ETV Bharat / bharat

Oppositions INDIA Controversy : হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ প্ৰতি আনুগত্যৰ প্ৰমাণ দি আছে; কংগ্ৰেছৰ কটাক্ষ

author img

By

Published : Jul 19, 2023, 5:14 PM IST

কংগ্ৰেছ নেতাজনে নতুন মিত্ৰজোঁটৰ নাম ইণ্ডিয়াৰ ওপৰত প্ৰশ্ন কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে ইয়াৰ দ্বাৰা বিৰোধী দলসমূহৰ ওপৰত ঔপনিৱেশিক প্ৰভাৱ খটুৱাইছে ।

Oppositions INDIA Controversy
Oppositions INDIA Controversy

নিউজ ডেস্ক, ১৯ জুলাই : ২৬ টা বিৰোধী দলে নতুন নামেৰে একেটা ছাতিৰ তলত একত্ৰিত হোৱাৰ পিছতে বিজেপিয়ে ক্ষুৰধাৰ সমালোচনা কৰিছে । আনহাতে, নতুন নামটোক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো মন্তব্য প্ৰকাশ কৰিছে । আনহাতে, ঐক্যবদ্ধ হোৱা বুলি দাবী কৰা বিৰোধীৰ মাজত ভাঙোনৰ সৃষ্টি হোৱা বুলিও মঙলবাৰে বিজেপিয়ে দাবী কৰে । বিজেপিৰ এই দাবীৰ এদিন পিছতে বুধবাৰে মিত্ৰতাত বিভেদৰ বাতৰি নাকচ কৰি কংগ্ৰেছে কয় যে টীম ইণ্ডিয়া ঐক্যবদ্ধ ।

আনহাতে, কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই নতুন মিত্ৰজোঁটৰ নাম ইণ্ডিয়াৰ ওপৰত প্ৰশ্ন কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে ইয়াৰ দ্বাৰা বিৰোধী দলসমূহৰ ওপৰত ঔপনিৱেশিক প্ৰভাৱ খটুৱাইছে ।

"আমি সকলো এক । টীম ইণ্ডিয়াত কোনো মত পাৰ্থক্য নাই । আমাৰ শ্লোগান হৈছে 'জিতেগা ভাৰত' । যিসকলে টীম ইণ্ডিয়াক লৈ প্ৰশ্ন কৰিছে তেওঁলোকেই শব্দৰ জৰিয়তে ভাৰতক বিভক্ত কৰিব বিচাৰে ।" বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডি-ইউ নেতা নীতিশ কুমাৰ মিত্ৰজোঁটৰ নতুন নামক লৈ অসন্তুষ্ট নেকি বুলি সোধাত কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই এনেদৰে কয় ।

"বিজেপিয়ে নীতিশ বাবুৰ বিৰুদ্ধে বেয়া ভাষা ব্যৱহাৰ কৰি আহিছে... এতিয়া তেওঁলোকে উৰাবাতৰি বিয়পাই আছে । মোদীজীয়ে যিমানেই চেষ্টা নকৰক, টীম ইণ্ডিয়াত কোনো বিভাজন নাই । বিজেপিয়ে নিজৰ ষড়যন্ত্ৰৰ তত্ত্বৰ সৈতে আগবাঢ়িব পাৰে ।" তেওঁ কয় । মঙলবাৰে বিৰোধী মিত্ৰজোঁটৰ নতুন নাম 'ইণ্ডিয়া' চূড়ান্ত কৰা কৰ্ণাটকৰ দায়িত্বত থকা সুৰজেৱালাই কয় যে নতুন মিত্ৰজোঁটৰ গুৰুত্ব হৈছে 'জনসাধাৰণক প্ৰভাৱিত কৰা বিষয়বোৰৰ ওপৰত আৰু নতুন গোটটোৰ যুঁজ হৈছে নিৰাপত্তাৰ পৰিৱৰ্তন অনা' ।

