ETV Bharat / bharat

Meghalaya Assembly Election 2023 : নিৰ্বাচনৰ পূৰ্বে মেঘালয়ত তৃণমূল কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন

বিধানসভা নিৰ্বাচনৰ পূৰ্বে মেঘালয়ত তৃণমূল কংগ্ৰেছ দলৰ ব্যাপক প্ৰচাৰ অভিযান (TMC election campaign in Meghalaya)। প্ৰচাৰ অভিযানত অংশ ল'লে দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে । প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ লগতে বহু তৃণমূলৰ নেতাই দলটোৰ পদযাত্ৰাত অংশ ল'লে ।

author img

By

Published : Feb 16, 2023, 4:58 PM IST

Meghalaya Assembly Election 2023
মেঘালয়ত তৃণমূল কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন
মেঘালয়ত তৃণমূল কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন

মেঘালয়,১৬ ফেব্ৰুৱাৰী : অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব মেঘালয়ৰ বিধানসভা নিৰ্বাচন (Meghalaya Assembly Election 2023)। প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । এইবাৰ তৃণমূল কংগ্ৰেছ দলেও মেঘালয়ত নিজৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা চলাইছে । নিজৰ স্থিতি স্পষ্ট কৰাৰ উদ্দেশ্যে দলটোৱে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে (Election campaign in Meghalaya) ।

বুধবাৰে তৃণমূল কংগ্ৰেছ দলে এক বিশাল পদযাত্ৰাৰ আয়োজন কৰে (TMC rally in Meghalaya)। য'ত দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে অংশগ্ৰহণ কৰে । মেঘালয়ৰ তুৰাত তৃণমূল কংগ্ৰেছে এই পদযাত্ৰাৰ আয়োজন কৰে । তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা লোকসভাৰ সদস্য অভিষেক বেনাৰ্জীয়ে এই পদযাত্ৰাৰ নেতৃত্ব দিয়ে (Abhishek Banerjee at Meghalaya)।

পদযাত্ৰাত তেওঁক সংগ দিয়ে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাকে ধৰি বহু কেইগৰাকী তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী । তুৰাৰ হাৱাখানাৰ পৰা তুৰা বজাৰলৈ এই পদযাত্ৰাৰ লগতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে এখন নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজক সম্বোধন কৰে (Abhishek Banerjee election campaign in Meghalaya)।

পদযাত্ৰাৰ সামৰণিত তুৰা বজাৰত তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে । এই ভাষণ প্ৰসংগত সম্পাদকগৰাকীয়ে কয় যে, কিছু মাহৰ পূৰ্বে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই তৃণমূল কংগ্ৰেছৰ অস্তিত্ব নাই বুলি দাবী কৰিছিল কিন্তু বৰ্তমান তেওঁ পুৱাৰে পৰা গধুলিলৈকে তেওঁৰ মুখত কেৱল তৃণমূল কংগ্ৰেছৰ প্ৰসংগ । তেওঁৰ ভাষণৰ জৰিয়তে তৃণমূল কংগ্ৰেছক কেৱল আক্ৰমণ কৰি থাকে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

অভিষেক বেনাৰ্জীয়ে লগতে কয় যে, মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বিধানসভা সমষ্টি ৫১ পশ্চিম তুৰাত বিভিন্ন চৰকাৰী কাৰ্যালয় তথা তুৰা বজাৰত আজিলৈ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা নহ'ল (Abhishek Banerjee slams CM Conrad Sangma)। নিজৰ সমষ্টিকে পোহৰ কৰিব নোৱাৰিলে তেওঁ কেনেকৈ ৰাজ্য পোহৰ কৰিব বুলি মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ কৰে বেনাৰ্জীয়ে ।

অসমৰ আগত বা দিল্লীৰ আগত মূৰ দোৱাই ৰাজ্য নচলে, ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'বলৈ ৰাইজৰ বাবে যুঁজিব লাগিব, বেলেগৰ সন্মুখত মূৰ দোৱাব নালাগিব বুলিও মেঘালয়ৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে তৃণমূলৰ নেতাগৰাকীয়ে । উল্লেখ্য যে, বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মেঘালয়ত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দল তথা নিৰ্দলীয় প্ৰাৰ্থীসমূহে প্ৰচাৰ অভিযাত তীব্ৰতৰ কৰি তুলিছে ।

তৃণমূল কংগ্ৰেছৰ সমান্তৰালকৈ বিজেপিৰো ষ্টাৰ কেম্পেইনাৰ তথা গৃহ মন্ত্ৰী বৃহস্পতিবাৰে বিয়লি ৫.৩০ বজাত তুৰাত ৰাইজক উদ্দেশ্যি এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Tripura Assembly Elections 2023 : শান্তিপূৰ্ণভাৱে ত্ৰিপুৰাত চলি আছে ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.