ETV Bharat / bharat

নেপালত পুনৰবাৰ অ’লিৰ পক্ষত বৈছে নেকি সময়ৰ সোঁত ?

author img

By

Published : Mar 11, 2021, 10:12 PM IST

2018 চনৰ নিৰ্বাচনৰ পূৰ্বে অ’লি নেতৃতাধীন চিপিএন (CPN) আৰু প্ৰচণ্ড নেতৃতাধীন মাওবাদী-কেন্দ্ৰক একত্ৰিত কৰোৱা এন চিপি (নেপাল কমিউনিষ্ট পাৰ্টি) মৈত্ৰীক সোমবাৰে উচ্চতম ন্যায়লয়ে ভৎসৰ্ণা কৰে ৷ যাৰ ফলত অ’লিয়ে কিছু পৰিমাণে সকাহ অনুভৱ কৰিছে ৷

time-is-again-on-oils-side-in-nepal
নেপালত পুনৰবাৰ অ’লিৰ পক্ষত বৈছে নেকি সময়ৰ সোঁত?

নেপালত সময়ৰ সোঁত পুনৰবাৰ অ’লিৰ পক্ষত বৈছে ? সুৰেন্দ্ৰ ফুয়াল কাঠমাণ্ডু ৷ বোধহয় সময়ৰ সোঁত যেন পুনৰবাৰ নেপালৰ প্ৰধানমন্ত্ৰী কে পি অ’লিৰ পক্ষত বৈছে ৷ 2018 চনৰ নিৰ্বাচনৰ পূৰ্বে অ’লি নেতৃতাধীন চিপিএন (CPN) আৰু প্ৰচণ্ড নেতৃতাধীন মাওবাদী-কেন্দ্ৰক একত্ৰিত কৰোৱা এনচিপি (নেপাল কমিউনিষ্ট পাৰ্টি) মৈত্ৰীক সোমবাৰে উচ্চতম ন্যায়লয়ে ভৎসৰ্ণা কৰে ৷ যাৰ ফলত অ’লিয়ে কিছু পৰিমাণে সকাহ অনুভৱ কৰিছে ৷ তেওঁক যথেষ্ট সুখী দেখা গৈছিল ৷ কিন্তু সুখী হোৱাৰ কাৰণ কি হ’ব পাৰে ? তেওঁ ভাৱে তেওঁ ইউএমএলৰ ‘বৈধ্য গোট’টোৰ নেতৃত্ব বহন কৰে ৷ কিন্তু অসন্তুষ্ট গোটটিৰ নেতৃত্ব ল’বলৈ মাধৱ নেপাল পুনৰ ইউ এম এল লৈ ঘূৰি আহিছে ৷ নেপালৰ ক্ষমতাসীন দলটো টুকুৰা টুকুৰ হৈ গৈয়ে আছে যাৰ ফলত দলটোৰ জঞ্জাল কোনো গুণে কমা নাই ৷ নতুনকৈ অ’লি বিৰোধী জোটবন্ধন এটা গঠন কৰি পুনৰ তেওঁৰ পুৰণি দল মাওবাদী কেন্দ্ৰলৈ ওভতি গৈছে ৷

মাধৱ নেপালে উচ্চতম ন্যায়ালয়ে ইউ এম এল আৰু মাওবাদী কেন্দ্ৰক পুনুৰুজ্জীৱিত কৰাৰ পাচত তেওঁৰ নতুন সহযোগী প্ৰচণ্ডৰ পৰা আঁতৰি গৈছে ৷ অৱশ্যে 2017 বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ পাচত এন চি পিক একত্ৰিত কৰাৰ ধাৰণাটো দিয়া মানুহজন আছিল অলিয়েই ৷ এই ধাৰণাটো যে সঠিক আছিল তাৰ প্ৰমাণ পোৱা গৈছিল তেতিয়া, যেতিয়া দলটোৱে সৰ্বাধিক আসন লাভ কৰি আটাইতকৈ শক্তিশালী দল হিচাপে পৰিগণিত হৈছিল ৷ হিমালয়ৰ দক্ষিণত কমিউনিষ্ট দলৰ সংযুক্ত গোট এটাই ৰণত শেষ হাঁহিটো মৰা কাৰ্যত চীনক যথেষ্ট সন্তুষ্ট দেখা গৈছিল ৷ আনহাতে দিল্লীৰ বাবে সেইয়া আছিল এক অস্বস্তিকৰ মূহুৰ্ত৷ প্ৰায় তিনি মাহ পূৰ্ৱে অ’লিয়ে প্ৰতিনিধি সভা ভংগ কৰি দিয়াৰ পাচত নতুনকৈ অ’লি বিৰোধী সমীকৰণ আৰম্ভ হৈছিল ৷ বহুতকে হতবাক কৰি প্ৰচণ্ড আৰু নেপালকে ধৰি তেওঁৰ নিজৰ দলৰেই কমৰেড সকলে লোৱা এই পদক্ষেপ আছিল অপ্ৰত্যাশিত ৷ কিন্তু 23 ফেব্ৰুৱাৰীত উচ্চতম ন্যায়লয়ে এক অভূতপূৰ্ৱ নজিৰ দাঙি ধৰি সাধাৰণ কথাতে অ’লিৰ দৰে প্ৰতিনিধি সভা ভংগ কৰাৰ মানসিকতা পুহি ৰখা ভৱিষ্যতৰ প্ৰধান মন্ত্ৰী সকলৰ বাবে এক সাৱধান বাণী জাৰি কৰি ভংগ সভাখন পুনৰ বাহাল কৰিবলৈ দিয়া নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এই সংকটটোও মোচন হৈছিল ৷ এই সপ্তাহত ঘটনাক্ৰমৰ পুনৰ পৰিৱৰ্তন ঘটে ৷

