ETV Bharat / bharat

বিশ্বকবিৰ ফটোৰ ওপৰত অমিত শ্বাহৰ ফটো : টিএমচিৰ প্ৰতিবাদ - বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ফটোৰ ওপৰত অমিত শ্বাহৰ ফটো

বিশ্বকবিৰ ফটোৰ ওপৰত অমিত শ্বাহৰ ফটো সংলগ্ন কৰি হৰ্ডিং লগোৱাৰ বিৰোধিতা তৃণমূল কংগ্ৰেছৰ ৷ দেওবাৰে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাসগৃহৰ বাহিৰত তৃণমূল কংগ্ৰেছ কৰ্মীৰ দিনজোৰা অৱস্থান ধৰ্মঘট ৷ হৰ্ডিং লগোৱাক লৈ বিজেপিৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগক অস্বীকাৰ বিজেপি নেতা তথা মন্ত্ৰী প্ৰতাপ বেনাৰ্জিৰ ৷

TMC protests outside Tagore's birthplace over putting up hoardings
টিএমচি ৰ প্ৰতিবাদ
author img

By

Published : Dec 21, 2020, 10:35 AM IST

Updated : Dec 21, 2020, 10:46 AM IST

নেচনেল ডেস্ক, 21 ডিচেম্বৰ: বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ফটোৰ ওপৰত অমিত শ্বাহৰ ফটো লগাই ফ্লেক্স হৰ্ডিঙ লগোৱাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই তৃণমূল কংগ্ৰেছৰ সদস্যসকলে দেওবাৰে এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী হাতত লয় ৷ তৃণমূল কংগ্ৰেছৰ সদস্যসকলে কবিগৰাকীৰ জন্মস্থান জোৰাসাঁকোৰ বাহিৰত দিনজোৰা অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

TMC protests outside Tagore's birthplace over putting up hoardings
বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাসগৃহৰ বাহিৰত তৃণমূল কংগ্ৰেছ কৰ্মীৰ দিনজোৰা অৱস্থান ধৰ্মঘট

হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰি দলীয় কৰ্মী সকলে কয় যে তেওঁলোকে বহিৰাগত বা অমিত শ্বাহে ৰবীন্দ্ৰনাথ ঠাকুৰক কৰা অপমান কেতিয়াও মানি নলয় ৷ প্ৰতিবাদ থলীত তৃণমূল কংগ্ৰেছৰ সাংসদ সুদীপ বন্দোপাধ্যায়ে নোবেল বঁটা বিজয়ী ঠাকুৰৰ গীত পৰিৱেশন কৰে ৷

তৃণমূল কংগ্ৰেছৰ নেতা তথা মন্ত্ৰী শশী পাঞ্জাই মন্তব্য কৰে যে শান্তিনিকেতন আৰু বলপুৰত বিজেপিয়ে লগোৱা এনে হৰ্ডিঙে ঠাকুৰক অপমান কৰিছে আৰু ৰাইজৰ আবেগত আঘাত সানিছে ৷ শশী পাঞ্জাৰ এই মন্তব্যৰ বিপৰীতে বিজেপিৰ নেতা প্ৰতাপ বেনাৰ্জিয়ে দাবী কৰে যে তেওঁলোকৰ দল এই কামৰ সৈতে জড়িত নহয় ৷ বীৰভূমলৈ অমিত শ্বাহৰ আগমণৰ পূৰ্বে বিজেপিক বদনাম কৰাৰ বাবে এইয়া তৃণমূল কংগ্ৰেছ কৰ্মীয়ে কৰা কাম বুলিও বেনাৰ্জিয়ে অভিযোগ উত্থাপন কৰে ৷

বাঙালীসকলৰ এই গৰাকী নমস্য ব্যক্তিৰ প্ৰতি বিজেপি দলৰ যথেষ্ট সন্মান আছে বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে এই কাৰ্য প্ৰত্যক্ষ কৰাৰ লগে লগে বিজেপিৰ কৰ্মী সকলে ততাতৈয়াকৈ ফ্লেক্স হোৰ্ডিং সমূহ আঁতৰোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক:দুদিনীয়া কাৰ্যসূচীৰে কলকাতাত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

Last Updated : Dec 21, 2020, 10:46 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.