ক'ভিড গৱেষণাৰ বাবে ভিয়েটনামী প্ৰতিষ্ঠানৰে বুজাবুজি চুক্তি ভাৰতীয় সংস্থাৰ - ভিয়েটনামৰ ৰাষ্ট্ৰদূত
ক'ভিড সম্পৰ্কীয় গৱেষণাৰ বাবে এইবাৰ ভাৰতে ভিয়েটনামৰ সৈতে বুজাবুজি চুক্তি সম্পন্ন কৰিছে । চুক্তি স্বাক্ষৰ কৰা ভিয়েটনামৰ ফাৰ্মাচিউটিকেল কোম্পানী নেন'জেন ফাৰ্মাচিউটিকেল বায়োটেকন'লজী জেএছচিয়ে ইতিমধ্যে এক নতুন ক'ভিড প্ৰতিষেধক প্ৰস্তুত কৰিছে ।
![ক'ভিড গৱেষণাৰ বাবে ভিয়েটনামী প্ৰতিষ্ঠানৰে বুজাবুজি চুক্তি ভাৰতীয় সংস্থাৰ THSTI](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-13156629-141-13156629-1632463022003.jpg?imwidth=3840)
নেশ্যনেল ডেস্ক, ২৪ ছেপ্টেম্বৰ : বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনত জৈৱ প্ৰযুক্তি বিভাগৰ ট্ৰেনচলেশ্যন স্বাস্থ্য বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (THSTI)য়ে ভিয়েটনামৰ ফাৰ্মাচিউটিকেল কোম্পানী নেন'জেন ফাৰ্মাচিউটিকেল বায়োটেকন'লজী জেএছচিৰ (Nanogen Pharmaceutical Biotechnology JSC) সৈতে এক গৱেষণা আৰম্ভ কৰিছে । ক'ভিড সম্পৰ্কীয় গৱেষণা আৰম্ভ কৰিছে দুয়োটা প্ৰতিষ্ঠানে ।
উল্লেখ্যে যে ভিয়েটনামৰ ফাৰ্মাচিউটিকেল কোম্পানী নেন'জেন ফাৰ্মাচিউটিকেল বায়োটেকন'লজী জেএছচিয়ে ক'ভিডৰ এক নতুন প্ৰতিষেধক প্ৰস্তুত কৰি আছে । ক'ভিড প্ৰতিষেধকৰ গৱেষণাৰ ক্ষেত্ৰত শীৰ্ষত আছে THSTI । ভাৰতত ভিয়েটনামৰ ৰাষ্ট্ৰদূত ফাম চান চাউৰ নেতৃত্বত নেন'জেন ফাৰ্মাচিউটিকেলৰ এটা দলে বৃহস্পতিবাৰে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ THSTI ত উপস্থিত হয় ।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি THSTIৰ সঞ্চালক প্ৰমোদ গাৰ্গে অন্যান্য ক্ষেত্ৰৰ উপৰিও বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আৰু ভিয়েটনামৰ মাজত দ্বিপাক্ষিক সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । গাৰ্গে THSTI আৰু নেন'জেন ফাৰ্মাচিউটিকেলৰ মাজত হোৱা চুক্তিত সহযোগিতা আগবঢ়োৱাৰ বাবে ভিয়েটনামৰ ৰাষ্ট্ৰদূতক ধন্যবাদ জ্ঞাপন কৰে আৰু আশা প্ৰকাশ কৰে যে এই সহযোগিতাই মহামাৰীৰ বিৰুদ্ধে সামূহিক যুঁজ আৰু অধিক শক্তিশালী কৰাৰ বাবে আন এক প্ৰতিষেধক যোগ দিব পাৰিব ।
ভিয়েটনামত ভাৰতীয় ৰাষ্ট্ৰদূত প্ৰণয় বাৰ্মাই সহযোগিতাৰ বিস্তৃত বিষয়সমূহৰ বিষয়ে কয় আৰু ক'ভিড মহামাৰীৰ সময়ত ভিয়েটনামক সমৰ্থন আৰু সহায় কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে । অক্সিজেন টেংকাৰ আৰু কনচেণ্ট্ৰেটৰৰ যোগানকে ধৰি বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াইছিল ভাৰতে ।
নেন'জেনৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিষেধক নেন'কোভাক্সৰ মূল্যাংকনৰ বাবে তেওঁলোকৰ সমৰ্থন আগবঢ়োৱাৰ বাবে ফাম চান চাউয়ে THSTI আৰু ভাৰত চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ কয় যে এই সহযোগিতাই ভাৰত-ভিয়েটনামৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত সুদূৰ প্ৰসাৰী ইতিবাচক প্ৰভাৱ পেলাব । চাউয়ে কয় যে, এই বুজাবুজি চুক্তিয়ে ভাৰত আৰু ভিয়েটনামৰ মাজত এনে ধৰণৰ অধিক সুযোগৰ পথ প্ৰশস্ত কৰিব আৰু দুয়োখন দেশতে প্ৰতিষেধকৰ গৱেষণাত অৰিহণা যোগাব ।
লগতে পঢ়ক : ভাৰতত বিনিয়োগৰ প্ৰতিশ্ৰুতি আমেৰিকাৰ কৰ্পোৰেট গোষ্ঠীৰ