ETV Bharat / bharat

Nadia rape case : মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে তৃণমূল কংগ্ৰেছৰ ভিতৰচ'ৰাত অসন্তুষ্টি

author img

By

Published : Apr 15, 2022, 9:34 PM IST

পশ্চিমবংগৰ নাদিয়াৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাক লৈ বিতৰ্ক অব্যাহত (Controversy over Nadia gang rape case)। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘটনাক লৈ কৰা বিতৰ্কিত মন্তব্যক লৈ চৰ্চা । শাসকীয় দলৰ সাংসদে এইবাৰ ঘটনাক লৈ প্ৰশ্ন উত্থাপন কৰিলে । ডুমডুমৰ সাংসদ সৌগত ৰয়ৰ মতে মহিলা মুখ্যমন্ত্ৰী থকা ৰাজ্যত এনে ঘটনা লজ্জাজনক ।

Nadia rape case
মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে তৃণমূল কংগ্ৰেছৰ ভিতৰচ'ৰাত অসন্তুষ্টি

নেশ্যনেল ডেস্ক,১৫ এপ্ৰিল : পশ্চিমবংগত শেহতীয়াকৈ সংঘটিত নাবালিকা ধৰ্ষণৰ এক ঘটনাৰ (Gang rape in Nadia of West Bengal) পাছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে এই ঘটনাক লৈ ৰাজনৈতিক দলসমূহেও কু-ৰাজনীতি আৰম্ভ কৰিছে । ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা এক মন্তব্যক লৈও বিভিন্ন ধৰণৰ বিতৰ্ক আৰম্ভ হৈছে (Controversial statement of Mamata Banerjee on Nadia rape case)।

মমতা বেনাৰ্জীয়ে কৈছিল যে, হংসখালীত এটা অতি দুখজনক ঘটনা ঘটিছে । ধৰ্ষণৰ পাছতে নাবালিকাগৰাকীৰ ৫ তাৰিখে মৃত্যু হৈছিল, কিন্তু আৰক্ষীয়ে ১০ তাৰিখেহে উক্ত ঘটনাৰ বিষয়ে গম পাইছিল । এই ঘটনা ধৰ্ষণ নে গৰ্ভধাৰণ নে প্ৰেমৰ সম্পৰ্ক বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে । আৰক্ষীয়ে এই ক্ষেত্ৰত পৰীক্ষা কৰিছে নে বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইফালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ধৰ্ষণৰ ঘটনাক লৈ সংবাদমাধ্যমৰ সক্ৰিয়তাক লৈও প্ৰশ্ন কৰিছে । বেনাৰ্জীয়ে ঘটনাটো সম্পৰ্কে সংবাদ মাধ্যমৰ কভাৰেজক তীব্ৰ গৰিহণা দিছে আৰু অভিযোগ কৰিছে যে সংবাদ মাধ্যমৰ উদ্দেশ্য হৈছে কেৱল টি আৰ পি বৃদ্ধি কৰা । মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যক লৈ বিৰোধী দলবোৰে উদ্বেগ প্ৰকাশ কৰা দেখা গৈছে ।

অভিযোগ অনুসৰি অভিযুক্ত ধৰ্ষণকাৰী শাসকীয় দলৰ এগৰাকী নেতাৰ পুত্ৰ । সেয়ে অভিযুক্তক মুখ্যমন্ত্ৰীয়ে ৰক্ষণাৱেক্ষণ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰিছে । এইবাৰ শাসকীয় দলৰে এগৰাকী নেতাই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ বিতৰ্ক চলি থকাৰ মাজতে প্ৰবীণ তৃণমূল কংগ্ৰেছ নেতা আৰু ডুমডুমৰ সাংসদ সৌগত ৰয়ে কয় যে এগৰাকী মহিলা মুখ্যমন্ত্ৰী থকা ৰাজ্যত এনে ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাটো লজ্জাজনক (TMC leader Saugata Roy reacts on Nadia rape case)।

ৰয়ে তেওঁৰ সংসদীয় সমষ্টিত দক্ষিণেশ্বৰ আৰক্ষী থানা উদ্বোধন কৰি এই মন্তব্য কৰে । তেওঁৰ লগত উদ্বোধনী অনুষ্ঠানত কামৰহাটিৰ বিধায়ক মদন মিত্ৰও উপস্থিত থাকে । সাংসদগৰাকীৰ মতে মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ বাতৰিক লৈ সকলো চিন্তিত । সাংসদ ৰয়ৰ মতে এই ক্ষেত্ৰত আৰক্ষী শূন্য সহনশীল হ'ব লাগিব আৰু যিকোনো ঘটনাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ ল'ব লাগিব । তেওঁ আশা কৰে যে আৰক্ষী আৰু প্ৰশাসনে ইয়াৰ ওপৰত নজৰ ৰাখিব ।

সাংসদগৰাকীৰ এই মন্তব্যৰ পাছতে পুনৰ আন এক বিতৰ্কৰ সৃষ্টি হৈছে । একাংশই দাবী কৰা মতে দল আৰু সাংসদ ৰয়ৰ মাজত ব্যৱধানৰ সৃষ্টি হৈছে । উল্লেখ্য যে ৫ এপ্ৰিলত নাদিয়া অঞ্চলত জন্মদিনৰ এক অনুষ্ঠানত ১৪ বছৰীয়া নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল (Nadia gang rape)। পৰৱৰ্তী সময়ত ভুক্তভোগী নাবালিকাগৰাকীৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক :মিৰাটত গ্ৰেপ্তাৰ গো-মাফিয়া আকবৰ বানজাৰা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.