আগৰতলা, 14 জুন : ত্ৰিপুৰাত উপ নিৰ্বাচনৰ প্ৰচাৰ তুংগত (Tripura By poll) ৷ বিজেপি কৰ্মীৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যকলাপত জড়িত হোৱাৰ অভিযোগ বিৰোধী দলৰ (Allegation of violence against BJP) ৷ বিজেপি কৰ্মীক নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্বাচনী আয়োগক আহ্বান তৃণমূল কংগ্ৰেছৰ ৷ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক গোটৰ সভাপতি সুবল ভৌমিকে সোমবাৰে ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ লিখা পত্ৰত (TMC write to Tripura CEO) উল্লেখ কৰে যে, বিগত দিনত ৰাজ্যখনত বিজেপিৰ কৰ্মীসকলে আইন শৃংখলাক নিৰন্তৰ উপহাস কৰি হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰি আহিছে ৷
ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ৰাজ্যত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন স্থগিত কৰাৰ বাবে ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ তোলে ভৌমিকে ৷ সভাপতিগৰাকীয়ে লগতে কয় যে, যোৱা 10 জুনত 8 -টাউন বৰদোৱালী বিধানসভা সমষ্টিত বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ সভাত ভাঙি লণ্ড-ভণ্ড কৰে ৷ ইয়াৰোপৰি বিজেপি কৰ্মী আৰু নেতাসকলে নিৰ্বাচনী নিয়ম উলংঘা কৰি তৃণমূল কংগ্ৰেছৰ পতাকা আৰু ফেষ্টুন ফালি ছিঙি পেলোৱাত পোনপটীয়াকৈ জড়িত আছে বুলি অভিযোগ কৰে তৃণমূলে ৷
উল্লেখ্য যে, বৰদোৱালী, মিলন সংঘ, সুভাষ পল্লী, বনিক পাৰা আৰু ভট্টাপুকুৰৰ পৰা তৃণমূল কংগ্ৰেছৰ পতাকা ফালি পেলোৱা হৈছিল ৷
ইয়াৰ লগতে তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত বাধা প্ৰদান কৰিবলৈ বিজেপিৰ সমৰ্থকসকলে হৰ্ডিং আৰু পোষ্টাৰবোৰ ফালি পেলাই বুলিও অভিযোগ উঠিছে ৷ ইয়াৰ পূৰ্বেও তৃণমূল কংগ্ৰছৰ ফালৰ পৰা নিৰ্বাচনী আয়োগলৈ দুবাৰকৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু আৰক্ষীয়ে এই নীৰৱ ভূমিকা পালন কৰাত ক্ষুব্ধ হৈ পৰিছে তৃণমূল কংগ্ৰেছৰ নেতাসকল ৷
লগতে চাওক : Rahul appears before ED: দেশজুৰি কংগ্ৰেছ নেতা-কৰ্মীক আটক