ETV Bharat / bharat

Constitution of India in Sanskrit: শীঘ্ৰেই সংস্কৃত ভাষাত ভাৰতীয় সংবিধানৰ তৃতীয় সংস্কৰণ

author img

By

Published : Jan 28, 2023, 1:06 PM IST

ভাৰতৰ সংবিধানৰ সংশোধিত সংস্কৰণ পৰৱৰ্তী ছমাহৰ ভিতৰত সংস্কৃত ভাষাত উপলব্ধ হ’ব, য’ত শেহতীয়া সকলো সংশোধনী সন্নিৱিষ্ট কৰা হ’ব, সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক হৰে ৰাম ত্ৰিপাঠীয়ে জানিবলৈ দিয়ে এই কথা (Constitution of India in Sanskrit)।

Constitution of India in Sanskrit
শীঘ্ৰেই সংস্কৃত ভাষাত ভাৰতীয় সংবিধানৰ তৃতীয় সংস্কৰণ

নেশ্যনেল ডেস্ক, 28 জানুৱাৰী : ভাৰতীয় সংবিধানৰ সংশোধিত সংস্কৰণ ছমাহৰ ভিতৰত উপলব্ধ হ’ব সংস্কৃত ভাষাত (Revised edition Indian Constitution six months)৷ এই কথা প্ৰকাশ কৰিছে সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক হৰে ৰাম ত্ৰিপাঠীয়ে । প্ৰকাশ হ’বলগীয়া নতুন সংস্কৰণটোত ১৯৮৫ চনত প্ৰকাশিত দ্বিতীয় সংস্কৰণটোৰ সকলো ভুল-ক্ৰুটি শুধৰোৱা হ’ব অৰ্থাৎ সম্পূৰ্ণ নতুন ৰূপত প্ৰকাশিত হ’ব ভাৰতীয় সংবিধানৰ তৃতীয় সংশোধিত সংস্কৰণটো (Constitution of India) ।

নতুন শিক্ষা নীতি ২০২০ (New education policy ২০২০ )ৰ প্ৰতি গুৰুত্ব আগবঢ়াই ভাৰতীয় সংবিধানৰ সংশোধিত সংস্কৰণটি সংস্কৃত ভাষাত প্ৰকাশ কৰিবলৈ যো-জা চলোৱা হৈছে বুলি জানিবলৈ দিয়ে অধ্যাপক হৰে ৰাম ত্ৰিপাঠীয়ে । উল্লেখ্য যে, নতুন শিক্ষা নীতি ২০২০ অনুসৰি চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক থলুৱা অৰ্থাৎ মাতৃভাষাত শিক্ষা প্ৰদানৰ বাবে পৰিকল্পনা গ্ৰহণ কৰাৰ লগতে গুৰুত্ব আৰোপ কৰিছে (Constitution of India in Sanskrit) ৷

ভাৰতীয় সংবিধানৰ সংশোধিত সংস্কৰণটো সংস্কৃত ভাষাত প্ৰকাশৰ কাম ২০১৯ বৰ্ষৰ পৰাই আইন মন্ত্ৰণালয়ৰ উদ্যোগত আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়াৰ লগতে ছমাহৰ ভিতৰত সংবিধানখন উপলব্ধ হ’ব বুলিও জানিবলৈ দিয়ে । এই উদ্দেশ্যে ইতিমধ্যে গঠন কৰি দিয়া হৈছে এঘাৰজনীয়া এখন সমিতি ৷ এই সমিতিৰ সৈতে যুক্ত হৈ আছে বিশ্ববিদ্যালয় উপাচাৰ্যও ৷ এই সমিতিয়ে অহা ছমাহৰ ভিতৰত নিজৰ কাম সম্পূৰ্ণ কৰাৰ সম্ভাৱনা আছে বুলি অনুবাদ সমিতিৰ সৈতে জড়িত এগৰাকী সদস্যই জানিবলৈ দিয়ে ।

সংবিধানখন সংস্কৃতলৈ অনুবাদৰ বাবে প্ৰথম পদক্ষেপ গ্ৰহণ কৰা হৈছিল ১৯৬৩ চনত আৰু সেই বছৰতে সংবিধানৰ প্ৰথম সংস্কৰণটো উলিওৱা হয় । প্ৰথম সংস্কৰণটোত থকা বহুখিনি ভুল-ক্ৰটি গুণী-জ্ঞানী ব্যক্তিয়ে আঙুলিয়াই দিয়াত ১৯৮৫ চনত পৰিশোধিত ৰূপত প্ৰকাশ হৈছিল উক্ত সংস্কৰণটো ।

ইয়াৰ পিছত একাধিকবাৰ সংবিধানখন সংশোধন কৰা হৈছে । বিদ্যালয়ত তথা শিক্ষাৰ্থীক পাঠদানৰ বাবে সংবিধানখন সংশোধন কৰাটো যথেষ্ট প্ৰযোজনীয় বুলি বিবেচনা কৰি পৰৱৰ্তী সময়ত আইন মন্ত্ৰণালয়ে বিষয়টো সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে আৰু ইয়াৰ বাবে দল গঠন কৰা হয় । ইতিমধ্যে উল্লেখ কৰা হৈছে যে, সংস্কৃত ভাষাত সংবিধান সংশোধনী সংস্কৰণটোৰ খচৰা সম্পূৰ্ণ হৈছিল ২০১৯ চনতেই । চূড়ান্ত খচৰাখনত সম্পুৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক হৰে ৰাম ত্ৰিপাঠী সহ পাঁচখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই কাম কৰি আছে বুলি জানিবলৈ পৰা গৈছে ।

সম্পুৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক হৰে ৰাম ত্ৰিপাঠীয়ে দলটোত দুগৰাকীমান ব্যাকৰণ বিশেষজ্ঞও জড়িত হৈ আছে তথা চূড়ান্ত খচৰা প্ৰস্তুতৰ বাবে দ্ৰুত গতিত কাম অব্যাহত আছে বুলি উল্লেখ কৰে । দলটোৱে ছমাহৰ ভিতৰত কাম শেষ কৰিব পাৰিব আৰু চূড়ান্ত খচৰাখন শীঘ্ৰেই আইন মন্ত্ৰণালয়ে প্ৰকাশ কৰিব পাৰিব (Third Edition of the Constitution of India in Sanskrit)।

লগতে পঢ়ক : Assam Electoral Roll 2023: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে প্ৰকাশ পালে জোনাই মহকুমাৰ চুড়ান্ত ভোটাৰ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.