আগৰতলা, ১৪ ছেপ্টেম্বৰ : ত্ৰিপুৰাত ৰাজনৈতিক হিংসাই এক অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে ১৫ ছেপ্টেম্বৰত ৰেলী অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছিল তৃণমূল কংগ্ৰেছে । কিন্তু দলটোৰ এই কাৰ্যসূচীৰ বাবে ত্ৰিপুৰা আৰক্ষীয়ে ৰেলীৰ বাবে অনুমতি দিয়া নাছিল । অৱশেষত দলটোৱে এই ৰেলী ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় ।
সোমবাৰে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ কুনাল ঘোষে এখন সংবাদমেল সম্বোধন কৰি কয় যে, ত্ৰিপুৰা আৰক্ষীয়ে দলটোক ৰেলীৰ বাবে অনুমতি নিদিলেও তেওঁলোকে কোনো সংঘাতত লিপ্ত নহয় । ইয়াৰ পৰিৱৰ্তে অভিষেক বেনাৰ্জীৰ নিৰ্দেশনা অনুসৰি, দলটোৰ ৰেলী এদিনৰ বাবে স্থগিত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ।
![TMC cries foul after permission for rally denied](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-tmc_14092021020233_1409f_1631565153_36.jpg)
লগতে পঢ়ক : ত্ৰিপুৰাৰ প্ৰাথমিক বিদ্যালয়সমূহত পুনৰ পাঠদান আৰম্ভ
তেওঁ লগতে কয় যে, তেওঁলোকে ৰেলীৰ বাবে অনুমতি বিচাৰিছিল যদিও ত্ৰিপুৰা আৰক্ষীয়ে কৈছিল যে একেটা স্থানতে আৰু একেটা দিনতে ৰেলী অনুষ্ঠিত কৰাৰ বাবে পূৰ্বেই আন এটা ৰাজনৈতিক দলক অনুমতি দিয়া হৈছে । সেয়ে, উক্ত দিনা সেই স্থানত তৃণমূল কংগ্ৰেছে ৰেলী অনুষ্ঠিত কৰিব নোৱাৰিব ।
ঘোষে লগতে কয় যে, প্ৰশাসনৰ নিৰ্দেশনাক অৱমাননা কৰিও দলটোৱে ৰেলী অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন, কিয়নো দলটোৰ যথেষ্ট জন সমৰ্থন আছে । কিন্তু দলৰ শীৰ্ষ নেতৃত্বই এনে হিংসাত্মক কাৰ্য সংঘটিত হোৱাটো নিবিচাৰে ।
তেওঁ কয় যে, তৃণমূল কংগ্ৰেছে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাতহে বিশ্বাস কৰে । সেয়ে, তৃণমূল কংগ্ৰেছে এদিনৰ বাবে ৰেলী স্থগিত ৰাখিছে । ঘোষে জনায় যে, অভিষেক বেনাৰ্জী ১৬ ছেপ্টেম্বৰত ত্ৰিপুৰালৈ আহিব আৰু ৰেলীৰ নেতৃত্ব দিব । ঘোষে ৰাজ্য চৰকাৰক সমালোচনা কৰি কয় যে, চৰকাৰে বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰাৰ বাবে এনে পন্থা হাতত লৈছে ।
লগতে পঢ়ক:সংবাদ প্ৰতিষ্ঠানক আক্ৰমণৰ ঘটনাক সমালোচনা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