ETV Bharat / bharat

পশ্চিমবংগৰ লগতে 15 ৰাজ্যত তৃণমূলৰ ‘খেলা হবে দিৱস’ পালন - খেলা হবে দিৱস

তৃতীয়বাৰৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈয়েই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে 16 আগষ্টক ‘খেলা হবে দিৱস’ (khela hobe diwas) হিচাপে পালনৰ সিদ্ধান্ত লৈছিল ৷ সেই অনুসৰি সোমবাৰে পশ্চিমবংগ, ত্ৰিপুৰাৰ লগতে আন কেইবাখনো ৰাজ্যত খেলা হবে দিৱসটি পালন কৰে তৃণমূল নেতৃত্বই ৷

TMC celebrate 16 August as khela hobe diwas in west bengal, tripura and 15 other state
পশ্চিম বংগৰ লগতে 15 ৰাজ্যত তৃণমূলৰ ‘খেলা হবে দিৱস’ পালন
author img

By

Published : Aug 16, 2021, 4:09 PM IST

নেশ্যনেল ডেস্ক, 16 আগষ্ট : সোমবাৰে পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ (TMC) উদ্যোগত পালন কৰা হৈছে ‘খেলা হবে দিৱস’ (khela hobe diwas) ৷ পশ্চিমবংগ, ত্ৰিপুৰাসহ মুঠ 15 খন ৰাজ্যত পালন কৰা হৈছে ‘খেলা হবে দিৱস’ ৷ 2021ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ‘খেলা হবে’ শ্ল’গানটোক অস্ত্ৰ কৰিয়েই প্ৰচাৰৰ ধুমুহা আনিছিল তৃণমূলে ৷

তৃতীয়বাৰৰ বাবে পশ্চিমবংগৰ ক্ষমতালৈ অহাৰ পিছতেই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 16 আগষ্টৰ দিনটো ‘খেলা হবে দিৱস’ হিচাপে পালনৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ পশ্চিম বংগৰ উপৰিও এই দিৱসটি আন কেইবাখনো ৰাজ্যত পালনৰ বাবে উদ্যত হৈছে তৃণমূল নেতৃত্ব ৷ সোমবাৰে উত্তৰ প্ৰদেশ, ত্ৰিপুৰাৰ লগতে আন কেইবাখনো ৰাজ্যত এই দিৱস পালন কৰিছে তৃণমূলৰ নেতৃত্বই ৷

  • এই বাংলা থেকে ভারত-জুড়ে এবার তবে খেলা হবে।

    খেলা বিভাজনের দেওয়াল ভেঙে ঐক্যবদ্ধ করে মানুষকে। খেলা কোনো ধর্ম বোঝে না, খেলা অধিকারের লড়াই লড়তে শেখায়।

    সবাইকে "খেলা হবে দিবসের" আন্তরিক শুভেচ্ছা। ভালো থাকুন, খেলায় থাকুন, সুস্থ থাকুন।#KhelaHobe #KhelaHobeDivas pic.twitter.com/UO9I1gqCpm

    — MANOJ TIWARY (@tiwarymanoj) August 16, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজ্য গুজৰাটত এই দিৱস পালনক লৈ সৃষ্টি হৈছে বিতৰ্ক ৷ গুজৰাটত গোধৰাত ‘খেলা হবে দিৱস’ পালনৰ উদ্যোগ লৈছিল তৃণমূল কংগ্ৰেছে ৷

গান্ধীজী আৰু নেতাজীৰ নামত দুটি ফুটবল দল গঠন কৰি ফুটবেল মেচ অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছিল তৃণমূলৰ ৷ তাৰ বাবে এখন স্থানীয় বিদ্যালয়ৰ অনুমতিও লৈছিল তৃণমূলৰ নেতৃত্বই ৷ বিদ্যালয়খনৰ খেলপথাৰখন ফুটবল মেচৰ বাবে উপযোগী কৰি তোলাৰ বাবে তাত কাম আৰম্ভ কৰিছিল সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে ৷

লগতে পঢ়ক : তৃণমূলে বিপ্লৱ কুমাৰ দেৱৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে: কিশোৰ বৰ্মন

