ETV Bharat / bharat

Omicron variant in India : প্ৰতিদিনে 14 লাখ লোক অ'মিক্ৰণত আক্ৰান্ত হোৱাৰ সম্ভাৱনা - Omicron variant in India

অ'মিক্ৰণ সম্পৰ্কে ৰাইজক সজাগ হ’বলৈ আহ্বান ভাৰতৰ ক'ভিড-১৯ টাস্ক ফ'ৰ্চৰ অধ্যক্ষ ডাঃ ভি কে পলৰ (Dr V K Paul warned people about omicron) । ৰাইজ সজাগ নহ'লে প্ৰতিদিনে ভাৰতত প্ৰায় ১৪ লাখ লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা ৷

Omicron variant
অ'মিক্ৰণ সন্দৰ্ভত ড০ ভি কে পলৰ গুৰুত্বপূৰ্ণ মন্তব্য
author img

By

Published : Dec 19, 2021, 2:21 PM IST

নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ : অ'মিক্ৰণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ভাৰতৰ ক'ভিড-১৯ টাস্ক ফ'ৰ্চৰ অধ্যক্ষ ডাঃ ভি কে পলৰ । ৰাইজে অ'মিক্ৰণক অতি সহজভাৱে লোৱা দেখা গৈছে ৷ কিন্তু অ'মিক্ৰণৰ সংক্ৰমণৰ হাৰ পূৰ্বৰ কোনো এটা প্ৰকাৰৰ লগতে নিমিলে । প্ৰতিষেধকে কোনো দেশকে ক'ভিড 19 ৰ সংকটৰ পৰা ৰেহাই নিদিয়ে বুলি দাবী কৰি অধ্যক্ষ গৰাকীয়ে সকলোকে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব আৰু বাকী ক'ভিড বিধি পালন কৰিবলৈ আহ্বান জনায় (Dr V K Paul warned people about omicron) ।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতৰ ১১ খন ৰাজ্যত অ'মিক্ৰণৰ প্ৰায় ১২৬ টা সংমক্ৰণৰ ঘটনা পোহৰলৈ আহিছে । তাৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰত ৪৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিডৰ এই নতুন প্ৰকাৰৰ অৱস্থিতি । বৃটেইনৰ উদাহৰণ দাঙি ধৰি ডাঃ পলে শুকুৰবাৰে কৈছিল, যদি বৃটেইনৰ দৰে ভাৰততো ইয়াৰ সংক্ৰমণ ঘটে, তেনেহ'লে প্ৰতিদিনে ১৪ লাখ লোক কৰ’ণাত আক্ৰান্ত হ'ব ৷

ভাৰতীয় ক'ভিড জিনোমিক্স চিকুৱেঞ্চিং কনচৰ্টিয়ামে (INSACOG) কেইগৰাকীমান এনে ৰোগী ধৰাত পেলাইছে, যাৰ কোনো ভ্ৰমণ ইতিহাস নাই । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (ICMR) এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰী কৰা অনুসৰি, অ'মিক্ৰণত আক্ৰান্তসকলৰ ভিতৰত কোনোবা গৰাকী বিদেশ ভ্ৰমণ নকৰাকৈয়ে আক্ৰান্ত হৈছেনে, সেয়া জানিবলৈ চেষ্টা অব্যাহত আছে ৷

উল্লেখ্য যে, চৰকাৰে জনসাধাৰণক ক'ভিড-১৯ বিধি পালন কৰিবলৈ আহ্বান জনাইছিল । চৰকাৰে অপ্ৰয়োজনীয় ভ্ৰমণ বাতিল কৰিবলৈও ৰাইজক আহ্বান জনাইছিল । বিশ্ব স্বাস্থ্য সংস্থাই শনিবাৰে সদৰী কৰা মতে, বিশ্বৰ প্ৰায় ৮৯ খন দেশত অ'মিক্ৰণৰ অৱস্থিতি ধৰা পৰিছে ।

লগতে পঢ়ক : Omicron cases in India : দেশত চেঞ্চুৰী কোবাইছে অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.