ETV Bharat / bharat

টিক টক প্ৰেমৰ পৰিণতি: মধ্য প্ৰদেশত উদ্ধাৰ ত্ৰিপুৰাৰ নাবালিকা

ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিয়ামুৰাৰ এগৰাকী নাৱালিকাক 3 মাহৰ অন্তত উদ্ধাৰ কৰিলে ত্ৰিপুৰা আৰক্ষীয়ে ৷ টিক টকৰ জৰিয়তে মধ্যপ্ৰদেশৰ এজন নাবালকৰ সৈতে প্ৰেমৰ পৰিণতিত পলাই গৈছিল তেলিয়ামুৰাৰ নাবালিকা গৰাকী ৷

মধ্য প্ৰদেশত উদ্ধাৰ ত্ৰিপুৰাৰ নাৱালিকা
টিকটক প্ৰেমৰ পৰিণতি
author img

By

Published : Mar 23, 2021, 10:12 AM IST

আগৰতলা, 23 মাৰ্চ : ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিয়ামুৰাৰ এগৰাকী নাবালিকাক 3 মাহৰ অন্তত উদ্ধাৰ কৰিলে ত্ৰিপুৰা আৰক্ষীয়ে ৷ টিক টকৰ জৰিয়তে মধ্যপ্ৰদেশৰ এজন নাবালকৰ সৈতে প্ৰেমৰ পৰিণতিত পলাই গৈছিল তেলিয়ামুৰাৰ নাবালিকা গৰাকী ৷

সোমবাৰে আৰক্ষীৰ এটা দলে নাবালিকা গৰাকীক উদ্ধাৰ কৰি পৰিয়ালৰ হাতত গতাই দিয়ে ৷ আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, টিক টকৰ জৰিয়তে দুয়োগৰাকীৰ মাজত প্ৰেমৰ সূত্ৰপাত হৈছিল ৷ ইয়াৰ পাচতে 29 জানুৱাৰীৰ দিনা নাবালিকা গৰাকীয়ে মোহাৰচেৰাৰ তেলিয়ামুৰাস্থিত বাসগৃহৰ পৰা পলায়ন কৰে ৷

30 জানুৱাৰীৰ দিনা পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷ প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে নাবালিকা গৰাকীৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হয় ৷ টেলিকম চাৰ্ভিছ প্ৰভাইডাৰৰ সহায়ত মধ্য প্ৰদেশৰ ভোজপুৰত বাস কৰা নাবালক যুৱকজনৰ তথ্য লাভ কৰে আৰক্ষীয়ে ৷

ইয়াৰ পাচতে আৰক্ষীৰ এটা দল মধ্য প্ৰদেশত উপস্থিত হৈ ভোজপুৰৰ এটা ভাড়া ঘৰৰ পৰা দুয়োকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ নাবালিকা গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাচতে আৰক্ষীয়ে পৰিয়ালৰ হাতত গতাই দিয়াৰ বিপৰীতে যুৱকজনক মধ্য প্ৰদেশ আৰক্ষীয়ে আটক কৰে ৷

দুয়োগৰাকীয়ে এই কথা স্বীকাৰ কৰে যে, তেওঁলোক টিক টকৰ জৰিয়তে চিনাকী হৈছিল ৷ উল্লেখ্য যে, টিক টক ভাৰতত নিষিদ্ধ কৰি দিয়াৰ পাচতো ইয়াৰ প্ৰভাৱ হ্ৰাস পোৱা নাই ৷

লগতে পঢ়ক : পশ্চিম বংগ নিৰ্বাচন:মমতাৰ বাবে কঠিন যুঁজ, কিন্তু জয়ে দিব পাৰে ৰাষ্ট্ৰীয় স্বীকৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.