ETV Bharat / bharat

Benefits of Eating Boiled Eggs: সিজোৱা কণীৰ আছে অনেক উপকাৰিতা, দূৰ হ’ব এইবিধ ৰোগ - কণী

দৈনিক সিজোৱা কণী খোৱাটোৱে শৰীৰত শক্তি প্ৰদান কৰাৰ লগতে বহু সমস্যাৰ পৰা সকাহ দিয়াতো সহায় কৰে । ই ৰুচি আৰু স্বাস্থ্যৰে ভৰপূৰ । কণী খোৱাৰ কি কি উপকাৰিতা আছে জানো আহক-

There are many benefits of eating boiled eggs, these diseases can be cured
সিজোৱা কণীৰ আছে অনেক উপকাৰিতা, দূৰ হ’ব এইবিধ ৰোগ
author img

By

Published : Jun 12, 2023, 3:53 PM IST

'ছাণ্ডে হো য়া মাণ্ডে ৰোজ খাও আণ্ডে' এই কথাষাৰ অতি বিখ্যাত আৰু পুৰণিও, কিন্তু আজিও এই কথাষাৰ বহুতৰে মুখে মুখে । এই গীতটো কণী খোৱাৰ লগতো একেবাৰে খাপ খাই পৰে, কাৰণ কণী খোৱাৰ বহু উপকাৰ পোৱা যায় ।

সিজোৱা কণী পুষ্টিৰে ভৰপূৰ (Eggs Benefits)। স্বাস্থ্য, ছাল আৰু চুলিৰ বাবে ই অতি উপকাৰী যদিও অতিৰিক্ত যিকোনো বস্তু সেৱন কৰাটো বিপজ্জনক বুলি প্ৰমাণিত হ’ব পাৰে । সেইবাবেই কণীও সীমিত পৰিমাণত খোৱা উচিত । গতিকে জানো আহক, কণী খোৱাৰ উপকাৰিতা কি কি ?

ভাল কলেষ্টেৰল বৃদ্ধি কৰে

যিসকল লোকৰ উচ্চ মাত্ৰাত ভাল কলেষ্টেৰল থাকে তেওঁলোকৰ হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা কম । এক গৱেষণাৰ মতে, যদি আপুনি ২টা সিজোৱা কণী ৬ সপ্তাহলৈকে সেৱন কৰে, তেন্তে ই শৰীৰত ভাল কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে ।

বেছিভাগ মানুহৰে কলেষ্টেৰল বৃদ্ধি নকৰে

এইটো সঁচা যে কণীত প্ৰাকৃতিকভাৱে কলেষ্টেৰল থাকে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ইয়াৰ সেৱনে তেজত কলেষ্টেৰল বৃদ্ধি কৰে । ৭০ শতাংশ লোকৰ কণী খালে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি নহয়, আনহাতে মাত্ৰ ৩০ শতাংশ লোকৰ ভিতৰত ইয়াৰ সেৱনে বেয়া কলেষ্টেৰল বৃদ্ধি কৰিব পাৰে ।

চকুৰ বাবে অপৰিহাৰ্য

ইয়াত প্ৰচুৰ পৰিমাণে এন্টি-অক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে । ভিটামিন-এ ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায়, যিটো চকুৰ বাবে উপকাৰী । চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ বাবে খাদ্যত কণী অন্তৰ্ভুক্ত কৰিব পাৰি ।

ইমিউনিটি বুষ্টাৰ

ইয়াত এন্টিঅক্সিডেন্ট, প্ৰ’টিন আৰু বহুতো ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায় । যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰিব পাৰে ।

হাড় শক্তিশালী কৰে

কণীত ভিটামিন-ডি প্ৰচুৰ পৰিমাণে পোৱা যায় । হাড় সুস্থ কৰি ৰখাৰ বাবে ই এক ছুপাৰফুড বুলি প্ৰমাণিত হ’ব পাৰে ।

মগজুৰ বাবে উপকাৰী

কণীত কলিন পোৱা যায় । যিটো মগজুৰ বাবে সহায়ক । ইয়াৰ দ্বাৰা স্মৃতিশক্তিৰ শক্তি বৃদ্ধি কৰাত সহায়ক হ’ব পাৰে । সেইবাবেই কোৱা হয় যে দৈনিক কণী খোৱাটোৱে মন চোকা কৰি তুলিব পাৰে ।

লগতে পঢ়ক: Benefits of Jamun: দ্ৰুতগতিত চুলি বগা হ’বলৈ আৰম্ভ কৰিছে নেকি ? তেন্তে জামুৰ গুটিয়ে আপোনাক কৰিব সহায়

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.