কিন্তু দেওবাৰে হঠাতে প্ৰশাসনৰ তৰফৰ পৰা অনুমতি নোপোৱাৰ বাবে ‘খেলা হবে দিৱস’ বাতিলৰ সিদ্ধান্ত লোৱা বুলি জনায় বিদ্যালয়খনৰ কৰ্তৃপক্ষই ৷ এই পৰিস্থিত মোডীৰ ৰাজ্যত খেলা হবে দিৱস উদযাপনত বাধা প্ৰধানৰ ক্ষেত্ৰত প্ৰশাসনৰ ভূমিকাক লৈ সৰৱ হৈ পৰিছে তৃণমূল ৷ তৃণমূল নেতা তথা দলটোৰ মুখপাত্ৰ তাপস ৰায়ে অভিযোগ কৰা অনুসৰি, সেই অঞ্চলৰ চৰকাৰ তথা স্থানীয় প্ৰশাসনৰ চাপত বাধ্য হৈ তেওঁলোকৰ অনুমতি বাতিল কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷

বিদ্যালয় কৰ্তৃপক্ষৰ এই ভূমিকাৰ পিছতে গুজৰাটত প্ৰশাসনৰ যি ভূমিকা সেয়া পৰিস্কাৰ হৈ পৰা বুলিও অভিযোগ তাপস ৰায়ৰ ৷ তেওঁ লগতে কয় যে, ‘প্ৰকৃততে বিজেপিয়ে তৃণমূলক লৈ শংকিত হৈছে ৷ তাৰবাবে ত্ৰিপুৰাত তৃণমূলৰ ওপৰত বাৰে বাৰে আক্ৰমণ হৈছে ৷’

গুজৰাটত শেষ মূহুৰ্তত তৃণমূলৰ অনুমোদন বাতিল কৰিলেও ত্ৰিপুৰাৰ একাধিক অঞ্চলত খেলা হবে দিৱস উদযাপন কৰিছে তৃণমূলে ৷ সোমবাৰে পুৱাই আগৰতলাৰ উত্তৰ বনমালীপুৰৰ পৰা ফুটবল খেলি খেলি ‘খেলা হবে’ শ্ল’গান দি ৰেলীও উলিয়ায় তৃণমূল কংগ্ৰেছে ৷ এই ৰেলীত উপস্থিত আছিল তৃণমূলৰ সাংসদ শান্তনু সেন, অৰ্পিতা ঘোষৰ লগতে তৃণমূলৰ নেতা-কৰ্মীসকল ৷

সোমবাৰে পুৱাই খেলা হবে দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে পশ্চিমবংগৰ ক্ৰীড়ামন্ত্ৰী মনোজ তিৱাৰীয়ে ৷ তেওঁ টুইটযোগে লিখে যে, "পশ্চিম বংগৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে এইবাৰ খেলা হবে ৷ খেলাই বিভাজনৰ দেৱাল ভাঙি মানুহক ঐক্যৱদ্ধ কৰে ৷ খেলাই কোনো ধৰ্ম বুজি নাপায়, খেলাই অধিকাৰৰ বাবে যুঁজ দিবলৈ শিকায় ৷ সকলোকে ‘খেলা হবে’ দিৱসৰ আন্তৰিক শুভেচ্ছা ৷ ভালে থাকক, খেলাত থাকক, সুস্থ থাকক ৷"

উল্লেখ্য যে, দেওবাৰে ত্ৰিপুৰাত তৃণমূলৰ দুই সাংসদ ক্ৰমে দোলা সেন আৰু অপৰূপা পোদ্দাৰৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপন হৈছিল ৷ স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ পৰা ওভটাৰ পথতে তেওঁলোক দুয়োৰে বাহনত আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে ৷ কিন্তু তৃণমূলৰ এই অভিযোগ অপপ্ৰচাৰৰ বুলি অভিযোগ ত্ৰিপুৰা বিজেপিৰ ৷

লগতে পঢ়ক : TMCৰ খেলা হবে শ্ল'গানক সমালোচনা জিষ্ণু দেৱবৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.