ETV Bharat / bharat

অন্যান্য ৰোগৰ মহৌষধ এইবিধ বনশাক: জানো আহকচোন এই শাকবিধৰ গুণকাৰী দিশসমূহ

author img

By

Published : Oct 19, 2022, 5:37 PM IST

বৰ্তমানৰ সমসয়ত মানুহৰ সততে দেখা পোৱা সমস্যা বোৰৰ ভিতৰত এবিধ অন্যতম হৈছে ইউৰিক এচিডৰ সমস্যা । যাৰ বাবে বহু লোকেই বহু খাদ্য় গ্ৰহণ কৰিব নোৱাৰে। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী নিয়মিত ঔষধৰ সেৱন কৰি থাকিব লাগে । পাছে এই ইউৰিক এচিডৰ সমস্যাৰ সমাধান আছে এবিধ বনৰীয়া শাকত । যাৰ আঞ্জা বনাই খালে সোনকালেই নিয়ন্ত্ৰণলৈ আহে এই সমস্যা । এইবিধ শাকৰ নাম হৈছে পনৌনোৱা বা পুনৰ্ণৱা । ঠাইভেদে ইয়াৰ নাম বেলেগ বেলেগ ।

This herb is a great remedy for uric acid and has other properties
অন্যান্য ৰোগৰ মহৌষধ এইবিধ বনশাক

বৰ্তমানৰ সমসয়ত মানুহৰ সততে দেখা পোৱা সমস্যা বোৰৰ ভিতৰত এবিধ অন্যতম হৈছে ইউৰিক এচিডৰ সমস্যা(Uric acid problems) । যাৰ বাবে বহু লোকেই বহু খাদ্য় গ্ৰহণ কৰিব নোৱাৰে। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী নিয়মিত ঔষধৰ সেৱন কৰি থাকিব লাগে । পাছে এই ইউৰিক এচিডৰ সমস্যাৰ সমাধান আছে এবিধ বনৰীয়া শাকত । যাৰ আঞ্জা বনাই খালে সোনকালেই নিয়ন্ত্ৰণলৈ আহে এই সমস্যা(Ponounowa herb benefits) । এইবিধ শাকৰ নাম হৈছে পনৌনোৱা বা পুনৰ্ণৱা(Ponounowa for Uric acid problems) । ঠাইভেদে ইয়াৰ নাম বেলেগ বেলেগ ।

বিশ্বত এইবিধ লতা শাকৰ কমেও ৪০ বিধ মান ভিন্ন প্ৰজাতি পোৱা যায় কিন্তু ভাৰতবৰ্ষত সাধাৰণতে ইয়াৰ কেৱল চাৰিটা প্ৰজাতিহে উপলব্ধ ৷ সচৰাচৰ অসমত বগা আৰু ৰঙা এই দুই বৰণৰ পনৌনৱা শাকহে দেখিবলৈ পোৱা যায় । ইউৰিক এচিড সমস্যাত ই অতিকে উত্তম । যিসকল ব্যক্তি এই সমস্যাত ভুগি আছে তেওঁলোকে মাজে মাজে পনৌনোৱা শাকৰ আঞ্জা খালে উপকৃত হ'ব(Health benefits of Ponounowa) ৷

  • ছালৰ বিভিন্ন সমস্যাতো ই উপকাৰী(Ponounowa for skin) । কাৰণ আমাৰ শৰীৰৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থ বা toxins নিষ্কাষণ কৰাত ই সহায় কৰে ।
  • শৰীৰৰ ওজন নিয়মীয়া কৰি ৰখাতো পনৌনৱা সহায়ক ৷ এই শাক পশুৰ খাদ্য হিচাপে উত্তৰ ভাৰতত বহুতে ব্যৱহাৰ কৰে ।
  • ই কলেষ্টৰল নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। গতিকে হাৰ্টৰ সুৰক্ষা কৰে ।
  • পনৌনৱা পেৰালাইচিচৰ চিকিৎসাতো ব্যৱহৃত হয়। এচামুচ পুননৌৱা পাউদাৰৰ সৈতে আধাচামুচ পিপলি মিহলাই খোৱালে হাঁপানি আৰু ব্ৰংকাইটিচ ৰোগ ভাল হয় ৷
  • চৰ্দি, কাহ, এলাৰ্জি বা অন্যান্য শ্বাস প্ৰশ্বাস জনীত ৰোগতো ই উপকাৰী ।
  • কিডনি ষ্টোন সমস্যাটো ই উপকাৰী । কাৰণ ই কিডনিৰ কার্যক্ষমতা বৃদ্ধি কৰে আৰু পেচাবৰ পৰিমাণ বঢ়ায় ।
  • লিভাৰৰ বিভিন্ন সমস্যা যেনে জণ্ডিচ, ফেঁটি লিভাৰ আদিতো ই উপকাৰী ।

