ETV Bharat / bharat

কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত নিহত কাশ্মীৰী পণ্ডিত

চৌপিয়ানৰ চোটিপোৰা অঞ্চলৰ আপেলৰ বাগিচাত সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনা কৰে সন্ত্ৰাসবাদীয়ে ৷ এজন লোকৰ মৃত্যু হোৱাৰ লগতে এজন আহত হয় । দুয়োজনেই সংখ্যালঘু সম্প্ৰদায়ৰ (Militant attack on minority civilians)।

author img

By

Published : Aug 16, 2022, 1:00 PM IST

Etv Bharat
Etv Bharat

নিউজ ডেস্ক, 16 আগষ্ট: মঙলবাৰে দক্ষিণ কাশ্মীৰৰ চৌপিয়ান জিলাৰ চুটিগাম অঞ্চলত সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণত (Militant firing in Kashmir valley) এজন কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ যুৱকৰ মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ ভাতৃ আহত হয় । চৰকাৰী সূত্ৰই জনোৱা মতে, চুটিগাম অঞ্চলত উগ্ৰপন্থীয়ে অৰ্জুন নাথ কুমাৰৰ পুত্ৰ দুজন ক্ৰমে সুনীল কুমাৰ আৰু পিন্টু নাথৰ ওপৰত গুলীচালনা কৰে ৷ এই গুলীচালনাত সুনীলৰ থিতাতে মৃত্যু হয় আৰু পিণ্টু আহত হয় (One Kashmiri minority Pandit killed by militant) ৷

সূত্ৰটোৱে কয় যে, পিণ্টুক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ আনহাতে আক্ৰমণকাৰীক আটক কৰিবলৈ অঞ্চলটো ঘেৰি ৰখা হৈছে ৷ আপেলৰ বাগিচাত কৰ্মৰত অৱস্থাত যুৱক দুজনৰ ওপৰত গুলীচালনা কৰে সন্ত্ৰাসবাদীয়ে (Militant attack on minority civilians) ।

উল্লেখ্য যে, যোৱা ২৪ ঘন্টাত কাশ্মীৰ উপত্যকাত কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ লোকৰ ওপৰত হোৱা এইটো দ্বিতীয়টো আক্ৰমণ (Militant attack on minority civilians in Kashmir)। সোমবাৰে সন্ধিয়া মধ্য কাশ্মীৰৰ বুডগাম জিলাৰ গোপালপোৰা অঞ্চলত উগ্ৰপন্থীয়ে গ্ৰেনেড নিক্ষেপ কৰাৰ ফলত এজন কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ লোক আহত হয় ।

লগতে পঢ়ক: দিল্লীত সৰ্বাধিক তাপমাত্ৰা 34.9 ডিগ্ৰী চেলচিয়াছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.