ব্যস্ততাৰে ভৰা এই জীৱনত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় বিশেষকৈ বিভিন্ন ৰোগৰ সৈতে যুঁজ দিবলৈ আমাৰ শৰীৰত পুষ্টি তথা ভিটামিনৰ প্ৰয়োজন হয় (What is the role of vitamins and nutrients) ৷ সেয়ে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে কোনবোৰ সামগ্ৰীৰ জৰিয়তে আমি আমাৰ শৰীৰত প্ৰয়োজনীয় উপাদান যেনে ভিটামিন আৰু পুষ্টি যোগান ধৰিব পাৰো জানো আহক-
ভিটামিন A
ভিটামিন A ছাল, চকু আৰু শৰীৰৰ বৃদ্ধিৰ বাবে এক উত্তম উৎস (types of vitamins)। ভিটামিন A গ্ৰহণে চকুৰ বেছিভাগ ৰোগতে সকাহ দিয়ে । বিলাহী, চয়াবিন, ৰঙালাও, বিট, বিলাহী, সেউজীয়া পাতৰ শাক-পাচলি, আম, অমিতা আদিত প্ৰচুৰ পৰিমাণে ভিটামিন A পোৱা যায় (difference between nutrients and vitamins)।
ভিটামিন B
ভিটামিন B ত আন ভিটামিন যেনে ৰাইবোফ্লেভিন, নিকোটিনিক এচিড, ফলিক এচিড, ভিটামিন-B ১২ থাকে । ইয়াৰ অভাৱৰ বাবে ওজন কমি যোৱা, ভোক কমি যোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে । ইয়াৰ অভাৱ পূৰণ কৰিবলৈ নিশ্চিতভাৱে বন্ধাকবি, সেউজীয়া পিয়াঁজ, গাজৰ, চালাড, কমলা, নেমু খাব (vitamins in fruits and vegetables)।
ভিটামিন C
ভিটামিন চিৰ অভাৱৰ বাবে বহুতো সৰু সৰু ৰোগ হ’বলৈ আৰম্ভ কৰে । যেনে দাঁতৰ বিষ, দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা, স্কাৰ্ভি ৰোগ বা দাঁতৰ আলু, ৰোগ প্ৰতিৰোধ ক্ষমতা কম হোৱা, ফোঁহা ওলোৱা, শালমইনাৰ সমস্যা । ভিটামিন C বহু ফল-মূলত পোৱা যায় । ফল-মূলৰ ভিতৰত কমলা, ঋতুভিত্তিক ফল, আঙুৰ খাব পাৰে । গজালি ওলোৱা মগু, বুট, সেউজীয়া আৰু ৰঙা জলকীয়া, পালেং শাক, সৰিয়হৰ শাক, আলু, বিলাহী, নেমু প্ৰধানকৈ শাক-পাচলিত পোৱা যায় ভিটামিন C ।
ভিটামিন D
ভিটামিন D ৰ অভাৱত হতাশা, হাড় দুৰ্বল হোৱা, টোপনিৰ অভাৱ ঘটে । ভিটামিন D ৰ অভাৱ হ’লে সূৰ্যৰ পোহৰ লোৱাটো বাঞ্ছনীয় । ইয়াৰ লগতে ভিটামিন D সমৃদ্ধ ফল-মূল আৰু শাক-পাচলিও সেৱন কৰিব লাগে । কমলাৰ ৰস একাপ খালে ভিটামিন D ৰ অভাৱ সম্পূৰ্ণ হয় । কমলাৰ ৰসে হাড় মজবুত কৰে । কমলাত ভিটামিন C, ফ’লেট আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় । গাখীৰ, কাঠফুলা আদিয়েও ভিটামিন D ৰ যোগান ধৰে ।
কেলচিয়াম
কেলচিয়ামৰ অভাৱত হাড় আৰু দাঁত দুৰ্বল হ’বলৈ ধৰে । এই ক্ষেত্ৰত পালেং শাক, গাখীৰ, গুড়, মটৰ, বাদাম, সূৰ্যমুখীৰ বীজ, কমলা, দালিয়া, লৱণ, ক'লা জলকীয়া, আম, জাইফল, ৰাগী, বাজৰা, আমলখি সেৱন কৰিলে কেলচিয়ামৰ অভাৱ দূৰ কৰিব পাৰি ।
কাৰ্বহাইড্ৰেট
শৰীৰত কাৰ্বহাইড্ৰেট থাকিলে পৰ্যাপ্ত পৰিমাণৰ কেলৰি আৰু শক্তিৰ সঞ্চয় হয় । মটৰ, কল, মিঠা আলু, আলুত কাৰ্বহাইড্ৰেট থাকে ।
প্ৰ'টিন
মানুহৰ শৰীৰৰ বিকাশ আৰু ৰক্ষণাবেক্ষণৰ বাবে প্ৰ'টিন অতি গুৰুত্বপূৰ্ণ । শৰীৰত পানীৰ অভাৱৰ পিছত প্ৰ'টিন এক অপৰিহাৰ্য উপাদান । আমাৰ শৰীৰত ১৮ৰ পৰা ২০ শতাংশ প্ৰ'টিন থাকে । ইয়াৰ অভাৱত পেশীৰ বিষ হয়, ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়, দুৰ্বলতা, ভাগৰুৱা হয়, চুলি আৰু নখত প্ৰভাৱ পৰে । প্ৰ'টিন প্ৰধানকৈ মধুৰিয়াম, বুটমাহ, মটৰ, মগু, সৰিয়হ, বাদাম, প্লাম, দেশী বুট, ৰাজমাহ, ফুলকবি, সুৰজনাৰ গুটিত পোৱা যায় ।
লগতে পঢ়ক: World Hemophilia Day: বিশ্ব হিমোফিলিয়া দিৱসৰ ইতিহাস, তাৎপৰ্য তথা ইয়াৰ নিদান সম্পৰ্কে জানো আহক