ETV Bharat / bharat

মিজোৰামত পুনৰ ৫ গৰাকী কৰ'ণাত আক্ৰান্ত

author img

By

Published : Jan 20, 2021, 9:45 PM IST

মিজোৰামত পুনৰ ৫ গৰাকী ব্য়ক্তিৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ভাইৰাছ । ৰাজ্যখনত বৰ্তমানলৈ ক’ভিড ১৯ত আক্ৰান্ত হৈছে মুঠ ৪,৩৩৪ গৰাকী লোক আৰু আৰোগ্য লাভ কৰিছে ৪২৬৮ গৰাকীয়ে ৷ ইয়াৰ উপৰিও বৰ্তমানলৈকে মিজোৰামত কৰ’ণাৰ ৫৭ টা সক্ৰিয় ঘটনা আছে ৷

মিজোৰামত পুনৰ ৫ গৰাকী কৰ'ণাত আক্ৰান্ত
মিজোৰামত পুনৰ ৫ গৰাকী কৰ'ণাত আক্ৰান্ত

নিউজ ডেস্ক , ২০ জানুৱাৰী : মিজোৰামত পুনৰ ৫ গৰাকী ব্য়ক্তিৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ভাইৰাছ । মঙলবাৰৰ দিনটোত নমুনা পৰীক্ষণৰ অন্তত ধৰা পৰে পজিটিব কেইগৰাকী । জোৰাম মেডিকেল কলেজত ২৫৪ টা নমুনা পৰীক্ষা কৰা হৈছিল আৰু তাৰ ভিতৰত কলকাতাৰ পৰা অহা ৬২ বছৰীয়া এজন বৃদ্ধৰ দেহত ধৰা পৰে ভাইৰাছৰ অৱস্থিতি । সমান্তৰালকৈ বিভিন্ন জিলাৰ ট্ৰু নেট পৰীক্ষাগাৰসমূহে কৰা ১২১ টা স্বাৱ পৰীক্ষাত এগৰাকী ২০ বছৰীয়া যুৱক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷

মিজোৰামত পুনৰ ৫ গৰাকী কৰ'ণাত আক্ৰান্ত
মিজোৰামত পুনৰ ৫ গৰাকী কৰ'ণাত আক্ৰান্ত

মঙলবাৰৰ দিনটোত ৰাজ্য়খনৰ ভিন্ন জিলাত প্ৰায় ৭৪৪ টা স্বাৱৰ নমুনা পৰীক্ষা কৰিছিল ৷ ইয়াৰে ৩ জন ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে ৷ ইয়াৰে ২ গৰাকী মহিলা আৰু এজন পুৰুষ ৷ আক্ৰান্ত কেইগৰাকীৰ ভিতৰত এগৰাকী ৭ বছৰীয়া কিশোৰী আছে বুলি জানিব পৰা গৈছে ৷ ৰাজ্যখনত বৰ্তমানলৈ ক’ভিড ১৯ত আক্ৰান্ত হৈছে মুঠ ৪,৩৩৪ গৰাকী লোক আৰু আৰোগ্য লাভ কৰিছে ৪,২৬৮ গৰাকীয়ে ৷ ইয়াৰ উপৰিও বৰ্তমানলৈকে মিজোৰামত কৰ’ণাৰ ৫৭ টা সক্ৰিয় ঘটনা আছে ৷

লগতে পঢ়ক : পঞ্জাৱত কাশ্মীৰী যুৱকক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.