ETV Bharat / bharat

ফেচ মাস্ক পৰিধান নকৰিলে ধৰা পেলাব পৰা এটা বিশেষ যন্ত্ৰ

জয়পুৰৰ জেইচিআৰচি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ বিশেষ পদক্ষেপ । শিক্ষাৰ্থীকেইজনে দুটা সঁজুলি নিৰ্মাণ কৰিছে । কোনো এজন ব্যক্তিক ঘৰত প্ৰৱেশ কৰিবলৈ দিয়াৰ পূৰ্বে ফেচ মাস্ক পিন্ধিছে নে নাই সেই সম্পৰ্কে জানিবলৈ সহায় কৰে । দ্বিতীয়তে, সামাজিক দূৰত্ব বজাই ৰখাত সহায় কৰেনে নাই সেই সম্পৰ্কে জানিবলৈ সহায় কৰে ।

author img

By

Published : Apr 28, 2021, 8:25 PM IST

ফেচ মাস্ক পৰিধান নকৰিলে ধৰা পেলাব পৰা এটা বিশেষ যন্ত্ৰ
ফেচ মাস্ক পৰিধান নকৰিলে ধৰা পেলাব পৰা এটা বিশেষ যন্ত্ৰ

নেশ্যনেল ডেস্ক, ২৮ এপ্ৰিল: মহামাৰী কৰ'ণা ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ সকলোৱে মাক্স পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাটো অনিবাৰ্য । ইয়াৰ বাবে চৰকাৰ, প্ৰশাসনৰ তৰফৰ পৰা বাৰাম্বাৰ নিৰ্দেশনা প্ৰদান কৰি অনুৰোধ জনোৱা হৈছে । কিন্তু কোনো কোনো সময়ত এই নিয়মসমূহ মানি চলাত জনসাধাৰণ ব্যৰ্থ হয় । ইয়াৰ বাবে জয়পুৰৰ জেইচিআৰচি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰিছে দুটাকৈ বিশেষ সঁজুলি । ইয়াৰে এটা হ'ল 'ফেচমাস্ক ডিটেক্টৰ' আৰু আনটো হ'ল 'সামাজিক দূৰত্ব বেজ' । এই দুয়োটা সঁজুলিয়ে সামাজিক দূৰত্বৰ সমস্যা সমাধান কৰাত আৰু আনটোয়ে মাক্স পৰিধান কৰাত সহায় কৰে ।

সামাজিক দূৰত্ব বেজ
সামাজিক দূৰত্ব বেজ

প্ৰথমতে, 'ফেচমাস্ক ডিটেক্টৰে' নিৰীক্ষণৰ কাম কৰে আৰু সেয়েহে এজন ব্যক্তিয়ে মাক্স পিন্ধিছে নে নাই তাক চিনাক্ত কৰিবলৈ দুৱাৰত লগাই ৰাখিব পাৰি । যেতিয়া কোনো এজন ব্যক্তিয়ে মাস্ক পৰিধান কৰে, তেন্তে দুৱাৰখন খোল খাব আৰু যদি মাস্ক পৰিধান নকৰে তেন্তে ই বন্ধ হৈ থাকিব ।

ফেচমাস্ক ডিটেক্টৰ
ফেচমাস্ক ডিটেক্টৰ

দ্বিতীয়তে, কোনো এজন ব্যক্তিয়ে আনজন ব্যক্তিৰ ওচৰলৈ গ'লে বা দুই মিটাৰ দূৰত্বৰ ভিতৰত 'সামাজিক দূৰত্ব বেজ' মেচিনটোৱে বিপ কৰিব । ই এটা সৰু ডিভাইচ । আকাৰটোৰ হিচাপত ইয়াক পৰিচয় পত্ৰত অন্তৰ্ভুক্ত কৰিব পাৰি ।

এই সন্দৰ্ভত জেইচিআৰচি বিশ্ববিদ্যালয়ৰ উদ্ভাৱন কোষৰ মুৰব্বী শেখৰ চন্দ্ৰই কয় যে, মহামাৰীৰ কালচোৱাত বাধ্যতামূলক নীতি-নিয়মসমূহ বহুতে ভংগ কৰিছে ৷ যাৰফলত এই দুয়োটা সঁজুলিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰে হোৱা এক আলোচনাত সঁজুলি দুটা নিৰ্মাণ কৰা শিক্ষাৰ্থী প্ৰদীপ কুমাৰ আৰু শুভম সিঙে কয় যে, কোনো এজন লোকে ঘৰৰ পৰা ওলাই অহাৰ লগে লগে সামাজিক দূৰত্ব বজাই ৰখাটো এটা প্ৰত্যাহ্বানমূলক কাম । সেয়েহে এই সঁজুলি দুটা উদ্ভাৱন কৰাৰ ধাৰণা মনলৈ আহিছে ।

উল্লেখ্য যে, বিশ্ববিদ্যালয়ৰ উদ্ভাৱন কোষৰ দ্বাৰা ইয়াক প্ৰস্তুত কৰি উলিওৱা হৈছে । এই সঁজুলিবোৰ পৰৱৰ্তী সময়ত বাণিজ্যিক উৎপাদনৰ বাবে মুকলি কৰা হ'ব । যাতে সাধাৰণ মানুহে ইয়াৰ পৰা লাভান্বিত হ'ব পাৰে ।

লগতে পঢ়ক: বায়ুসেনাৰ বিমানেৰে ভাৰতলৈ ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.