ETV Bharat / bharat

তীৰথ সিং ৰাৱটৰ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

বুধবাৰে গড়ৱালৰ বিজেপিৰ লোকসভাৰ সাংসদ তীৰথ সিং ৰাৱটৰ উত্তৰাখণ্ডৰ নৱ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ । প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটে মঙলবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগৰ পাচতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ তীৰথ সিং ৰাৱটৰ ।

author img

By

Published : Mar 10, 2021, 6:41 PM IST

তীৰাথ সিং ৰাৱটৰ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

নেশ্যনেল ডেস্ক, ১০ মাৰ্চ: বুধবাৰে গড়ৱালৰ বিজেপিৰ লোকসভাৰ সাংসদ তীৰথ সিং ৰাৱটৰ উত্তৰাখণ্ডৰ নৱ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ । প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটে মঙলবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাচতেই শপত গ্ৰহণ কৰে তীৰথ সিং ৰাৱটে । শপত গ্ৰহণৰ পূৰ্বে তীৰথ সিং ৰাৱটে ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে ৰাজ্যপাল বেবী ৰাণী মৌৰ্যক সাক্ষাৎ কৰিছিল । ৫৬ বছৰীয়া তীৰথ সিং ৰাৱটে বিজেপি বিধানমণ্ডলৰ নেতা হিচাপে নিৰ্বাচিত হৈছিল আৰু পৰৱৰ্তী সময়ত দলে তেওঁক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ দায়িত্ব অৰ্পণ কৰে ।

মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে, ৰাৱট বিজেপিৰ যুৱ শাখা উত্তৰ প্ৰদেশ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সদস্য আছিল । ১৯৯৭ চনত উত্তৰ প্ৰদেশ বিধান পৰিষদলৈ নিৰ্বাচিত হোৱাৰ পূৰ্বে তেওঁ কিছু সময়ৰ বাবে ৰাজ্যিক উপ-সভাপতি হিচাপেও দায়িত্বভাৰ গ্ৰহণ কৰিছিল । ২০০০ চনত উত্তৰাখণ্ডৰ প্ৰথম শিক্ষা মন্ত্ৰী আছিল ৰাৱট । ২০০৭ চনত প্ৰথমে বিজেপিৰ উত্তৰাখণ্ডৰ সাধাৰণ সম্পাদক হিচাপে আৰু পৰৱৰ্তী সময়ত ২০১৩ চনত দলৰ ৰাজ্যিক গোটৰ মুখ্য হিচাপে নিৰ্বাচিত হৈছিল । ২০১৩ৰ পৰা ২০১৫ চনলৈ উত্তৰাখণ্ডত বিজেপিৰ মুখ্য আছিল । ২০১৯ চনত গড়ৱাল লোকসভাৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় ৰাৱট ।

উল্লেখযোগ্য যে, উত্তৰাখণ্ডৰ বিজেপিৰ সাধাৰণ সম্পাদক দুশ্যন্ত কুমাৰ গৌতম আৰু ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড৹ ৰমণ সিঙে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক এক প্ৰতিবেদন দাখিল কৰাৰ পাচতে ত্ৰিবেন্দ্ৰ সিঙে পদত্যাগ কৰে । ২০১৭ চনৰ নিৰ্বাচনত বিজেপিয়ে উত্তৰাখণ্ড বিধানসভাত ৭০ খন আসনৰ ভিতৰত ৫৭ খন আসনত জয় লাভ কৰিছিল । আনহাতে, কংগ্ৰেছে মাত্ৰ ১১ খন আসনত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক: বাংলাদেশলৈ হস্তান্তৰ ভাৰতত আটক হোৱা দুই বাংলাদেশী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.