আনহাতে, এআইচিচিৰ কৰ্মকৰ্তাৰ মতে, ১৮ জুলাইত এনডিএৰ বৈঠকখন বিৰোধীদল একত্ৰিত হোৱাৰ বাবে এক আতংকজনক প্ৰতিক্ৰিয়া আছিল । "মই সুধিব বিচাৰোঁ, বিগত ৯ বছৰত এই এনডিএ ক'ত আছিল ? প্ৰথমতে তেওঁলোকে কৈছিল যে আন সকলোবোৰতকৈ এজনেই যথেষ্ট । হঠাতে তেওঁলোকে ভয় খাই এনডিএৰ বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰিছে । হঠাতে তেওঁলোকে ৩৮ টা দলৰ ব্যৱস্থা কৰিছে, যিবোৰৰ বহুতৰে নিৰ্বাচন আয়োগৰ ওচৰত পঞ্জীয়নে কৰা হোৱা নাই । মাত্ৰ ১২ টা দলৰ সাংসদ আছে আৰু মাত্ৰ দুটা দলৰ ২ জনতকৈ অধিক সাংসদ আছে । এইটো কেৱল এটা দল গঠন কৰিবলৈ আৰু এনডিএত যোগদান কৰিবলৈ মানুহক মুকলি আমন্ত্ৰণ জনোৱাৰ দৰে ।" সুৰজেৱালাই কয় ।

হিমন্ত বিশ্ব সন্দৰ্ভত সুৰজেৱালাই কয়, "হিমন্ত বিশ্ব শৰ্মাই ৰজাতকৈও অধিক নিষ্ঠাৱান হ'বলৈ চেষ্টা কৰি আছে । তেওঁ প্ৰায় ৩০ বছৰ কংগ্ৰেছত আছিল । তাৰ পিছত বিজেপিলৈ গৈছে । এতিয়া তেওঁ বিজেপিৰ প্ৰতি তেওঁৰ আনুগত্য প্ৰমাণ কৰিব লাগিব ।" সুৰজেৱালাই কয় । কংগ্ৰেছ নেতাজনে লগতে স্বীকাৰ কৰে যে ৰাজ্যসমূহত প্ৰতিদ্বন্দ্বী অংশীদাৰসকলৰ মাজত কিছু সংঘাত হ'ব আৰু নতুন মিত্ৰজোঁটে মত পাৰ্থক্যবোৰ সমাধান কৰিব লাগিব ।

"নতুন মিত্ৰতাত কিছু ৰাজনৈতিক আৰু আদৰ্শগত পাৰ্থক্য থাকিব । আপোনালোকে সেই পাৰ্থক্যবোৰ সমাধান কৰিব লাগিব । এই মিত্ৰতা ক্ষমতাৰ বাবে নহয়, আমি দেশৰ বাবে এটা গঠনমূলক কাৰ্যসূচী আগবঢ়াইছোঁ ।" তৃণমূল নতুন গোটৰ অংশ হোৱাৰ বাবে পশ্চিমবংগ কংগ্ৰেছৰ নেতাসকল অসন্তুষ্ট নেকি বুলি সোধাত সুৰজেৱালাই কয় ।

আনহাতে, কংগ্ৰেছ নেতাগৰাকীয়ে বিএছপি নেত্ৰী তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াৱতীয়ে তেওঁৰ দলটোৱে আগন্তুক বিধানসভা নিৰ্বাচনত অকলে যুঁজিব আৰু কোনো দলৰ সৈতে কোনো মিত্ৰতাত নাথাকে বুলি কোৱাৰ পিছত তেওঁৰ নীতিসমূহ 'আত্মনিৰীক্ষণ' আৰু 'পৰ্যালোচনা' কৰিবলৈ আহ্বান জনায় ।

"তেওঁ টীম ইণ্ডিয়াৰ অংশ নহয়, কিন্তু তেওঁ দেশৰ এগৰাকী অতি জ্যেষ্ঠ নেত্ৰী । তেওঁ যি কৈছে তাৰ ওপৰত মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নিবিচাৰোঁ । কিন্তু মই তেওঁক আত্মনিৰীক্ষণ কৰিবলৈ আৰু তেওঁৰ নীতিসমূহ পুনৰীক্ষণ কৰিবলৈ অনুৰোধ কৰিম ।" সুৰজেৱালাই কয় । কংগ্ৰেছ নেতাজনে লগতে কয় যে নিৰ্বাচনী পেনেললৈ এজন অধিবক্তাই লিখা শেহতীয়া পত্ৰত কোৱা হৈছে যে বিৰোধী দলবোৰে নিৰ্বাচন জিকিবলৈ দেশৰ নাম ব্যৱহাৰ কৰিব বিচাৰিছে আৰু সেয়া প্ৰত্যাখ্যান কৰিব লাগে । "এয়া কেৱল বিজেপিৰ আন এক প্ৰচাৰ । ইয়াক উপেক্ষা কৰাটোৱে সৰ্বশ্ৰেষ্ঠ ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক :INDIA Vs NDA: টুইটাৰ-ফেচবুকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই INDIAৰ ঠাইত লিখিলে BHARAT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.