নিউজ ডেস্ক, 15 জানুৱাৰী: আজি পুহ আৰু মাঘৰ সংক্ৰান্তি ৷ দেশৰ বিভিন্ন প্ৰান্তত এইদিনটো বিভিন্ন নামেৰে উদযাপন কৰা হয় ৷ উত্তৰ ভাৰতত মকৰ সংক্ৰান্তি, দক্ষিণত পোংগল বা ভোগী, অসমত ভোগালী বিহু হিচাপে উদযাপন কৰা হয় এই বিশেষ দিনটো ৷ অসমত যিদৰে মাঘ বিহু উপলক্ষে ম’হযুঁজ আয়োজন কৰা হয়, ঠিক তেনেদৰে পোংগল উৎসৱৰ প্ৰথম দিনটোত বহু ধুমধামেৰে জাল্লিকাট্টু আয়োজন কৰা হয় তামিলনাডুত ৷
পোংগলৰ বাবে বিখ্যাত মাদুৰাইৰ ‘অৱনীয়াপুৰম জাল্লিকাট্টু’ খেলপথাৰত সোমবাৰে দেখা গ’ল ১০০০ টা নিৰ্বাচিত ষাঁড় আৰু ৬০০ গৰাকী ষাঁড় ধৰা পাহুৱাল যুৱকক ৷ ৰাইজৰ ব্যাপক সঁহাৰিৰ মাজেৰে আৰম্ভ হয় অৱনিয়াপুৰমৰ জাল্লিকাট্টু । এই জাল্লিকাট্টু প্ৰতিযোগিতা তিৰুপংগুনৰাম পথত অৱস্থিত মন্থাইয়াম্মান মন্দিৰৰ সন্মুখত স্থাপন কৰা বাদিবাসলত অনুষ্ঠিত হয় ।
এই প্ৰতিযোগিতা বিয়লি ৪ বজালৈকে কমেও ৮ টা ৰাউণ্ডত অনুষ্ঠিত হয় আৰু প্ৰতিটো ৰাউণ্ডত ৫০ ৰ পৰা ৭৫ জন যুৱকে অংশগ্ৰহণ কৰে । যিসকল খেলুৱৈয়ে প্ৰতিটো ৰাউণ্ডত সৰ্বাধিক ষাঁড় ধৰি ৰাখে তেওঁলোকক পৰৱৰ্তী ৰাউণ্ডত খেলিবলৈ দিয়া হয় । অৱনিয়াপুৰম জলিকাট্টু প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ১০০০ টা ষাঁড় আৰু ৬০০ গৰাকী ষাঁড় ধৰোঁতা (খেলুৱৈ) বাছনি কৰা হৈছে ।
প্ৰথম পুৰস্কাৰ ‘গাড়ী’: সোমবাৰে পুৱাৰ ভাগত স্বাস্থ্য পৰীক্ষাৰ অন্তত নিৰ্বাচিত ব্যক্তি আৰু ষাঁড়বোৰক ফিল্ডলৈ অনা হয় । প্ৰথম পুৰস্কাৰ পোৱা ষাঁড়টোৰ মালিকক আৰু সৰ্বাধিক ষাঁড় ধৰিব পৰা খেলুৱৈক পুৰস্কাৰ হিচাপে গাড়ী প্ৰদান কৰা হ’ব ।
আঘাতপ্ৰাপ্ত খেলুৱৈ আৰু ষাঁড়ৰ বাবে স্বাস্থ্য বিভাগ আৰু পশু চিকিৎসা বিভাগৰ তৰফৰ পৰা বিশেষ প্ৰাথমিক চিকিৎসাৰ বাবে চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে । প্ৰয়োজনত ব্যৱহাৰৰ বাবে এম্বুলেন্সো সাজু কৰা থাকে । কোনো আহত খেলুৱৈৰ অধিক চিকিৎসাৰ বাবে মাদুৰাইৰ চৰকাৰী ৰাজাজী চিকিৎসালয়ত কৰা প্ৰয়োজনীয় ব্যৱস্থা কৰি ৰখা হয় । ইয়াৰ বাবে ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটিৰ স্বেচ্ছাসেৱকসকলক বাদিবাসলৰ ওচৰত নিয়োগ কৰা হৈছে ৷ মাদুৰাই আৰক্ষীৰ হৈ ৮০০ৰো অধিক কনিষ্টবল নিয়োগ কৰা হৈছে ।
লগতে পঢ়ক: ভোগালী বিহুৰ দিনাই গোনা ম’হৰ তয়াময়া যুঁজত কঁপিল গোমোঠাগাঁৱৰ পথাৰ