নেশ্যনেল ডেস্ক,১৭ ছেপ্টেম্বৰ: বিগত কিছুদিন পূৰ্বে কাশ্মীৰৰ বান্দিপোৰাত এজন প্ৰবাসী শ্ৰমিকক হত্যা কৰা হৈছিল । আৰু সেই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত । আৰক্ষীয়ে তদন্ত কৰি গ্ৰেপ্তাৰ কৰে তিনিটাকৈ উগ্ৰপন্থীক(Three militants arrested in Jammu and Kashmir) । এই সন্দৰ্ভত সংবাদমেলযোগে তথ্য সদৰি কৰে জিলাখনৰ আৰক্ষী অধীক্ষক মুহাম্মাদ জাহিদে ।
তেঁও কয় যে SIT গঠন কৰি দিয়াৰ পাছতে স্থানীয় লোকক সোধা-পোছা কৰি তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে । গ্ৰেপ্তাৰ কৰা তিনিওজন যুৱক সাদুনাৰাৰ বাসিন্দা বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে । কাশ্মীৰৰ প্ৰবাসী শ্ৰমিক তথা মহম্মদ বিহাৰৰ বাসিন্দা মহম্মদ আমৰেজৰক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল গ্ৰেপ্তাৰ কৰা তিনিও উগ্ৰপন্থীয়ে(Three militants involved in labour murder) ।
আনহাতে যুৱক তিনিজনৰ পৰা অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰাৰ কথাও প্ৰকাশ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । অভিযুক্ত যুৱককেইজনে LET ৰ সঞ্চালকৰ সৈতে যোগাযোগ কৰি আছিল বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক মুহাম্মাদ জাহিদে । অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে তিনিওকে জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: আপ বিধায়ক আমানতুল্লা খানক আদালতত হাজিৰ