বাবে অসম্ভৱ ৷ সেয়েহে ভাৰতত ৰাষ্ট্ৰপতীয় চৰকাৰ হ'লে এই সমস্যাৰ সমাধান হ'ব পাৰে ৷
এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ বাবে আবেদন :
উড়িশা আৰু অন্ধ্ৰ প্ৰদেশে দেশৰ বাবে এক উদাহৰণ দাঙি ধৰে- সমৰ্থকে কয় যে, 2004 চনৰ পৰা লোকসভাৰ সৈতে উড়িশাৰ চাৰিটাকৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু ইয়াৰ ফলাফল সম্পূৰ্ণ পৃথক ৷ সমৰ্থকে লগতে কয় যে, উড়িশাত চমু সময়ৰ বাবে আচৰণ বিধি আৰোপ কৰা উচিত ৷ একেদৰে অন্ধ্ৰ প্ৰদেশতো বিধানসভা আৰু লোকসভা নিৰ্বাচন একেলগে অনুষ্ঠিত হৈছে যদিও ফলাফল সম্পূৰ্ণ পৃথক ৷
উৎস :
* Law commission drafting report 17.04.2018
* Parliament standing committee report simultaneous