ETV Bharat / bharat

Bomb recovered in Jharkhand : ভয়ংকৰ কূটাঘাতৰ পৰা কথমপি ৰক্ষা ঝাৰখণ্ড

author img

By

Published : Dec 25, 2021, 3:09 PM IST

ঝাৰখণ্ড আৰক্ষীৰ অভিযানত উদ্ধাৰ বুজন পৰিমানৰ বিস্ফোৰক সামগ্ৰী । ৰাজ্যখনৰ লাতেহাৰ জিলাত উদ্ধাৰ প্ৰায় ২৫ টা টিফিন আৰু কেন বোমা (Tiffin and cane bombs recovered in Jharkhand)। ইতিমধ্যে নিস্ক্ৰিয় কৰা হৈছে বোমাকেইটা ।

Bomb recovered in Jharkhand
Bomb recovered in Jharkhand

নেশ্যনেল ডেস্ক,২৫ ডিচেম্বৰ : শেহতীয়াকৈ পাঞ্জাৱৰ লুধিয়ানাত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে (Blast in Ludhiana District Court)। বৃহস্পতিবাৰে সংঘটিত এই বিস্ফোৰণত এগৰাকী ব্যক্তিৰ মৃত্যু হয় । ইয়াৰ পাছতে সষ্টম হৈছে বিভিন্ন ৰাজ্যৰ আৰক্ষী । উগ্ৰপন্থীয়ে বোমা বিস্ফোৰণৰ বাবে বিভিন্ন পন্থা লোৱাৰ তথ্যও পোহৰলৈ আহিছে ।

ইয়াৰ মাজতে ঝাৰখণ্ড আৰক্ষীৰ এক বৃহৎ সফলতা । ৰাজ্যখনৰ লাতেহাৰ জিলাত উদ্ধাৰ প্ৰায় ২৫ টা টিফিন আৰু কেন বোমা (Tiffin and cane bombs recovered in Jharkhand)। জিলাখনৰ অৰণ্যত এক অভিযানৰ মাজতে আৰক্ষীয়ে উদ্ধাৰ কৰে বোমাকেইটা ।

এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে বোমা বিশেষজ্ঞৰ দলৰ সৈতে বৰৱাই কালান গাঁৱৰ ওচৰত অভিযান চলাইছিল । অভিযানৰ মাজতে উদ্ধাৰ হয় বোমাকেইটা ।

শুকুৰবাৰে বোমাকেইটা নিষ্ক্ৰিয় কৰা হয় । এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে অৰণ্যখনত উগ্ৰপন্থী থকাৰো তথ্য লাভ কৰিছিল আৰক্ষীয়ে । ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্তৰ লগতে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লক্ষণীয়ভাৱে বোমাখিনি উদ্ধাৰ হোৱাৰ লগে লগে স্বস্তিৰ নিশ্বাস পেলাইছে আৰক্ষী তথা ৰাজ্যবাসীয়ে । কিয়নো এই বৃহৎ পৰিমাণৰ বোমাৰে নিশ্চিত ভাৱে উগ্ৰপন্থীয়ে ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা কৰিছিল । কিন্তু আৰক্ষীৰ সঠিক অভিযানৰ বাবে সময় মতে বোমাখিনি উদ্ধাৰ কৰি নিস্ক্ৰিয় কৰা হৈছে ।

লগতে পঢ়ক :Ludhiana Court blast: বিস্ফোৰণৰ সৈতে ড্ৰাগছ মাফিয়া জড়িত থকাৰ সন্দেহ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.