ETV Bharat / bharat

আইপিএফটিৰ সৈতে মিত্ৰতা সন্দৰ্ভত আৰু কথা নাপাতে TIPRA ই - প্ৰদ্যুত কিশোৰ দেৱবৰ্মাৰ

আঞ্চলিক মিত্ৰজোঁটৰ পৰা ফালৰি কাটিল আইপিএফটি ৷ আইপিএফটিৰ সৈতে মিত্ৰতা সন্দৰ্ভত আৰু কোনো কথা আলোচনা নকৰে TIPRA ই ৷ দেওবাৰে TIPRA ৰ ৰাজনৈতিক বিভাগৰ সাধাৰণ সম্পাদক অনিমেষ দেৱবৰ্মাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে এই কথা ৷

আইপিএফটিৰ সৈতে মিত্ৰতা সন্দৰ্ভত আৰু কথা নাপাতে TIPRA ই

author img

By

Published : Mar 7, 2021, 10:25 PM IST

ত্ৰিপুৰা, 7 মাৰ্চ: ত্ৰিপুৰাত নিৰ্বাচনী বতাহ বলি থকাৰ মাজতে আঞ্চলিক মিত্ৰজোঁটৰ পৰা আইপিএফটি দল ফালৰি কাটি যোৱাৰ পাছতে TIPRA ৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ দেৱবৰ্মাৰ থনছা (একতা) ৰ আহ্বানে মুখ থেকেচা খোৱা পৰিলক্ষিত হৈছে ৷ দেওবাৰে TIPRA ৰ ৰাজনৈতিক বিভাগৰ সাধাৰণ সম্পাদক অনিমেষ দেৱবৰ্মাই আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰি কয় যে, ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট’নোমাছ ডিষ্ট্ৰিক কাউঞ্চিল (টিটিএএডিচি) ৰ নিৰ্বাচনৰ বাবে আইপিএফটি দলৰ সৈতে আসন ভাগ বাটোৱাৰাক লৈ আলোচনা অনুষ্ঠিত হোৱাৰ আৰু কোনো সম্ভাৱনা নাই ৷

ৰাজন্দৰৰ উজয়ান্তা পেলেচত এখন সংবাদমেল সম্বোধন কৰি অনিমেষ দেৱবৰ্মাই কয় যে, শনিবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যবাহী কমিটিৰ এখন বৈঠকত TIPRA ৰ নেতৃবৃন্দই দলৰ শীৰ্ষ নেতৃত্বক আইপিএফটিৰ সৈতে মিত্ৰতা সন্দৰ্ভত সকলো আলোচনা শেষ কৰিবলৈ আহ্বান জনায় ৷ অৱশ্যে মিত্ৰতা সন্দৰ্ভত আইএনপিটি বৰ্তমানেও TIPRA ৰ সৈতে আলোচনাত আছে বুলি জানিবলৈ দি তেওঁ কয় যে, আলোচনাৰ শেষত লোৱা অন্তিম সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতে দলে সম্পূৰ্ণৰূপে নিৰ্বাচনত মনোনিৱেশ কৰিব ৷

লগতে পঢ়ক: সন্মুখত ত্ৰিপুৰা পৰিষদৰ নিৰ্বাচন: বাওঁপন্থী দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.