ETV Bharat / bharat

Opposition meet Mumbai: বিজেপিৰ মায়াজাল ফালিবলৈ মুম্বাইত INDIA মিত্ৰজোঁটৰ তৃতীয় বৈঠক

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 9:05 AM IST

আজি মুম্বাইত INDIAৰ তৃতীয়খন বৈঠক ৷ প্ৰায় 28 টা বিৰোধী দলৰ 63 জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বৈঠকত ৷ ৰাজনৈতিক নেতাই ভিৰ কৰিছে মায়ানগৰী মুম্বাই ৷

Opposition meet Mumbai
বিজেপিৰ মায়াজাল ফালিবলৈ মুম্বাইত মিত্ৰজোঁটৰ তৃতীয় বৈঠক

নেশ্যনেল ডেস্ক, 31 আগষ্ট : 2024 ৰ লোকসভা নিৰ্বাচনক লৈ তৎপৰ শাসক-বিৰোধী ৷ বহু চৰ্চিত INDIA ৰ তৃতীয়খন বৈঠক আজিৰে পৰা আৰম্ভ হ’ব ৷ মুম্বাইত বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’ব INDIA ৰ বৈঠক ৷ প্ৰায় 28 টা বিৰোধী দলৰ 63 জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব এই বৈঠকত ৷

মুম্বাইৰ ভাকোলাস্থিত হোটেল গ্ৰেণ্ড হায়াতত অনুষ্ঠিত হ’ব লগা মিত্ৰজোঁটৰ বিশেষ বৈঠকৰ বাবে প্ৰায় 28 দলৰ প্ৰতিনিধিয়ে ভিৰ কৰিছে মুম্বাইত ৷ শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটে আয়োজন কৰা মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে বুধবাৰে নিশা বিৰোধী মিত্ৰজোঁটৰ নেতাৰ বাবে নৈশ ভোজৰ আয়োজন কৰে আয়োজক শিৱসেনা ইউবিটিৰ মুৰব্বী উদ্ধৱ ঠাকৰে ৷

  • #INDIA आघाडीच्या बैठकीनिमित्त मुंबईत आलेल्या पश्चिम बंगालच्या मुख्यमंत्री ममतादिदी बॅनर्जी ह्यांनी मातोश्री निवासस्थानी भेट दिली व आज रक्षाबंधननिमित्त पक्षप्रमुख मा. श्री. उद्धवसाहेब ठाकरे ह्यांना राखी बांधली.@MamataOfficial pic.twitter.com/fx1kBNEYNf

    — Office of Uddhav Thackeray (@OfficeofUT) August 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মুম্বাইত INDIA ৰ তৃতীয়খন বৈঠকতে কেইবাটাও সিদ্ধান্তত উপনীত হোৱাৰ সম্ভাৱনা আছে ৷ বিশেষকৈ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী, বিজেপিৰ বিৰুদ্ধে কেনে ধৰণৰ ৰণনীতি হ’ব, আসন বুজাবুজি, বিৰোধী মিত্ৰজোঁটৰ আহ্বায়ক কোন হ’ব আদি বিষয়ত আজি আলোচনা কৰাৰ সম্ভাৱনা আছে ৷

2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপি বিৰুদ্ধে যুঁজিবলৈ সিদ্ধান্ত লোৱা মিত্ৰজোঁটত দ্বিতীয়খন বৈঠকত 26 টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল যদিও মুম্বাইৰ তৃতীয়খন বৈঠকত 28 টা বিৰোধী দলে অংশগ্ৰহণ কৰিব । এই কথা সদৰী কৰিছে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ নেতা শাৰদ পাৱাৰে ৷

  • राजनैतिक दल के कल होने वाली मीटिंग में जो शामिल होने वाले है, उनके प्रतिनिधी संख्या ६३ है। और २८ पॉलिटिकल पार्टी उनका यह संमेलन होने वाला है, यह कल से शुरू होगा। और जिस तरह से कई राज्यों से लोंगो के इंटरेस्ट के बारे में हम सुनते है, इस से मुझे पुरा विश्वास है की, एक अल्टरनेटिव्ह… pic.twitter.com/IB3N0Zro6W

    — Sharad Pawar (@PawarSpeaks) August 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে আজিৰ বৈঠকত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, কংগ্ৰেছ নেতা মিলিন্দ দেওৰা, অশোক চাব’ন, মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুৰব্বী নানা পেটেল, এনচিপিৰ নেতা শাৰদ পাৱাৰ, এনচিপিৰ কাৰ্যকৰী সভাপতি সুপ্ৰিয়া চুলে, শিৱসেনা ইউবিটিৰ মুৰব্বী উদ্ধৱ ঠাকৰে, আদিত্য ঠাকৰে, সঞ্জয় ৰাউত, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, লালু প্ৰসাদ যাদব, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, ফাৰুক আব্দুল্লাৰ লগতে 28 দলৰ নেতা বৈঠকত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :Opposition PM face: কেজৰিৱাল হ’ব নেকি বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী; কি স্থিতি আপৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.