ETV Bharat / bharat

ত্ৰিপুৰা কেবিনেটৰ সম্প্ৰসাৰণ : তিনিগৰাকী নতুন মন্ত্ৰীৰ শপত গ্ৰহণ - শপত লোৱা তিনিওজনে যুৱ নেতা

ত্ৰিপুৰা মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত হ'ল তিনিগৰাকী যুৱ নেতাৰ নাম । ৰাজভৱনত নতুন মন্ত্ৰী হিচাপে শপত ল'লে পাবিয়াচেৰা বিধানসভা সমষ্টিৰ বিধায়ক ভগৱান দাস, সূৰ্যমণি নগৰ বিধানসভাৰ বিধায়ক ৰাম প্ৰসাদ পল আৰু বিধায়ক সুশান্ত চৌধুৰীয়ে । মন্ত্ৰীত্ব লাভ কৰি যথেষ্ট আনন্দিত ত্ৰিপুৰাৰ যুৱ নেতা কেইজন ।

Tripura cabinet reshuffle
ত্ৰিপুৰা কেবিনেটৰ সম্প্ৰসাৰণ
author img

By

Published : Sep 1, 2021, 12:14 PM IST

আগৰতলা, ১ ছেপ্তেম্বৰ : ত্ৰিপুৰাত প্ৰায় তিনিবছৰ ছমাহ কাল শাসনৰ পাছত বিজেপিয়ে প্ৰথমবাৰলৈ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিছে । হাই কমাণ্ডৰ সেউজ সংকেতৰ পাছতে তিনি নতুন আৰু উদ্যমী মুখৰ সংযোজন ঘটিছে মন্ত্ৰীসভাত । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কেইটামান গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব এৰিছে । ইফালে তিনিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভূক্তিৰ লগে লগে ৰাজ্যিক কেবিনেটৰ শক্তি মুঠ ১২ টাৰ ভিতৰত ১১ লৈ বৃদ্ধি পালে ।

অৱশ্যে সকলো খালী পদ কিয় পূৰণ কৰা হোৱা নাই তাক লৈ কোনো মন্তব্য দিয়া নাই মুখ্যমন্ত্ৰীয়ে । নতুন তিনিগৰাকী মন্ত্ৰী হ'ল ক্ৰমে পাবিয়াচেৰা বিধানসভা সমষ্টিৰ বিধায়ক ভগৱান দাস, সূৰ্যমণি নগৰ বিধানসভাৰ বিধায়ক ৰাম প্ৰসাদ পল আৰু অন্যতম বিসম্বাদী নেতা হিচাপে পৰিচিত বিধায়ক সুশান্ত চৌধুৰী ৷

Sushanta Chowdhury
বিধায়ক সুশান্ত চৌধুৰীৰ মন্ত্ৰীৰূপে শপত গ্ৰহণ

লক্ষণীয়ভাৱে ৰাম প্ৰসাদ পল আৰু সুশান্ত চৌধুৰী দীৰ্ঘদিন ধৰি বিধায়ক সুদীপ ৰয় বৰ্মনৰ নেতৃত্বৰ বিসম্বাদী শিবিৰৰ অন্যতম নেতা আছিল । যোৱা কেইমাহমানত মুখ্যমন্ত্ৰীৰ শিবিৰত দুয়োগৰাকী নেতাই যোগ দিছিল আৰু মুখ্যমন্ত্ৰী দেৱৰ অতি ঘনিষ্ঠ হৈ পৰিছিল ।

Ram Prasad Paul
বিধায়ক ৰাম প্ৰসাদ পলৰ শপত গ্ৰহণ

আনহাতে ভগৱান দাস মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ এগৰাকী অনুগামী লগতে প্ৰাৰম্ভিক পৰ্যায়ত দলৰ সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল ।

Bhagaban Das
পাবিয়াচেৰা বিধানসভা সমষ্টিৰ বিধায়ক ভগৱান দাসৰ শপত গ্ৰহণ

নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ পাছতে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে তেওঁৰ চৰকাৰৰ নতুন কেবিনেট সদস্যসকলক অভিনন্দন জনায় । লগতে তেওঁ আশা কৰে যে নতুনকৈ অন্তৰ্ভুক্ত মন্ত্ৰীসকলে নিশ্চিতভাৱে দল আৰু চৰকাৰৰ আশা পূৰণ কৰিব । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে সকলোকে পথ প্ৰদৰ্শন কৰি আহিছে সেয়ে সকলোৰে লক্ষ্য হ'ব লাগে জনসাধাৰণৰ সামগ্ৰিক বিকাশ ।

