নেশ্যনেল ডেস্ক, ৪ মাৰ্চ: মিজোৰামবাসীৰ বাবে সুখবৰ । ৰাজ্যখনত কৰ'ণা মহামাৰীৰ সংক্ৰমণ হ্ৰাসে আশাৰ বতৰা কঢ়িয়াই আনিছে । বৰ্তমান মিজোৰামত নতুনকৈ এজনো লোক COVID-১৯ত আক্ৰান্ত হোৱা নাই বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে । যোৱা ৩ মাৰ্চত জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আৰ টি-পিচি আৰ গৱেষণাগাৰত ৪৬টা আৰু ট্ৰু এন এ টি গৱেষণাগাৰত ১টা নমুনা পৰীক্ষা কৰা হৈছিল ।
![COVID-১৯ঃ ৩ মাৰ্চত মিজোৰামত এজনো লোক আক্ৰান্ত হোৱা নাই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/thereare17activecasesofcovid-19inmizoramasofmarch420215pm_04032021194440_0403f_1614867280_103.jpg)
কিন্তু আক্ৰান্তৰ ঘটনা পোহৰলৈ অহা নাই । সমান্তৰালকৈ ৰেপিড এণ্টিজেন টেষ্ট কিটেৰে কৰা নমুনা পৰীক্ষণতো কোনো লোক আক্ৰান্ত হোৱাতো প্ৰমাণিত হোৱা নাই । বৃহস্পতিবাৰে জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা আৰোগ্য হৈ উঠা ২ গৰাকী লোকক ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় ।
ৰাজ্যখনত বৰ্তমান আৰোগ্যৰ হাৰ হৈছে ৯৯.৯৩ শতাংশ । এতিয়ালৈকে মিজোৰামত ৪,৪২৭ জন লোক মহামাৰীত আক্ৰান্ত হৈছে আৰু ৪,৪০০ জন সুস্থ হৈ উঠিছে । আনহাতে, মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে ১০ জন লোকে । বৰ্তমান ৰাজ্যখনত ১৭টা সক্ৰিয় আক্ৰান্তৰ ঘটনা থকাৰ তথ্য পোৱা গৈছে ।
লগতে পঢ়ক:আশা পূৰণ হ'ল অন্ধ্ৰপ্ৰদেশৰ কণমানিৰ