ETV Bharat / bharat

ত্ৰিপুৰাত পুনৰ তৃণমূলৰ কৰ্মীক আক্ৰমণ - তৃণমূল কংগ্ৰেছৰ কৰ্মীক আক্ৰমণ

ত্ৰিপুৰাত বিজেপি আৰু তৃণমূলৰ সংঘৰ্ষ অব্যাহত আছে । বৃহস্পতিবাৰে পুনৰ তৃণমূলৰ কৰ্মীক আক্ৰমণ কৰে দুৰ্বৃত্তই । তৃণমূলৰ অভিযোগ এই আক্ৰমণ বিজেপিয়ে কৰিছে ।

TMC worker attack
ত্ৰিপুৰাত পুনৰ তৃণমূলৰ কৰ্মীক আক্ৰমণ
author img

By

Published : Sep 3, 2021, 11:49 AM IST

আগৰতলা,৩ ছেপ্তেম্বৰ : ত্ৰিপুৰাত পুনৰ তৃণমূল কংগ্ৰেছৰ কৰ্মীক আক্ৰমণ । ত্ৰিপুৰাত যেতিয়াৰে পৰা তৃণমূল কংগ্ৰেছে নিজৰ স্থিতি স্থাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । তেতিয়াৰে পৰা দেখা গৈছে তৃণমূলৰ কৰ্মীসকল আক্ৰমণৰ বলি হ'ব ধৰিছে । প্ৰতিবাৰেই বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হয় ।

তৃণমূলৰ শীৰ্ষ নেতৃত্ব ত্ৰিপুৰাত উপস্থিত হোৱাৰ সময়তে এই ধৰণৰ হিংসাত্মক আক্ৰমণৰ ঘটনা সংঘটিত হোৱা দেখা যায় । এইবাৰ তৃণমূলৰ নেত্ৰী সুস্মিতা দেৱ (Sushmita Dev) ত্ৰিপুৰাত উপস্থিত হোৱাৰ পাছতে পুনৰ তৃণমূলৰ কৰ্মীক আক্ৰমণ কৰে দুৰ্বৃত্তই । ত্ৰিপুৰেশ্বৰী মন্দিৰ (Tripureswari temple) দৰ্শনৰ বাবে গৈছিল সুস্মিতা দেৱ ।

TMC worker attack
ত্ৰিপুৰাত পুনৰ তৃণমূলৰ কৰ্মীক আক্ৰমণ

সুস্মিতা দেৱৰ লগত যোৱা দুই সমৰ্থকক আক্ৰমণ কৰে কোনো দুবৃত্তই । তৃণমূল কংগ্ৰেছে অভিযোগ কৰা মতে এই আক্ৰমণ বিজেপিয়ে কৰিছে । বৃহস্পতিবাৰে নিশা আঘাতপ্ৰাপ্ত সমৰ্থক দুগৰাকীক আগৰতলাৰ জিবিপি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ঘটনাৰ পাছতে হাস্পতালত উপস্থিত হয় সুস্মিতা দেৱ আৰু তৃণমূলৰ নেতা ব্ৰত্য বসুসহ কেইবাগৰাকী নেতা কৰ্মী । তৃণমূল নেতা তথা পশ্চিম বংগৰ শিক্ষা মন্ত্ৰী ব্ৰত্য বসুৱে (Bratya Basu) এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । তেওঁ কয় যে মন্দিৰ দৰ্শনৰ বাবে যোৱা সমৰ্থকক আক্ৰমণ কৰিছে বিজেপিৰ কৰ্মীয়ে ।

TMC worker attack
ত্ৰিপুৰাত পুনৰ তৃণমূলৰ কৰ্মীক আক্ৰমণ

তেওঁৰ মতে পশ্চিমবংগতো ৰাজনৈতিক হিংসাৰ ঘটনা সংঘটিত হয় কিন্তু ত্ৰিপুৰাৰ এই ঘটনা সম্পূৰ্ণ বেলেগ । বসুৱে জনোৱা মতে আঘাতপ্ৰাপ্ত সমৰ্থক দুজনৰ চিকিৎসা চলি আছে । কিন্তু বিজেপিয়ে এই ধৰণৰ গুণ্ডামি বন্ধ কৰিব লাগিব বুলিও দাবী তোলে পশ্চিমবংগৰ শিক্ষামন্ত্ৰী তথা তৃণমূলৰ নেতাগৰাকীয়ে ।

লগতে পঢ়ক :ভাৰতীয় ৰাজনীতিৰ চাণক্য প্ৰশান্ত কিশোৰক কংগ্ৰেছত যোগদান কৰিবলৈ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.