ক'ত ক'ত পনৌনৱা শাক পোৱা যায়:

এইবিধ শাক সাধাৰণতে গ্ৰীষ্ম প্ৰধান অঞ্চলত পোৱা যায় ৷ ভাৰতবৰ্ষত চুকে-কোণে সমুদ্ৰতলৰ পৰা ২০০০মিটাৰ উচ্চতালৈকে এই গছ দেখা যায় ৷ আন বেচিকৈ হোৱা দেশসমূহৰ নাম হ'ল- পাকিস্তান, নেপাল, ম্যানমাৰ,বাংলাদেশ, শ্ৰীলংকা, চীন, জাপান, ফিলিপাইনচ, অ'মান, চৌডি আৰব, সংযুক্ত আৰব আমীৰাট, ব্ৰাজিল,দক্ষিণ আফ্ৰিকা, মেক্সিকো, আৰ্জেন্টিনা, ফিজি আৰু কেৰিবিয়ান দ্বীপপুঞ্জ ৷

কি কি ৰাসায়নিক তত্ব ইয়াত থাকে:

এই বনশাকত এন্টিঅক্সিডেন্ট তত্ব, ভিটামিন-ই, ভিটামিন-চি, জিংক, চেলনিয়াম, উপালিপ্তিন নামৰ ফ্লেভ'নইদ, পূণাৰ্ভেৰিন নামৰ ইমিউনিটি বঢ়োৱা ৰাসায়নিক আৰু কেইবিধমান কেঞ্চাৰ প্ৰতিৰোধক তত্ব, এন্টিফাংগেল, এমিবিচাইডেল, কীটনাশক, বিষহাৰী গুণযুক্ত পদাৰ্থ থকাতো প্ৰমাণিত হৈছে ৷

লেবৰেটৰীৰ প্ৰাণীত প্ৰয়োগৰ ফলাফল কি ওলাল-

ডায়েবেটিজৰ এলোপেথিক দৰব মেটফৰমিন আৰু গ্লাইবেনক্লেমাইডৰ দৰে পুনৰ্ণৱাই ক্ৰিয়া কৰাৰ প্ৰমাণ লেবৰেটৰীৰ প্ৰাণীত দেখা গৈছে ৷ ৩০দিনৰ প্ৰয়োগত ডায়েবেটিচ থকা এন্দুৰৰ তেজৰ চুগাৰ স্বাভাৱিক হোৱা দেখা গ'ল৷ মৃগীৰ ফিট ৰোগ কৰাত ডায়েজেপামৰ দৰে সফল ৷ কৰ্কট ৰোগ বাঢ়িবলৈ আৰু বিয়পিবলৈ নিদিয়াকৈ ৰাখিব পাৰে ৷ মেলানোমা, মহিলাৰ বক্ষৰ আৰু জৰায়ুৰ কৰ্কট ৰোগৰ চিকিৎসাত এটা সময়ত ই হয়তো গুৰুত্বপূ্ৰ্ণ ভূমিকা ভবিষ্যতে পালন কৰিব পাৰিব ৷

কি কি অংশ ঔষধিৰ কামত আহে ? বজাৰত কি দৰে ই উপলব্ধ আৰু কেনেকৈ ইয়াৰ প্ৰয়োগ কৰে :

