নেশ্যনেল ডেস্ক, ২৯ মে': ভাৰতীয় চিকিৎসা সংস্থাৰ উত্তৰাখণ্ড শাখা আৰু যোগ গুৰু বাবা ৰামদেৱৰ মাজত বৃদ্ধি পাইছে মতানৈক্য । শনিবাৰে ৰামদেৱক বিতৰ্কৰ বাবেও প্ৰত্যাহ্বান জনায় চিকিৎসা সংস্থাটোৱে । লগতে ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে কোনখন এল'পেথিক চিকিৎসালয়ত পতঞ্জলিৰ ঔষধ ব্যৱহাৰৰ কৰা হৈছে বুলিও প্ৰশ্ন কৰে ।
ৰামদেৱলৈ প্ৰেৰণ কৰা এখন পত্ৰত ভাৰতীয় চিকিৎসা সংস্থাৰ উত্তৰাখণ্ড শাখাৰ সচিব ড৹ অজয় খান্নাই ৰামদেৱক উদ্দেশ্যি লিখিছে যে, "আপুনি ইতিমধ্যে আপোনাৰ ২৫ টা প্ৰশ্ন ৰাজহুৱা কৰিছে আৰু এতিয়া আপুনি আমাৰ বিশেষজ্ঞসকলৰ প্ৰশ্নৰ সন্মুখীন হ'বলৈ সাজু হোৱা উচিত" ।
শেহতীয়াকৈ টেলিভিছনত সম্প্ৰচাৰিত হোৱা এক অনুষ্ঠানত যোগ গুৰু ৰামদেৱে দাবী কৰিছিল যে, পতঞ্জলিৰ সামগ্ৰীবোৰ অতি কাৰ্যকৰী আৰু এয়া এল'পেথিক চিকিৎসালয়ত হাজাৰ হাজাৰ ৰোগীৰ চিকিৎসা ক্ষেত্ৰত হোৱা পৰীক্ষণৰ পিছত প্ৰমাণিত হৈছে ।
ৰামদেৱে এল'পেথিক ঔষধৰ বিৰুদ্ধে মন্তব্য কৰাৰ দুদিনৰ পিছতে ভাৰতীয় চিকিৎসা সংস্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এল'পেথিক ঔষধ সন্দৰ্ভত ৰামদেৱে ভুল আৰু ভিত্তিহীন মন্তব্য কৰাৰ অভিযোগ তুলিছে ভাৰতীয় চিকিৎসা সংস্থাই । উল্লেখ্য যে, ইয়াৰ পূৰ্বে এল'পেথিক ঔষধ আৰু চিকিৎসকৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ তুলি ৰামদেৱৰ বিৰুদ্ধে মানহানিৰ জাননী জাৰি কৰিছিল সংস্থাটোৱে ।
জাননীখনৰ জৰিয়তে তেওঁক ১৫ দিনৰ ভিতৰত ক্ষমা বিচাৰিবলৈ দাবী জনোৱা হৈছিল । ক্ষমা নিবিচাৰিলে ১ হাজাৰ কোটি টকাৰ ক্ষতিপূৰণৰ লোৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়নি দিয়া হৈছিল । ছ'চিয়েল মিডিয়াত প্ৰচাৰিত ৰামদেৱৰ ভিডিঅ'টোৰ উদ্ধৃতি দি সংস্থাটোৱে কয় যে, ভিডিঅ'টোত এল'পেথিক চিকিৎসা ব্যৱস্থাক ৰামদেৱে মুৰ্খামি বুলি ৰামদেৱক কোৱা দেখা গৈছে আৰু লগতে দেওলীয়া বিজ্ঞান বুলি তাচ্ছিল্য কৰিছে ।
পিছত সংস্থাটোৱে ৰামদেৱৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আহ্বান জনায় আৰু তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিবলৈও দাবী জনায় । অৱশ্যে, শুকুৰবাৰে, ভাৰতীয় চিকিৎসা সংস্থাই কয় যে, তেওঁলোকে যোগ গুৰু ৰামদেৱৰ বিৰুদ্ধে দাখিল কৰা আৰক্ষীৰ অভিযোগ ঘূৰাই লোৱা সন্দৰ্ভত বিবেচনা কৰিব ।
আনহাতে, যদি ৰামদেৱে কৰ'ণা প্ৰতিষেধক এল'পেথিক ঔষধৰ বিষয়ে কৰা মন্তব্য প্ৰত্যাহাৰ কৰে তেন্তে তেওঁলৈ প্ৰেৰণ কৰা মানহানিৰ জাননীও ঘূৰাই লোৱাৰ কথা বিবেচনা কৰিব বুলি জানিবলৈ দিছে সংস্থাটোৱে ।
লগতে পঢ়ক:এনডিএ কেডেটৰ সৈতে পুছ আপ নৌসেনা প্ৰধানৰ