এন চি পিৰ একতাক প্ৰত্যাখ্যান কৰি উচ্চতম ন্যায়ালয়ে দেওবাৰে দিয়া নিৰ্দেশটিৱে ৰাজনীতিক পুনৰ 2017 চনৰ নিৰ্বাচনী দিনবোৰলৈ লৈ গ’ল, যেতিয়া ইউ এম এল আৰু মাওবাদী কেন্দ্ৰ দুটা পৃথক ৰাজনৈতিক শক্তি আছিল ৷ উচ্চতম ন্যায়ালয়ৰ ৰায়টোৰ অৰ্থ আছিল যে অ’লিকে ধৰি নেপাল, প্ৰচণ্ড আৰু অন্যান্য সকলৰ মাজত থকা বৰ্তমানৰ প্ৰভেদ সমূহ পাহৰি সংকট দূৰ কৰিব লাগে ৷ নিৰ্দেশটোৱে বুজাইছিল যে কমিউনিষ্ট সকলে সংসদীয় আসন আৰু সংখ্যা ৰক্ষা কৰিবলৈ তেওঁলোকৰ পুৰণি দলৰ সৈতে লগলাগি থাকিব লাগিব কিয়নো অ’লিৰ পক্ষে অনাস্থা ভোটৰ সংখ্যা বেছি ৷ উচ্চতম ন্যায়ালয় নিৰ্দেশেটোৱে এন চি পিক সীমাবদ্ধ কৰি পেলালে ৷ বৰ্তমান প্ৰতিনিধি সভাৰ নিম্ন সদনত 121 খন আসনেৰে ইউ এম এল হৈছে আটাইতকৈ সংখ্যা গৰিষ্ঠ দল ৷ ইউ এম এলৰ পাচতেই আছে 63 খন আসনেৰে নেপালী কংগ্ৰেছ, 53 খন আসনেৰে মাওবাদী-কেন্দ্ৰ হৈছে তৃতীয় বৃহৎ দল, আনহাতে 34 খন আসনেৰে চতুৰ্থ স্থানত আছে বাবুৰাম ভট্টাৰায় নেতৃত্বাধীন সমাজবাদী দল (জে এছ পি) ৷ ইয়াৰ বিপৰীতে আন তিনিটা সৰু সৰু দল আৰু এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে 275 খন আসন থকা সদনত ক্ৰমান্বয়ে একোখনকৈ আসন দখল কৰি আছে ৷

মূৰৰ ওপৰত অনাস্থা প্ৰস্তাৱৰ আশংকা ওলমি থকা অ’লি, নেপাল আৰু প্ৰচণ্ডই আন্তঃদলীয় শক্তি সুদৃঢ় কৰি তুলিবলৈ লগতে কোনো উপযুক্ত সহযোগী বাচনি কৰিবলৈ প্ৰস্তুতি তুংগত কৰিছে ৷ সম্প্ৰতি নেপাৰ ৰাজনীতিত দ্ৰুত গতিত পট পৰিৱৰ্তন হ’বলৈ ধৰিছে ৷ কোনেও ক’ব নোৱাৰে যে শেষত জয়ী হ’বগৈ কোন ৷ আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল, অ’লিৰ সংকট আঁতৰিলে নে ? নিজৰ কমৰেড সকলৰ পৰাই অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’বলৈ ওলোৱা তেওঁৰ চৰকাৰখন এতিয়া সুৰক্ষিত নে ? এটা কথা সুনিশ্চিত যে যেতিয়া প্ৰচণ্ড আৰু মাধৱ নেপাল সহিতে অ’লিৰ পদত্যাগৰ বাবে দাবী জনোৱা তেওঁৰ দলৰে প্ৰাক্তন কমৰেড সকলে যেতিয়া তেওঁৰ বিৰুদ্ধে প্ৰতিবাদক কৰিছিল তাক শান্ত কৰিবলৈ অ’লিৰ প্ৰসাশনে যি ধৰণেৰে সংগ্ৰাম কৰিব লগীয়া হৈছিল, তাৰ তুলনাত বৰ্তমানৰ সপ্তাহ কেইটাত অ’লিক অধিক আত্মবিশ্বাসী আৰু শক্তিশালী ৰূপত দেখা গৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.