ETV Bharat / bharat

Nechifu tunnel: নেচিফু সুৰংগৰ নিৰ্মাণ সম্পূৰ্ণ; মে’ মাহত আনুষ্ঠানিকভাৱে মুকলিৰ পৰিকল্পনা - নেচিফু সুৰংগ

মে' মাহৰ প্ৰথম ভাগতে মুকলি হ’ব ৫০০ মিটাৰ দীঘল নেচিফু সুৰংগ । এই সন্দৰ্ভত পশ্চিম অৰুণাচল প্ৰদেশৰ দায়িত্বত থকা তেজপুৰৰ প্ৰজেক্ট ভৰ্টকৰ মুখ্য অভিযন্তা ব্ৰিগেডিয়াৰ ৰমন কুমাৰৰ লগত ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ (Nechifu tunnel will open in early May)।

Nechifu tunnel will open in early May
Project Vartak of Border Roads Organisation
author img

By

Published : Mar 17, 2023, 7:44 PM IST

নেচিফু সুৰংগৰ নিৰ্মাণ সম্পূৰ্ণ

তেজপুৰ, ১৭ মাৰ্চ: বহু অপেক্ষাৰ অন্তত অৱশেষত অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তলৈ যোৱা পশ্চিম কামেং জিলাৰ নেচিফু সুৰংগৰ নিৰ্মাণ সমাপ্তি ঘটিল । মে' মাহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সুৰংগ মুকলি কৰাৰ সম্ভাৱনা আছে । ভাৰত-চীন সীমান্তলৈ যোৱা অৰুণাচল প্ৰদেশৰ বালিপৰা-চাৰিদুৱাৰ-টাৱাং সংযুক্ত ২১৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ হোৱা দুটা সুৰংগৰ দায়িত্বত আছে ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেছনৰ প্ৰজেক্ট ভৰ্টক (Project Vartak of Border Roads Organisation) ।

সীমান্তৰ অত্যন্ত স্পৰ্শকাতৰ অঞ্চলসমূহত উন্নয়নৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনত অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা ৰিম'টৰ জৰিয়তে এই সুৰংগৰ আধাৰশিলা স্থাপন কৰিছিল ৷ পৰৱৰ্তী সময়ত ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেছনে সুৰংগ দুটাৰ কাম সম্পন্ন কৰিছিল । টাৱাং জিলাৰ চেলা পাছত নিৰ্মাণ হোৱা সুৰংগটোৰ দুটা টিউব আছে আৰু ই সাগৰ পৃষ্ঠৰ ১৩,৮০০ ফুট উচ্চতাত নিৰ্মাণ হোৱা পৃথিৱীৰ ভিতৰত প্ৰথমটো দুই লেনযুক্ত সুৰংগ (Nechifu tunnel in Arunachal) ।

লগতে পঢ়ক: Arunachal chopper crash: পশ্চিম কামেং জিলাত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

এই সুৰংগ দুটাৰ ভিতৰত জৰুৰী সেৱাসমূহ ২৪ ঘণ্টাই উপলব্ধ হ’ব ৷ ইতিমধ্যে নিৰ্মাণ সমাপ্তি হোৱা নেচিফু সুৰংগৰ দৈৰ্ঘ ৫০০ মিটাৰ আৰু ই টাৱাং সংযোগী পথৰ দূৰত্ব ৭ কিলোমিটাৰ দূৰত্ব হ্ৰাস কৰিব (Nechiphu Tunnel) ৷ সীমান্তলৈ যোৱা ভাৰতীয় সেনাবাহিনীৰ লোক আৰু অন্যান্য সুৰক্ষা বাহিনীৰ লগতে পৰ্যটকৰ বাবে ই অতি সুগম হৈ পৰিব । কাৰণ অৰুণাচল প্ৰদেশৰ পথ বিশেষকৈ টাৱাং সংযোগী পথত সংঘটিত হোৱা ভূমিস্খলন আৰু তুষাৰপাতৰ বাবে বহু সময়ত সেনাৰ কনভয় পাৰ হোৱাত বহু সময়ৰ প্ৰয়োজন হয় ৷ সম্প্ৰতি এই দুটা সুৰংগই সমস্যাৰ অন্ত পেলাব বুলি আশা কৰা হৈছে (Advantages of Nechiphu Tunnel) ।

নেচিফু সুৰংগ মে' মাহৰ প্ৰথম ভাগত মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে ব্ৰিগেডিয়ে ৰমন কুমাৰে । তেওঁ কয় যে, কোভিডৰ বাবে বিগত দুটা বছৰ নিৰ্মাণৰ কামত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছিল ৷ পৰৱৰ্তী সময়ত প্ৰত্যাহ্বান আওকাণ কৰি ব’ৰ্ডাৰ ৰোডছে দ্ৰুত গতিত এটা সুৰংগৰ নিৰ্মাণ সম্পূৰ্ণ কৰিলে আৰু আনটো চেলা পাছৰ সুৰংগৰ জুন মাহত সম্পূৰ্ণ হৈ উঠিব (Road contraction at Indo China border) ।

লগতে পঢ়ক: Cheetah chopper crash: হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ দুই সেনা বিষয়ালৈ অন্তিম শ্ৰদ্ধাঞ্জলি

আনহাতে, ব’ৰ্ডাৰ ৰোডছে টাৱাং জিলাৰ লুংলা মহকুমাৰ জেমিথাং ৰাজহ চক্ৰৰ অধীনত খেনজিমণি জেমিথাং পথ, যি পথৰে তিব্বতিয়ান ধৰ্মগুৰু দালাই লামাই প্ৰৱেশ কৰিছিল ৷ সেই পথটোৰ ৭ কিলোমিটাৰ দৈর্ঘৰ পথ নতুনকৈ নিৰ্মাণ সম্পূৰ্ণ কৰিলে বুলি তেওঁ জানিব দিয়ে । দালাই লামাই ১৯৫৯ চনত চীনে তিব্বত অধিগ্ৰহণ কৰি ভাৰত আক্ৰমণ কৰাৰ পূৰ্বে এই পথেদি ভাৰতত প্ৰৱেশ কৰিছিল (Dalai Lama in India)।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.