ETV Bharat / bharat

Rampur teens accident : মৰ্মান্তিক ! ৰাস্তাৰ কুকুৰক বচাবলৈ গৈ মৃত্যু 3 জনৰ

author img

By

Published : Jul 25, 2023, 9:30 AM IST

দিল্লী-নাইনিতাল ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা ৷ মৃত্যু তিনিজন কিশোৰৰ ৷ মৃত কিশোৰকেইজন চৈয়দ জায়ান, মহম্মদ আহদ আৰু মহম্মদ উমাই ৷

three die trying to avoid hitting dog
বাটৰ কুকুৰক বচাবলৈ গৈ মৃত্যু 3 জনৰ

নেশ্যনেল ডেস্ক, 25 জুলাই : উত্তৰ প্ৰদেশৰ ৰামপুৰ চহৰৰ দিল্লী-নাইনিতাল ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা ৷ পথৰ মাজত ৰৈ থকা এটা কুকুৰৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ থিতাতে মৃত্যু ঘটে দুই কিশোৰৰ, আন এজনৰ মৃত্যু হয় হাস্পতালত ৷ জানিব পৰা মতে পথৰ মাজত থকা কুকুৰটোক ৰক্ষা কৰিবলৈ তিনিগৰাকী স্কুটী আৰোহীয়ে ডিভাইডাৰত খুন্দা মাৰে । মৃত কিশোৰকেইজন চৈয়দ জায়ান, মহম্মদ আহদ আৰু মহম্মদ উমাইৰ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

উল্লেখ কৰা প্ৰয়োজন যে, মৃত আটাইকেইজন কিশোৰৰে নাছিল গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ ৷ আনকি দুচকীয়া বাহন চলোৱাৰ সময়ত যুৱককেইজনে হেলমেট পৰিধান কৰা নাছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । সোমবাৰে ৰামপুৰ চহৰৰ ব্যস্ত চাৰিলেনযুক্ত দিল্লী-নাইনিতাল 87 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ ঘটনাটো । মৃত কিশোৰকেইজন 16-17 বছৰ বয়ষৰ হ’ব বুলি জানিবলৈ পৰা গৈছে ৷

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচতে আটাইকেইজনকে চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ অৱশ্যে দুজন কিশোৰক পূৰ্বেই মৃত বুলি ঘোষণা কৰাৰ বিপৰীতে তৃতীয় কিশোৰজন আধা ঘণ্টাৰ পিছত মৃত্যু হয় বুলি জানিবলৈ পৰা গৈছে । আটাইকেইজনে কিশোৰে ৰামপুৰৰ স্থানীয় গঞ্জ অঞ্চলৰ বাসিন্দা আছিল আৰু আটাইকেইজন নলে-গলে লগা বন্ধু আছিল বুলি আৰক্ষীয়ে জনায় । ৰাস্তাৰ কুকুৰটো এজন কিশোৰৰ স্কুটিৰ সন্মুখলৈ আহিছিল আৰু কুকুৰটোক ৰক্ষা কৰিবলৈ বিচাৰি নিয়ন্ত্ৰণ হেৰুৱায় ডিভাইডাৰত খুন্দা মাৰে কিশোৰজনে বুলি কয় এজন প্ৰত্যক্ষদৰ্শীয়ে ।

ৰামপুৰৰ সহকাৰী আৰক্ষী অধীক্ষক সংসাৰ সিঙে অভিভাৱকসকলে বাইক চলাওঁতে নিজৰ সন্তানক সুৰক্ষা পদ্ধতিৰ বিষয়ে জনোৱাৰ পোষকতা কৰে ৷ আনকি এনেবোৰ বিষয়ত বিদ্যালয়সমূহৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি কয় ৷ উল্লেখ্য যে, সোমবাৰৰ পুৱা প্ৰায় 7.30 বজাত আহাদ আৰু উমাইৰে জায়ানক স্কুলত স্কুটিৰে থবলৈ যোৱাৰ সময়তে সংঘটিত হয় শোকাৱহ ঘটনাটো ।

লগতে পঢ়ক : Mob surrounded CM office: গাৰো গোটৰ সৈতে চলা বৈঠকৰ সময়তে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অতৰ্কিতে আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.