ETV Bharat / bharat

ন-উদ্যোগীক উৎসাহিত কৰা উচিতঃ মন্ত্ৰী কলৱাকুণ্টলা টাৰাকা ৰামা ৰাও

author img

By

Published : Jan 6, 2021, 7:10 PM IST

নতুন ধাৰণা আৰু উদ্ভাৱনী শক্তিক উৎসাহিত কৰিবলৈ তেলেংগানাৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কলৱাকুণ্টলা টাৰাকা ৰামা ৰাওৰ পৰামৰ্শ । বি-টেক পাঠ্যক্ৰমত অধ্যয়নৰত শিক্ষাৰ্থীয়ে কৰা উদ্ভাৱনক স্বীকৃতি দিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ ।

উদ্ভাৱনী শক্তিক উৎসাহিত কৰাৰ পৰামৰ্শ তেলেংগানাৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰীৰ

নিউজ ডেস্ক, ৬ জানুৱাৰী: নতুন প্ৰযুক্তি আৰু ব্যতিক্ৰমী বাণিজ্যিক ধাৰণাক উৎসাহিত কৰা দেশসমূহে বৰ্তমান উন্নয়নৰ দিশত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে । এনে বহু প্ৰেৰণাদায়ক উদাহৰণ আছে যিয়ে ন-উদ্যোগীক আগুৱাই যোৱাত উৎসাহিত কৰিব । ইয়াৰ বিপৰীতে ভাৰত এখন এনেকুৱা দেশ য'ত শিক্ষাৰ মান নিম্নগামী হোৱাৰ বাবে অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহ বৰ্তমান একো একোটা উদ্যোগত পৰিণত হৈছে । উদ্যোগ সদৃশ এই অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত নিবনুৱা ডিগ্ৰীধাৰী প্ৰস্তুত কৰা হৈছে ।

এই সন্দৰ্ভত তেলেংগানাৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কলৱাকুণ্টলা টাৰাকা ৰামা ৰাওই বি-টেক পাঠ্যক্ৰমত অধ্যয়নৰত শিক্ষাৰ্থীয়ে কৰা উদ্ভাৱনক স্বীকৃতি প্ৰেৰণা যোগাবলৈ পৰামৰ্শ আগবঢ়াইছে । নতুন ধাৰণা আৰু উদ্ভাৱনী শক্তিক উৎসাহিত কৰিলে বহু ব্যক্তিক্ৰমী উদ্যোগ গঢ় লৈ উঠাৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । শিক্ষাৰ্থীসকলৰ এনে নতুন উদ্ভাৱনক বিমূৰ্ত আশা হিচাপে একাষৰীয়া কৰি নাৰাখি প্ৰতিখন ৰাজ্যকে ইয়াক কাৰ্যকৰী কৰাৰ দিশত আগবাঢ়িবলৈও অনুৰোধ জনায় তেলেংগানাৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰীগৰাকীয়ে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিকল্পনা কৰা আত্মনিৰ্ভৰ ভাৰতক বাস্তৱ ৰূপ দিবলৈ এতিয়াও বহু কাম কৰিবলৈ বাকী আছে বুলি মন্তব্য কৰে । হাইদৰাবাদত অনুষ্ঠিত হোৱা এণ্টাৰপ্ৰিণিউৰেল এণ্ড ইণ্ডাষ্ট্ৰিয়েল সন্মিলনত এইদৰে ন-উদ্যোগীক প্ৰেৰণা যোগাবলৈ বক্তব্য আগবঢ়ায় মন্ত্ৰী কলৱাকুণ্টলা টাৰাকা ৰামা ৰাওই । লগতে তেওঁ কয় যে, নতুনকৈ আৰম্ভ কৰা উদ্যোগসমূহক আৰ্থিকভাৱে সহায়ৰ আশ্বাস দিলে আৰু উদ্যোগীৰ তীক্ষ্ণ আৰু উদ্ভাৱনী ধাৰণাক প্ৰেৰণা দিলে যিকোনো প্ৰত্যাহ্বানৰে যুঁজ দিয়া সম্ভৱ হৈ পৰিব ।

ভাৰতত নতুনকৈ গঢ় লৈ উঠা বহু উদ্যোগলৈ COVID-১৯ৰ সংকটকালত বিপৰ্যয় নামি আহিছে । একে সময়তে চুবুৰীয়া ৰাষ্ট্ৰ চীনে উৎপাদন ক্ষেত্ৰত বিশ্বৰ মূল কেন্দ্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । সময়ে সময়ে চীনে প্ৰযুক্তিগত দিশৰ সুবিধা গ্ৰহণ কৰি আহিছে । ভাৰত চৰকাৰে দাবী কৰি আহিছে যে, তেওঁলোকৰ লক্ষ্য যে, দেশত নিবনুৱাৰ সংখ্যা বৃদ্ধি কৰাৰ বিপৰীতে নিযুক্তিৰ সুবিধা বৃদ্ধি কৰাৰ বাবে বিকাশ সাধন কৰা । এই ক্ষেত্ৰত নতুন ধাৰণাক উৎসাহিত কৰিলেহে দেশৰ অৱস্থা পৰিৱৰ্তন হ'ব ।

ইজৰাইল, ইংলেণ্ড, ৰাছিয়া, জাৰ্মানীৰ দৰে দেশত বিদ্যালয়তে কম্পিউটাৰ বিজ্ঞানৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰা হয় । ফলত তেওঁলোকে বৃহৎ অভিযান্ত্ৰিক উদ্ভাৱন লাভ কৰিবলৈ সক্ষম হৈছে । ভাৰতত জৱাহৰলাল নেহৰু টেকন'ল'জিকেল ইউনিভাৰ্ছিটিৰ দৰে শিক্ষানুষ্ঠানে শিক্ষাৰ্থীক নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ বাবে উৎসাহ যোগাই আহিছে । ন-উদ্যোগ আৰম্ভ কৰাৰ বাবে এনেদৰে উৎসাহিত কৰা কাৰ্য ৰাষ্ট্ৰীয় নীতিৰ অংশ হোৱা উচিত ।

হোৱাটছএপৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ফেচবুকত চাকৰি লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ পিছত ব্ৰিয়ান এক্টন আৰু জেন কৌমে ২০০৯ চনত হোৱাটছএপ আৰম্ভ কৰে । পে'টিএম, ফ্লিপকাৰ্ট, চুইগী, বাইজুচ, বিগ বাস্কেটও সাফল্যৰ কথা ৰাজহুৱা কৰে । গুণগত উদ্ভাৱনৰ দিশত পৰিৱৰ্তন অনাৰ বাবে পাঠ্যক্ৰমত নতুনত্ব অনাৰ লগতে উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা উচিত ।

লগতে পঢ়ক:অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ অৰূপ কুমাৰ গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.