ETV Bharat / bharat

আনুষ্ঠানিকভাৱে একত্ৰিত হ’ল আইএনপিটি আৰু টিপ্ৰা মোথা

author img

By

Published : Jun 12, 2021, 3:58 PM IST

ত্ৰিপুৰাৰ আটাইতকৈ পুৰণি আঞ্চলিক ৰাজনৈতিক মৰ্চা আইএনপিটি শনিবাৰে আনুষ্ঠানিকভাৱে টিপ্ৰা মোথাৰে একত্ৰিত হয় ৷ বৃহত্তৰ টিপ্ৰালেণ্ডৰ বাবে যুঁজ তীব্ৰতৰ কৰাৰ বাবে দুয়োটা দলে আদৰ্শগত চৰ্তাৱলীত একত্ৰিত হয় ৷

TIPRA marks TUJS’s foundation dissolving INPT into it
আনুষ্ঠানিকভাৱে একত্ৰিত হ’ল আইএনপিটি আৰু টিপ্ৰা মোথা

আগৰতলা, 12 জুন: ত্ৰিপুৰাৰ ৰাজনৈতিক দৃশ্যপটৰ ক্ষেত্ৰত শনিবাৰৰ দিনটো আছিল যথেষ্ট গুৰুত্বপূৰ্ণ, কিয়নো শনিবাৰে ত্ৰিপুৰাৰ আটাইতকৈ পুৰণি আঞ্চলিক ৰাজনৈতিক মৰ্চা আইএনপিটি(INPT) আনুষ্ঠানিকভাৱে প্ৰদ্যুত কিশোৰ দেৱ বৰ্মনৰ নেতৃত্বাধীন টিপ্ৰা মোথা(TIPRA Motha)ত অন্তৰ্ভুক্ত হয় ৷ টিপ্ৰা মোথা ত্ৰিপুৰাৰ ৰাজনৈতিক ক্ষেত্ৰত আটাইতকৈ নতুন কিন্তু বৰ্তমান এই দল ৰাজ্যখনৰ দ্বিতীয় শক্তিশালী ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে ৷ সদ্যসমাপ্ত টিটিএএডিচি নিৰ্বাচন(TTAADC Election)ৰ ফলাফলত টিপ্ৰা মোথাই বৃহৎ জনসমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল ৷

বৃহত্তৰ টিপ্ৰালেণ্ডৰ বাবে যুঁজ তীব্ৰতৰ কৰাৰ বাবে, বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন আৰু ৰাজ্যখনত এনআৰচি অনুশীলনৰ দাবীৰ বিৰুদ্ধে আদৰ্শগত চৰ্তাৱলীত দুই দল একত্ৰিত হয় ৷ এই একত্ৰীকৰণ ৰাজ্যখনৰ এক ঐতিহাসিক ৰাজনৈতিক ঘটনা টিইউজেএছৰ প্ৰতিষ্ঠা দিৱসৰ সময়ত সম্পন্ন হৈছে ৷ উল্লেখ্য যে, টিইউজেএছ (ত্ৰিপুৰা উপজাতি যুৱ সমিতি) প্ৰথম আঞ্চলিক ৰাজনৈতিক দল যি এসময়ত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি ৰাজ্যখনত শাসন কৰিছিল ।

টিপ্ৰা মোথাৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ দেৱবৰ্মনে আনুষ্ঠানিকভাৱে প্ৰবীণ জনজাতীয় নেতা বিজয় কুমাৰ হৰংঘখৱালক দলৰ সভাপতি হিচাপে ঘোষণা কৰে ৷ ইয়াৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে, তেওঁ জ্যেষ্ঠসকলক সিদ্ধান্ত লোৱাৰ পদ প্ৰদান কৰাত উপযুক্ত গুৰুত্ব দিব বিচাৰে । বিষয়টো সন্দৰ্ভত বক্তব্য ৰাখি দেৱবৰ্মনে কয়, "মই আনুষ্ঠানিকভাৱে টিপ্ৰা মোথাৰ সভাপতি হিচাপে বিজয় কুমাৰ হৰংঘখৱালৰ নাম ঘোষণা কৰিছো । মই আশা কৰোঁ, হৰংঘখৱালে এটা আঞ্চলিক দল চম্ভালিবলৈ তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা ব্যৱহাৰ কৰি দক্ষতাৰে দায়িত্ব বহন কৰিব"।

লগতে পঢ়ক: ত্ৰিপুৰাৰ শাসকীয় দলসমূহ অশান্ত হৈ আছে: জিতেন্দ্ৰ চৌধুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.