নেশ্যনেল ডেস্ক, ১২ মাৰ্চ: ভাৰতীয় কমিউনিষ্ট পাৰ্টী(মাৰ্ক্সবাদী)য়ে শেহতীয়াকৈ ডি এম কেৰ সৈতে মিত্ৰজোঁট গঠন কৰিছে । চেন্নাইত ডি এম কেৰ সভাপতি এম কে ষ্টেলিন আৰু চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক কে বালাকৃষ্ণণে মিত্ৰতাৰ চুক্তি স্বাক্ষৰ কৰে ।
তামিলনাডু বিধানসভা নিৰ্বাচনত তিৰুপাৰণকুণ্ডৰাম, ডিন্দিগুল, ক'ভিলপট্টি, অৰুৰ, কেজভেলোৰ আৰু গন্দৰ্ভাক্ক'ট্টাই বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টী(মাৰ্ক্সবাদী)ৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব । তামিলনাডুৰ চি পি আই (এম)ৰ সাধাৰণ সম্পাদক বালাকৃষ্ণণে পূৰ্বে কৈছিল যে, ৰাজ্যত আগন্তুক নিৰ্বাচনৰ বাবে দলটোক ছয়খন আসন দিয়া হৈছে ।
এ আই এ ডি এম কে আৰু বিজেপিৰ মিত্ৰজোঁটক পৰাজিত কৰিবলৈ চিপিআই(এম)-ডি এম কে-কংগ্ৰেছৰ মিত্ৰজোঁটে ২৩৪ খন আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰিব বুলিও তেওঁ মন্তব্য কৰে । তামিলনাডুৰ বিধানসভা নিৰ্বাচন অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব আৰু ২ মে'ত ভোটগণনা কৰা হ'ব । কংগ্ৰেছ-ডিএমকে আৰু বিজেপি-এ আই এ ডি এম কেৰ মিত্ৰজোঁটে পৰস্পৰৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব ।
লগতে পঢ়ক:কৰ'ণাৰ দক্ষিণ আফ্ৰিকাৰ ষ্ট্ৰেইন নাই ডুবাইৰ পৰা অহা ভাৰতীয়ৰ দেহত