নেশ্যনেল ডেস্ক, 19 অক্টোবৰ : বুধবাৰে কৱর্ধা আৰু মুংগেলী পৰিদর্শন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ৷ ইয়াতে তেওঁ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে ৷ লাভ জেহাদ আৰু ধৰ্মান্তৰকৰণ বৃদ্ধিৰ মূল কংগ্ৰেছ বুলি অভিযোগ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।
কংগ্ৰেছৰ দিনত দেশত লাভ জেহাদ হৈছিল :
হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে কংগ্ৰেছৰ শাসনকালত দেশত লাভ জেহাদৰ গোচৰ বাঢ়িছিল । তেওঁ কয়, ‘‘ছত্তীশগড়ত জনজাতীয় লোকক প্ৰতিদিনে ধৰ্ম পৰিৱৰ্তন কৰিবলৈ উৎসাহিত কৰা হয় । যেতিয়া মানুহে এই অধিনিয়মৰ বিপৰীতে মাত মাতে, তেতিয়া ভূপেশ বাঘেলে কয় যে এয়া ধৰ্মনিৰপেক্ষ ।’’
অসমত বহুবিবাহ নিষিদ্ধ :
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত বহুবিবাহ নিষিদ্ধ কৰা সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰে । তেওঁ কয়, "ডিচেম্বৰ মাহৰ ভিতৰত মই অসমত বহুবিবাহ নিষিদ্ধ কৰিম’’ ।
উত্থাপন কৰিলে কানহায়া লাল হত্যাকাণ্ডৰ বিষয় :
হিমন্ত বিশ্ব শৰ্মাই কানহাইয়া লাল হত্যাকাণ্ডৰ বিষয়টো উত্থাপন কৰি ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰক আক্ৰমণ কৰে । তেওঁ কয়, "উদয়পুৰৰ দৰ্জী কানহাইয়া লালৰ হত্যাকাণ্ডৰ পিচত অশোক গেহলটৰ চৰকাৰে একো নকৰিলে । অসমত যদি এনেকুৱা কিবা এটা ঘটিলহেঁতেন, তেন্তে পাঁচ মিনিটৰ ভিতৰতে প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'লহেঁতেন" ৷
আমি ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলো :
কংগ্ৰেছক কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘আমি ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলো । এই মন্দিৰটো জানুৱাৰী মাহত নিৰ্মাণ কৰা হ’ব । বিজেপিয়ে কৈছিল যে ক্ষমতালৈ অহাৰ পিচত তেওঁলোকে ৰাম মন্দিৰ নিৰ্মাণ কৰিব আৰু জানুৱাৰী মাহত মন্দিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব’’ ।
‘‘60 বছৰ ধৰি কংগ্ৰেছ ক্ষমতাত আছিল যদিও তেওঁলোকে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে একোৱেই কৰা নাছিল ৷ কাৰণ তেওঁলোকে সদায় বাবৰক পূজা কৰিছিল ।’’ তেওঁ কয় ৷
7 নৱেম্বৰত প্ৰথম পৰ্যায়ৰ অধীনত কৱৰ্ধাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ইয়াত বিজেপিৰ প্ৰাৰ্থী বিজয় শৰ্মাই প্ৰতিন্দ্বিতা কৰিব । আনহাতে, মহম্মদ আকবৰ হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী ।