ETV Bharat / bharat

World Milk Day: কিয় পালন কৰা হয় বিশ্ব দুগ্ধ দিৱস ইয়াৰ ইতিহাস তথা তাৎপৰ্য জানি লওক

সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১ জুন তাৰিখে বিশ্ব দুগ্ধ দিৱস পালন কৰা হয় । গাখীৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় । এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে মানুহক গাখীৰৰ গুৰুত্বৰ বিষয়ে সচেতন কৰা আৰু গাখীৰক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা ।

author img

By

Published : Jun 1, 2023, 8:31 AM IST

World Milk Day 2023
কিয় পালন কৰা হয় বিশ্ব দুগ্ধ দিৱস ইয়াৰ ইতিহাস তথা তাৎপৰ্য জানি লওক

সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১ জুন তাৰিখে বিশ্ব দুগ্ধ দিৱস পালন কৰা হয় । গাখীৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় । এই দিৱস পালনৰ মূল উদ্দেশ্য হৈছে মানুহক গাখীৰৰ গুৰুত্বৰ বিষয়ে সচেতন কৰা আৰু গাখীৰক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা । গাখীৰৰ এই গুৰুত্ব ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই প্ৰতি বছৰে ১ জুনত বিশ্ব দুগ্ধ দিৱস পালন কৰাৰ সিদ্ধান্ত লৈছিল ।

বিশ্ব দুগ্ধ দিৱস ২০২৩ৰ বিষয়বস্তু

২০২৩ চনৰ বিশ্ব দুগ্ধ দিৱসৰ বিষয়বস্তু হৈছে দুগ্ধজাত সামগ্ৰীয়ে কেনেকৈ পুষ্টিকৰ খাদ্য আৰু জীৱিকাৰ ব্যৱস্থা কৰাৰ লগতে পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ কম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা (World Milk Day 2023)।

বিশ্ব দুগ্ধ দিৱসৰ ইতিহাস

প্ৰতি বছৰে ১ জুন তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব দুগ্ধ দিৱস পালন কৰা হয় । প্ৰথমবাৰৰ বাবে ২০০১ চনত এই দিৱস পালন কৰা হয় । ২০০১ চনত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই দুগ্ধজাত সামগ্ৰীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে সমগ্ৰ বিশ্বতে গাখীৰৰ মূল্যৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে বিশ্ব দুগ্ধ দিৱস প্ৰতিষ্ঠা কৰিছিল ।

বিশ্ব দুগ্ধ দিৱসৰ তাৎপৰ্য

এই দিৱসৰ উদ্দেশ্য হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকক গাখীৰৰ উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা । এই দিৱসৰ মূল উদ্দেশ্য হৈছে মানুহে কেনেকৈ গাখীৰক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে আৰু গাখীৰৰ স্বাস্থ্যজনিত উপকাৰিতাৰ কি কি । এফ এ অ’ৰ অনুমান অনুসৰি দুগ্ধ উদ্যোগে এক বিলিয়নতকৈ অধিক জীৱিকাৰ সহায় কৰে আৰু বিশ্বৰ ছয় বিলিয়নতকৈ অধিক লোকে দুগ্ধজাত সামগ্ৰী সেৱন কৰে ।

গাখীৰত পোৱা পুষ্টিকৰ উপাদান

গাখীৰত কেলচিয়াম, পটাছিয়াম, ভিটামিন এ, ভিটামিন বি১২, ভিটামিন বি, ফছফৰাছ, প্ৰটিন আদি পুষ্টিকৰ উপাদান থাকে । ই স্বাস্থ্যৰ বাবে বহু উপকাৰ দিয়ে । গাখীৰ খোৱাৰ ফলত হাড় আৰু দাঁত মজবুত হয় । ইয়াৰ লগতে ইয়াৰ ব্যৱহাৰৰ দ্বাৰা ৰক্তচাপো নিয়ন্ত্ৰণত থাকে । ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰতো গাখীৰ ফলপ্ৰসূ । আনহাতে, গাখীৰ সেৱন কৰিলেও চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায় ।

লগতে পঢ়ক: Ravindra Jadeja Fitness: ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাডেজাই নিজক কেনেকৈ ৰাখে ফিট, জানি লওক তেওঁৰ ফিটনেছ ৰুটিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.