নেশ্যনেল ডেস্ক,২১ এপ্ৰিল : জম্মু-কাশ্মীৰৰ পুঞ্চত জীৱন্তে অগ্নিদগ্ধ হোৱা ৫ সেনা জোৱানৰ পৰিচয় ইতিমধ্যে প্ৰকাশ পাইছে (Jawan death after catches fire Jammu and Kashmir)। ভাৰতীয় সেনাই মুকলি কৰিছে ৫ গৰাকী শ্বহীদৰ নাম । শ্বহীদ সেনা জোৱান কেইজন হৈছে ক্ৰমে হবিলদাৰ মনদীপ সিং, লেন্স নায়েক দেৱাশীষ বাসৱাল, লেন্স নায়েক কুলৱন্ত সিং, চিপাহী হৰকৃষ্ণ সিং আৰু চিপাহী সেৱক সিং । নাগৰোটাস্থিত সেনাৰ ১৬ কৰ্পছে এই নামসমূহ প্ৰকাশ কৰিছে ।
হোৱাইটনাইট কৰ্পছে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । শ্বহীদ জোৱান কেইগৰাকী সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছৰ অংশ আছিল । অঞ্চলটোত সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ বাবে তেওঁলোকক নিয়োজিত কৰা হৈছিল ।
উল্লেখ্য যে বৃহস্পতিবাৰে জম্মুৰ ৰাজৌৰী চেক্টৰত সেনাৰ চলন্ত বাহনত অগ্নি সংযোগ হৈছিল (Army truck catches fire)। য'ত ৫ গৰাকীকৈ জোৱান জীৱন্তে অগ্নিদগ্ধ হয় । এই ঘটনাত এগৰাকী জোৱান আহত হয় । ইফালে সেনাৰ বাহনত কেনেদৰে অগ্নি সংযোগ হ'ল তাক লৈ ৰহস্য অব্যাহত আছে । ভাৰতীয় সেনাই সন্দেহ কৰা মতে সেনাৰ বাহত সন্ত্ৰাসবাদীয়ে অগ্নি সংযোগ কৰিছিল ।
গ্ৰেণেড নিক্ষেপ কৰা বুলিও সেনাই সন্দেহ কৰিছে । ইফালে সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি প্ৰতিকূল বতৰৰ সুযোগ লৈ সেই স্থানৰ পৰা পলায়ন কৰিছে (Soldiers killed in a terrorist attack)। অৱশ্যে ভাৰতীয় সেনাই এই ঘটনাৰ লগত জড়িতসকলক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে ।
শ্বহীদ জোৱানসকলৰ ভিতৰত এজন ওড়িশাৰ আছিল । পুৰী জিলাৰ সখিগোপালৰ সমীপৰ আলাগুমাৰৰ বাসিন্দা আছিল শ্বহীদ দেৱাশীষ বাসৱাল । ভাৰতীয় সেনাৰ মুখ্য কাৰ্যালয়ৰ পৰা ফোনযোগে দেৱাশীষৰ পৰিয়ালক এই খবৰ দিয়া হৈছে । ইফালে খবৰ পোৱাৰ পাচতে তেওঁৰ গাঁৱত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । দেৱাশীষক ভাৰতীয় সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছত নিযুক্তি দিয়া হৈছিল । তেওঁৰ পিতৃ হৈছে প্ৰতাপ বাসৱাল আৰু মাতৃৰ নাম মমতা বাসৱাল । দেৱাশীষে তেওঁৰ পত্নী সুশ্ৰী সংগীতা আৰু ৭ মাহৰ কন্যা সন্তানক এৰি থৈ গৈছে । তেওঁ ২০২১ চনত সুশ্ৰী সংগীতাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ।
লগতে পঢ়ক :Army vehicle catches fire: কাশ্মীৰত জীৱন্তে অগ্নিদগ্ধ ৪ সেনা জোৱান