গোটেই গছ,পাত আৰু শিপা ঔষধি নিৰ্মাণত ব্যৱহৃত হয় ৷ ভাৰতবৰ্ষত সহজে উপলব্ধ এটি পেটেন্ট আয়ুৰ্বেদিক ঔষধৰ নাম হ'ল 'গ্ৰীণ পূনৰ্ণৱা' ৷ মই মেডিচিনৰ স্নাতকোত্তৰৰ ছাত্ৰ থাকোতে ইয়াৰ গুণাগুণ প্ৰসাবৰ বিকাৰ, ভৰি আৰু উদৰফুলা আদি নিৰ্দিষ্ট কেইটিমান ৰোগত প্ৰয়োগ কৰি সন্তোষজনক ফলাফল পাইছিলোঁ আৰু মোৰ পৰ্য্যবেক্ষন এখন সৰ্বভাৰতীয় পত্ৰিকাত প্ৰকাশিত হৈছিল ৷ আজিও সেইবিধ ঔষধ মই কিডনি পাথৰৰ ৰোগী আৰু ভৰি ফুলা ৰোগীক বিনা দ্বিধাই প্ৰয়োগ কৰোঁ ৷ বজাৰত চিৰাপৰ ওপৰিও গছৰ শিপা, চূৰ্ণ, কেপচুল, পিল আদিও উপলব্ধ ৷

এই শাকক কেঁচা চালাডৰ দৰে, চাহৰ দৰে নাইবা শুকান ভাজি কৰিও খাব পাৰি৷আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বহুলোকে ৰহৰ দাইলৰ সৈতে নহলে জীয়া মাছৰ সৈতে শাকৰ আঞ্জা ৰান্ধি খায় ৷

উপকাৰিতা আৰু ব্যৱহাৰিক প্ৰয়োগ:

থুলুমুলকৈ ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ হোৱা অসুখ কিছুমান হ'ল- কিডনি আৰু মূত্ৰাশয়ৰ বিকাৰ, পেট-ভৰি-দেহ ফুলা, জণ্ডিচ, লিভাৰৰ অসুখ, গাঁঠিৰ বিষ (আৰ্থাইটিচ), চকুৰ অসুখ (কুকুৰীকণা,কেটেৰেক্ট,গ্লুকোমা), চৰ্মৰোগত শিপাৰে নিৰ্মিত মলম, বহুমুত্ৰ,হদৰোগ,শৰীৰৰ দূৰ্বলতা, কৰ্কট প্ৰতিৰোধক,শৰীৰৰ ইমিউনিটি বঢ়াবলৈ৷

  • আয়ুৰ্বেদৰ মতে এপিয়লা গৰুৰ গাখীৰত এচামুচ পুননৌৱা পাউদাৰ ৰাতি শুবৰ সময়ত কিছুদিনলৈ খোৱালে কুকুৰীকণা ৰোগ ভাল হয় ৷
  • এচামুচ পনৌনৱা পাউদাৰৰ সৈতে আধাচামুচ পিপলি(Long pepper) মিহলাই খোৱালে হাঁপানি আৰু ব্ৰংকাইটিচ ৰোগ ভাল হয় ৷
  • কনজেষ্টিভ কাৰ্ডিয়াক ফেইলাৰ হৃদৰোগত পুননৌৱা,অৰ্জুন আৰু মৌজোল মিহলাই খোৱালে ৰোগৰ উপশম হয় ৷
  • শৰীৰৰ ওজন নিয়মীয়া কৰি ৰখাত আৰু শৰীৰৰ প্ৰসাবৰ নিৰ্গত কৰাত পুননৌৱা সহায়ক ৷
  • পনৌনৱা পেৰালাইচিচৰ চিকিৎসাতো ব্যৱহৃত হয় ৷
  • এই শাক পশুৰ খাদ্য হিচাবে উত্তৰ ভাৰতত বহুতে ব্যৱহাৰ কৰে ৷

ল'বলগীয়া সতৰ্কতা :

পাছে ইয়াৰ উপকাৰিতাৰ সমানে অপকাৰিতাও দেখা যায় । ইয়াৰ অক্যধিক সেৱনে ডায়েৰিয়াৰ সমস্যা হোৱা দেখা যায় । গৰ্ভৱতী মহিলা আৰু ৮বছৰৰ তলৰ শিশুক পনৌনৱা ঔষধি হিচাবে দিয়া নাযায় ৷

লগতে পঢ়ক: OCD: সঘনাই শুনিবলৈ পোৱা OCD ৰ বিষয়ে কেতিয়াবা দকৈ ভাবি চাইছেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.