ETV Bharat / bharat

ত্ৰিপুৰাত লক্ষাধিক টকাৰ গাঞ্জা জব্দ, আটক ৩

খোৱাই জিলাৰ আৰক্ষী অধীক্ষক ভানুপাদা চক্ৰৱৰ্তীয়ে সাংবাদিকৰ আগত কয় (Khowai district superintendent of Police told to media) যে তেলিয়ামূৰা আৰক্ষী থানাৰ আৰক্ষীয়ে হাৱাইবাৰী নাকা পইণ্টত বাহনত (Police Naka point) তালাচী চলাই আছিল । তেনে সময়তে এখন কণ্টেইনাৰ বাহন ৰখাই তালাচী চলায় আৰক্ষীৰ দলটোৱে (Teliamura Police searching vehicle at Hawaibari Naka Point) । তালাচী চলোৱাৰ পিছত বাহনখনৰ পৰা গাঞ্জাখিনি উদ্ধাৰ কৰা হয় ।

author img

By

Published : Jul 4, 2022, 7:14 PM IST

a
a

নিউজ ডেস্ক, ৪ জুলাই : ত্ৰিপুৰা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা । লগতে আৰক্ষীৰ হাতত আটক হয় উক্ত গাঞ্জা সৰবৰাহত জড়িত তিনি সৰবৰাহকাৰী । সোমবাৰে এই তিনিজন সৰবৰাহকাৰীক আটৰ কৰাৰ লগতে ৰাজ্যখনৰ খোৱাই জিলাৰ তেলিয়ামূৰা উপ-সংমণ্ডলৰ দুটা পৃথক স্থানৰ পৰা গাঞ্জাখিনি জব্দ কৰে । জব্দকৃত গাঞ্জাখিনিৰ ওজন ১,৪৫১ কিলোগ্ৰামতকৈও অধিক হ'ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ (Tripura Police arrested three persons and seized Ganja) ।

এই সন্দৰ্ভত খোৱাই জিলাৰ আৰক্ষী অধীক্ষক ভানুপাদা চক্ৰৱৰ্তীয়ে সাংবাদিকৰ আগত কয় (Khowai district superintendent of Police told to media) যে তেলিয়ামূৰা আৰক্ষী থানাৰ আৰক্ষীয়ে হাৱাইবাৰী নাকা পইণ্টত বাহনত (Police Naka point) তালাচী চলাই আছিল । তেনে সময়তে এখন কণ্টেইনাৰ বাহন ৰখাই তালাচী চলায় আৰক্ষীৰ দলটোৱে (Teliamura Police searching vehicle at Hawaibari Naka Point) । তালাচী চলোৱাৰ পিছত বাহনখনৰ পৰা গাঞ্জাখিনি উদ্ধাৰ কৰা হয় ।

"কণ্টেইনাৰ ট্ৰাকখন আগৰতলাৰ পৰা গুৱাহাটীলৈ গৈ আছিল (container truck going from Agartala to Guwahati)। আমি ট্ৰাকখন ৰখাই তালাচী চলাওঁ । অনুসন্ধানৰ সময়ত আমি ৪৭৬ কিলোগ্ৰাম শুকান গাঞ্জা জব্দ কৰোঁ । গ্ৰেপ্তাৰ কৰা লোককেইজনৰ নাম হৈছে লালমোহন ৰয় আৰু পংকজ ৰয় । তেওঁলোক বিহাৰৰ বাসিন্দা ।" আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় ।

আনহাতে, মুংগিয়াকামি আৰক্ষীয়ে এখন তেলৰ টেংকাৰত তালাচী চলায় । উক্ত তেলৰ টেংকাৰখনৰ পৰাও তালাচীৰ সময়ত ৯৭৫ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে বুলি তেওঁ লগতে জানিবলৈ দিয়ে । "আমি টিআৰ ০১ এজি ১৬৬৪ (Oil Tanker no. of TR 01 1664 detained) নম্বৰৰ তেলৰ টেংকাৰখন জব্দ কৰোঁ । বাহনখনৰ চালকজন অমৰপুৰৰ কাৰ্তিক জামাতিয়া বুলি চিনাক্ত কৰা হৈছে । ইতিমধ্যে বাহনৰ চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে ।" তেওঁ লগতে কয় । আৰক্ষীয়ে সৰবৰাহকাৰীকেইটাৰ বিৰুদ্ধে এনডিপিএছৰ অধীনত গোচৰ ৰুজু কৰিছে । আনহাতে, জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য লক্ষাধিক টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক :বিজেপিয়ে সাম্প্ৰদায়িক বিভাজন কাৰ্যসূচীৰ বাবে ব্যৱহাৰ কৰিছে অপৰাধীক: মেহবুবা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.