ETV Bharat / bharat

Home Remedies For Summer: গৰমৰ দিনত হোৱা এই ৫বিধ ৰোগৰ পৰা সকাহ দিব এইসমূহ ঘৰুৱা উপায়ে - এচিডিটি

গৰমৰ বতৰে নিজৰ সৈতে কঢ়িয়াই আনে অনেক বেমাৰ । আমাৰ সামান্য অৱহেলাৰ বাবেই এই ৰোগবোৰ দেখা দিবলৈ আৰম্ভ কৰে । যদি আপুনিও এই বতৰত সুস্থ হৈ থাকিব বিচাৰে তেন্তে এই ঘৰুৱা ঔষধবোৰ চেষ্টা কৰিব পাৰে ।

These home remedies are very useful in summer you can get relief from these 5 problems
গৰমৰ দিনত হোৱা এই ৫বিধ ৰোগৰ পৰা সকাহ দিব এইসমূহ ঘৰুৱা উপায়ে
author img

By

Published : Apr 15, 2023, 10:59 AM IST

গ্ৰীষ্মকালে আমাৰ বাবে বহু ক্ষেত্ৰত প্ৰত্যাহ্বান কঢ়িয়াই আনে । গ্ৰীষ্মকালত হিট ষ্ট্ৰ’কৰ দৰে আমি বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । এই সময়ছোৱাত ৰ’দত ছাল পোৰা, ফোহা, পাচনতন্ত্ৰৰ সমস্যা সাধাৰণতে দেখা যায় । এনে পৰিস্থিতিত আজি আমি আপোনালোকৰ বাবে কিছুমান ঘৰুৱা প্ৰতিকাৰ লৈ আহিছো, যাক অনুসৰণ কৰি আপোনালোকে গ্ৰীষ্মকালত সকাহ পাব পাৰে (Home Remedies For Summer)।

ব্ৰণৰ সমস্যাৰ বাবে

তিয়ঁহত প্ৰচুৰ পৰিমাণে পানী থাকে । ইয়াক স্বাস্থ্যৰ লগতে ছালৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয় । ইয়াক ব্যৱহাৰ কৰিলে ছালৰ সৈতে জড়িত সমস্যাৰ পৰা সকাহ পাব পাৰি । তিয়ঁহৰ বাকলি উলিয়াই, ৰুকি লওক । এতিয়া এই তিয়ঁহখিনি মুখ আৰু ডিঙিত লগাওক । প্ৰায় ১০-১৫ মিনিটৰ পিচত ধুই লওক । ইয়াৰ নিয়মীয়া ব্যৱহাৰৰ দ্বাৰা ব্ৰণ আৰু ক’লা দাগ পৰা সমস্যাৰ পৰা আপুনি সকাহ লাভ কৰিব ।

শুকান কাহ

এই বতৰত যদি আপুনি শুকান কাহৰ বাবে অসুবিধা অনুভৱ কৰিছে তেন্তে, ইয়াৰ পৰা সকাহ পাবলৈ ঘৰুৱা ঔষধ ব্যৱহাৰ কৰি চাব পাৰে । কেৰাহীত গাখীৰ লৈ তাত ৫-৬ টা খেজুৰ দিয়ক । কম জুইত প্ৰায় ২৫ মিনিটমান সময় উতলাই লওক । যেতিয়া ই কুহুমীয়া হৈ পৰে তেতিয়া সেৱন কৰক ।

মুখৰ বেয়া গোন্ধ

এই বতৰত যদি আপুনি মুখৰ দুৰ্গন্ধৰ বাবে অসুবিধা অনুভৱ কৰিছে, তেন্তে ইয়াৰ পৰা সকাহ পাবলৈ তুলসীৰ পাত খাব পাৰে । ই মুখৰ দুৰ্গন্ধ আঁতৰোৱাত সহায় কৰে । ইয়াৰ বাবে দৈনিক ৪-৫ টা তুলসীৰ পাত চোবাই খাব পাৰে ।

হাইড্ৰেটেড হৈ থাকিবলৈ

গৰমৰ পৰা সকাহ পাবলৈ আপুনি তৰমুজ খাব পাৰে । ইয়াৰ ৰসো সেৱন কৰিব পাৰি । যিটো বৰ সোৱাদযুক্ত । ই শৰীৰক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে । লগতে এই বতৰত যদি আপুনি মূৰৰ বিষত ভুগিছে, তেন্তে ই আপোনাক সকাহ দিব পাৰে (how to cool stomach heat)।

এনেদৰে এচিডিটিৰ পৰা সকাহ পাওক

গ্ৰীষ্মকালত এচিডিটিৰ সমস্যাই মানুহক প্ৰায়ে অশান্তি দিয়ে, এনে পৰিস্থিতিত লঙৰ টুকুৰা এটা মুখত ৰাখক । ইয়াত থকা প্ৰাকৃতিক তেলে এচিডিটি হ্ৰাস কৰাত সহায় কৰে (What are home remedies used for) ।

লগতে পঢ়ক: Home Remedies For Grey Hair: এইসমূহ ঘৰুৱা উপায়েৰে দূৰ কৰক চুলি বগা হোৱাৰ সমস্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.