নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ: কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, ভাৰতে স্পষ্ট কৰি দিছে যে, দেশে শান্তি বিচাৰে, সংঘৰ্ষ নহয় । দুণ্ডিগলস্থিত বায়ু সেনাৰ একাডেমীত সংযুক্ত গ্ৰেডুৱেছন পেৰেডত মুখ্য অতিথি হিচাপে অংশ লৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে, প্ৰতিৰক্ষা বিভাগে ভাৰতৰ পৰা সন্ত্ৰাসবাদৰ শিপা সমুলঞ্চে উভালি পেলোৱাৰ বাবে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে ।
তেওঁ কয় যে, জল, বায়ু আৰু স্থল যুদ্ধৰ উপৰিও চাইবাৰ যুদ্ধও ক্ৰমান্বয়ে হ্ৰাস পাইছে । ইয়াৰ দ্বাৰা এইটো স্পষ্ট হৈছে যে, ভাৰত এখন শান্তিপ্ৰিয় দেশ ।
তেওঁ লগতে পেৰেডত অংশগ্ৰহণকাৰীসকলৰ প্ৰতিভাৰ শলাগ লয় আৰু দেশে সন্মুখীন হোৱা যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়ায় ।
প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দেশীয় জ্ঞান সঠিক প্ৰয়োগ কৰি বহু আৱিস্কাৰ কৰা হৈছে বুলিও মত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
লগতে ৰাফেলে বায়ু সেনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে বুলিও প্ৰকাশ কৰে ।