ETV Bharat / bharat

Excessive salt: অত্যধিক নিমখ গ্ৰহণ কৰিলে শৰীৰত দেখা দিব পাৰে এইসমূহ লক্ষণ

author img

By

Published : Feb 3, 2023, 5:53 PM IST

খাদ্যৰ সোৱাদ বৃদ্ধি কৰা নিমখ আমাৰ স্বাস্থ্যৰ পক্ষে প্ৰায়ে ক্ষতিকাৰক হ’ব পাৰে । নিমখৰ পৰিমাণ অত্যধিক হ'লে আপুনি বহু গুৰুতৰ সমস্যাৰ ভুক্তভোগী হ’ব পাৰে । সেয়ে যদি আপুনি অত্যধিক পৰিমাণে নিমখ সেৱন কৰিছে তেন্তে এই লক্ষণসমূহৰ দ্বাৰা আপুনি আপোনাৰ শৰীৰত অতিৰিক্ত নিমখৰ পৰিমাণ চিনাক্ত কৰিব পাৰিব । সবিশেষ পঢ়ক..

These 6 symptoms appear in the body by eating more salt improve the habit today itself
অত্যধিক পৰিমাণে নিমখ গ্ৰহণ কৰিলে আপোনাৰ শৰীৰত দেখা দিব পাৰে এইসমূহ লক্ষণ

নিত্য নৈমিত্তিক জীৱনত আমি আমাৰ খাদ্যত নিমখৰ প্ৰয়োগ কৰো ৷ খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে মানুহে বহু ধৰণৰ মছলা ব্যৱহাৰ কৰে ৷ কিন্তু খাদ্যত নিমখ নিদিয়ালৈকে ইয়াৰ সোৱাদ কোনেও পচন্দ নকৰে । কিন্তু ইয়াক অত্যধিক পৰিমাণে ব্যৱহাৰ কৰিলে কেতিয়াবা ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে । খাদ্যত সীমিত পৰিমাণৰ নিমখৰ ব্যৱহাৰ আমাৰ বাবে উপকাৰী(Excessive salt)। কিন্তু যদি আপুনি ইয়াক অত্যধিকভাৱে সেৱন কৰি আছে, তেন্তে ই আপোনাৰ স্বাস্থ্যৰ পক্ষে বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে । কিন্তু নিমখ বেছিকৈ সেৱন কৰিছে নে সীমিতভাৱে কৰিছে সেয়া নিৰ্ণয় কৰাটো কঠিন, কিয়নো ইয়াৰ পৰিমাণ ব্যক্তিভেদে বেলেগ বেলেগ হয় ।

এনে পৰিস্থিতিত কিছুমান লক্ষণৰ সহায়ত আপুনি সঠিক পৰিমাণৰ নিমখ খাইছে নে তাতকৈ অধিক খাইছে সেইটো জানিব পাৰে । যদি এই লক্ষণসমূহ আপোনাৰ শৰীৰতো দেখা যায়, তেন্তে ই অত্যধিক নিমখ সেৱনৰ বাবে হ’ব পাৰে ।

BP বৃদ্ধি হোৱা

যদি হঠাতে আপোনাৰ ৰক্তচাপ বৃদ্ধিৰ সমস্যা হ’বলৈ আৰম্ভ কৰিছে নেকি যদি হয় তেন্তে এয়া অধিক নিমখ সেৱনৰ বাবে হ’ব পাৰে । দৰাচলতে অত্যধিক নিমখ খালে BP বাঢ়িবলৈ আৰম্ভ কৰে । অধিক নিমখ খালে তেজত ছডিয়ামৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত আমাৰ শৰীৰৰ কোষৰ পৰা পানী ওলাই আহিবলৈ আৰম্ভ কৰে । এই পানী কোষ বিশেষকৈ মগজুৰ কোষৰ বাবে ক্ষতিকাৰক হয় ।

সঘনাই প্ৰস্ৰাৱ কৰা

সঘনাই প্ৰস্ৰাৱ কৰাটোও অধিক নিমখ খোৱাৰ বাবে হ’ব পাৰে । যদি আপুনি খাদ্যত অত্যধিক নিমখ সেৱন কৰি আছে তেন্তে ইয়াৰ ফলত ৰাতি সঘনাই প্ৰস্ৰাৱ কৰিব পাৰে ।

অত্যধিক পিয়াহ লগা

বেছিকৈ নিমখ খালে কেতিয়াবা অত্যধিক পিয়াহ লাগে । যদি আপোনাৰ ডিঙিটো প্ৰায়ে শুকাই থাকে আৰু পানী খোৱাৰ পিছতো আপোনাৰ পিয়াহ শেষ নহয়, তেন্তে অতিৰিক্ত নিমখৰ বাবেই হ’ব পাৰে(What Happens If You Eat Too Much Salt)। আচলতে ছডিয়াম খাদ্যই কিছু সময়ৰ বাবে শৰীৰৰ ভাৰসাম্য বিঘ্নিত কৰে ।

শৰীৰ ফুলা

অতিমাত্ৰা নিমখ সেৱনৰ বাবে শৰীৰৰ বিভিন্ন অংশত ফুলাৰ দৰে সমস্যাই দেখা দিব পাৰে । যদি আপুনি ৰাতিপুৱা ফুলি উঠা অনুভৱ কৰে বা আঙুলি আৰু গোৰোহাৰ চাৰিওফালে ফুলা দেখা পায়, তেন্তে ইয়াৰ কাৰণ হ’ব পাৰে অত্যধিক নিমখ । শৰীৰত অতিৰিক্ত তৰল পদাৰ্থ থাকিলে ফুলি উঠিব পাৰে, যাক ইডিমা বুলি জনা যায় ।

সঘনাই মূৰৰ বিষ হোৱা

যদি আপুনি সঘনাই মূৰৰ বিষ অনুভৱ কৰি আছে, তেন্তে এইটোও বেছি নিমখ খোৱাৰ লক্ষণ হ’ব পাৰে । দৰাচলতে ডিহাইড্ৰেচনৰ বাবে সঘনাই মৃদু মূৰৰ বিষ হয় । লগতে বেছিকৈ নিমখ খোৱাৰ ফলতো মূৰৰ বিষ হ’ব পাৰে(Salt reduction)।

খাদ্যত কোনো সোৱাদ নাই

যদি আপুনি খাদ্য খোৱাৰ সময়ত বাৰে বাৰে নিমখৰ প্ৰয়োজন হয় তেন্তে ইয়াৰ অৰ্থ হ’ল আপুনি অধিক নিমখ খাবলৈ আৰম্ভ কৰিছে । দৰাচলতে সময়ৰ লগে লগে আপোনাৰ ৰুচিবোধৰ সাল-সলনি আপোনাৰ ৰুচিৰ লগত খাপ খাই পৰে । ইয়াৰ বাবেই খাদ্যত অধিক নিমখ যোগ কৰাৰ প্ৰয়োজন হ’বলৈ আৰম্ভ কৰে ।

লগতে পঢ়ক: Sunflower Seeds Benefits: আপুনি জানেনে সূৰ্যমুখীৰ গুটিয়ে আমাৰ শৰীৰৰ কেনেদৰে উপকাৰ সাধন কৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.