নেশ্যনেল ডেস্ক, 20 ডিচেম্বৰ: জম্মু কাশ্মীৰত পুনৰ এনকাউন্টাৰ ঘটনা ৷ মঙলবাৰে শ্বপিয়ান জিলাৰ জয়নাপোৰাৰ মুঞ্জ মাৰ্গ অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ সংঘটিত হয় ৷ এই সংঘৰ্ষত লস্কৰ-ই-তইবাৰ (এল ই টি) তিনি সন্ত্ৰাসবাদী নিহত হয় বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে (3 Militants Killed in encounter) ৷ ইয়াৰে দুটা সন্ত্ৰাসবাদীক শ্বপিয়ানৰ লাটিফ লোন আৰু অনন্তনাগৰ উমেৰ নাজিৰ বুলি চিনাক্ত কৰা হৈছে (LeT terrorists killed in encounter) ৷
উল্লেখ্য যে, লাটিফ কাশ্মীৰি পণ্ডিত পুৰাণা কৃষ্ণ ভাটৰ হত্যাত জড়িত থকাৰ লগতে উমেৰ নাজিৰ নেপালৰ টিল বাহাদুৰ থাপাৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল বুলি জানিবলৈ দিয়ে ৷ এই অভিযানত ৰাষ্ট্ৰীয় ৰাইফলছ ( Rashtriya Rifles), কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী (Central Reserve Police Force) আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহ জড়িত হৈ আছে ৷
আৰক্ষীয়ে সন্ত্ৰাসবাদী তিনিটাৰ পৰা এটা এ কে ৪৭ ৰাইফল আৰু দুটা পিষ্টল উদ্ধাৰ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ কাশ্মীৰ জ’ন আৰক্ষীয়ে আনুষ্ঠানিকভাৱে টুইট (Kashmir Zone Police tweeted) কৰে যে "#Encounter শ্বপিয়ান জিলাৰ মুঞ্জ মাৰ্গ অঞ্চলত সংঘটিত হৈছিল । আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে নিজ কৰ্তব্য পালন কৰি আছে ৷
লগতে পঢ়ক: Jharkhand Murder: বজাৰলৈ যোৱাত বাধা দিয়াৰ বাবেই পত্নীয়ে প্ৰাণ ল’লে স্বামীৰ