আগৰতলা,৭ জানুৱাৰী : ত্ৰিপুৰাত পুনৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বঞ্চিত শিক্ষকসকলে । অহা ১৫ জানুৱাৰীৰ পৰা ১০,৩২৩ বৰ্খাস্ত শিক্ষকে আন্দোলনত বহিব (Terminated teacher will protest in Tripura)। বিগত প্ৰায় ২ বছৰ ধৰি বঞ্চিত শিক্ষকসকলে তেওঁলোকৰ সমস্যা সমাধানৰ দাবীত বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও আজিলৈ সমাধান নহ'ল তেওঁলোকৰ সমস্যা ।
সেয়ে অৱশেষত ১০,৩২৩ বৰ্খাস্ত শিক্ষকৰ যুটীয়া আন্দোলন সমিতিয়ে আন্দোলনৰ সিদ্ধান্ত লয় । যুটীয়া আন্দোলনৰ সমিতিৰ সদস্য দীপাংকৰ দেৱবৰ্মাই জনোৱা মতে বৃহস্পতিবাৰে সমিতিয়ে বিশেষ বৈঠকত মিলিত হৈছিল । ধলাই জিলাত অনুষ্ঠিত এই বৈঠকত ৰাজ্যৰ বিভিন্ন মণ্ডলৰ শিক্ষকসকলে অংশগ্ৰহণ কৰে ।
তেওঁ উল্লেখ কৰা মতে যিহেতু চৰকাৰে তেওঁলোকৰ সমস্যা সমাধান কৰা নাই সেয়ে সমিতিক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে তেওঁলোক একগোট হৈছে । ইফালে তেওঁ অভিযোগ কৰা মতে আজিলৈ শিক্ষা সঞ্চালকালয়ে শিক্ষকসকলৰ বৰ্খাস্ত পত্ৰ জাৰী কৰা নাই । ১০,৩২৩ বৰ্খাস্ত শিক্ষকৰ যুটীয়া আন্দোলন সমিতিৰ দাবী তেওঁলোকক অবৈধভাৱে বৰ্খাস্ত কৰা হৈছে ।
সেয়ে তেওঁলোকে আইনী যুঁজো অব্যাহত ৰাখিব । মুখ্যমন্ত্ৰীক অনুসন্ধান আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈও আহ্বান জনাইছে শিক্ষকসকলে । ইয়াৰ উপৰিও শিক্ষকসকলে অহা ১৫ জানুৱাৰীত তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে ।
লগতে পঢ়ক :TMC Raj Bhawan abhiyan: প্ৰতিবাদী সমদলত অংশগ্ৰহণকাৰী প্ৰায় চাৰিশ তৃণমূল কৰ্মীক আটক