তেওঁ উল্লেখ কৰা মতে শপত লোৱা তিনিওজনে যুৱ নেতা । প্ৰাক নিৰ্বাচনী প্ৰতিশ্ৰুতি সন্দৰ্ভত তেওঁ কয় যে ইতিমধ্যে বিজেপি চৰকাৰৰ প্ৰায়বোৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ হোৱাৰ পথত আৰু বাকী প্ৰতিশ্ৰুতিবোৰো অতি শীঘ্ৰে পূৰণ কৰা হ'ব । নতুনকৈ শপত গ্ৰহণ কৰা মন্ত্ৰী সুশান্ত চৌধুৰীয়ে কয় যে বিজেপিৰ সৈতে সমগ্ৰ যুৱ শক্তি আছে । তেওঁৰ মতে ২০১৮ চনৰ নিৰ্বাচনত যুৱসকলে বিজেপিক ক্ষমতালৈ আনিছে ।

সুশান্ত চৌধুৰীৰ মতে বিজেপিয়ে জাতি, ধৰ্ম, লিংগ বা বৰ্ণ নিৰ্বিশেষে মানুহৰ সামগ্ৰিক বিকাশৰ প্ৰতিশ্ৰুতি দিছে । চৰকাৰে দিয়া বাকী থকা বহুতো প্ৰতিশ্ৰুতিও ২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পূৰণ কৰা হ'ব । তৃণমূল কংগ্ৰেছৰ বিষয়ে সোধাত তেওঁ স্পষ্টভাৱে কয় যে ত্ৰিপুৰাত তৃণমূলৰ কোনো ভৱিষ্যত নাই আৰু ই এক এনেকুৱা শক্তি যি ত্ৰিপুৰাৰ মাটিত বাৰে বাৰে বিফল হৈছে ।

শপত গ্ৰহণ অনুষ্ঠানৰ পাছতে নতুন মন্ত্ৰী ৰাম প্ৰসাদ পলে সংবাদ মাধ্যমৰ আগত আনন্দ প্ৰকাশ কৰা দেখা যায় । তেওঁ নতুন মন্ত্ৰী হিচাপে দায়িত্ব লৈ যথেষ্ট সুখী যদিও কিছু পৰিমাণে ভয় খাইছে বুলিও তেওঁ উল্লেখ কৰে । কাৰণ নতুন কামত তেওঁ ভাল প্ৰদৰ্শন কৰিব লাগিব । ইফালে নতুন কামত সকলোৰে পৰা সহায় বিচাৰিলে মন্ত্ৰী ভগৱান দাসে ।

ত্ৰিপুৰাৰ নতুন মন্ত্ৰী সম্প্ৰসাৰণৰ লগে লগে এতিয়া ৰাজ্যখনত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে । বহুতৰ মতে তীক্ষ্ণ বুদ্ধি সম্পন্ন প্ৰাক্তন নেতা আৰু উদীয়মান নেতাৰ সমাহাৰেৰে ত্ৰিপুৰা চৰকাৰ এতিয়া শক্তিশালী ৰূপত থিয় দিছে । আনহাতে বহুতৰ মতে ত্ৰিপুৰাৰ মন্ত্ৰীসভাত প্ৰকৃত বিজেপি নেতাৰ সংখ্যাও বৃদ্ধি পাইছে ।

যদিও বিজেপি-আইপিএফটি মিত্ৰজোঁটে ৰাজ্যখন চলাই আছে, গুৰুত্বপূৰ্ণ দপ্তৰবোৰ প্ৰাক্তন কংগ্ৰেছী নেতাৰ হাতত আছে । প্ৰাক্তন মন্ত্ৰী সুদীপ ৰয় বৰ্মন, মন্ত্ৰী প্ৰাণজিৎ সিংগা ৰয় বা ৰতন লাল নাথ এই সকলো নেতা মূলতঃ কংগ্ৰেছৰ আছিল । প্ৰকৃত বিজেপি নেতা আছিল মাত্ৰ তিনিজন । মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ (CM Biplab Kumar Deb), উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মা (Deputy CM Jishnu Dev Varma) আৰু সমাজ কল্যাণ মন্ত্ৰী ছাণ্টানা চাকমা (Social Welfare minister Santana Chakma) । এতিয়া ৰাম প্ৰসাদ পল আৰু ভগৱান দাসৰ সৈতে প্ৰকৃত বিজেপি নেতাৰ মুঠ সংখ্যা হ'লগৈ পাঁচগৰাকী ।

লগতে পঢ়ক : 3 ছেপ্তেম্বৰৰ পৰা পুনৰ মুকলি হ'ব ভাৰত-বাংলাদেশ বিমান সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.