নিউজ ডেস্ক, 5 ডিচেম্বৰ : শনিবাৰে মাজনিশা নাগালেণ্ডত হোৱা গুলিয়াগুলীৰ ঘটনাত (Security forces firing in Nagalnad) ৬ জনকৈ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে আনহাতে আহত হৈছে 2 জনকৈ লোক ৷ এই ঘটনাত 1 জন নিৰাপত্তাৰক্ষীৰ মৃত্যু হোৱাৰ লগতে 13 জন নিৰাপত্তাবাহিনীৰ লোক আহত হোৱাৰ কথা ইটিভি ভাৰতৰ আগত সদৰি কৰিছে কহিমাৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ (Kohima's defence spokesperson) কৰ্ণেল সুমিত শৰ্মাই ৷
উল্লেখ্য যে, শনিবাৰে নিশা নাগালেণ্ডৰ মন জিলাৰ তিৰু গাঁৱত নিৰাপ্তাৰক্ষীয়ে উগ্ৰপন্থী সংগঠন এনএছচিএনৰ সদস্য বুলি কেইজনমান নগা যুৱকক অতৰ্কিতে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷ পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত নিৰাপত্তাৰক্ষীয়ে পুনৰ গুলীচালনা কৰে ৷ নিৰাপত্তাৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা দ্বিতীয়টো গুলীচালনাত পুনৰ মৃত্যুক সাৱটিবলগীয়া হয় 6 জনকৈ নগা যুৱকে ৷
আনহাতে, এই ঘটনাত দুঃখ প্ৰকাশ কৰি এই ঘটনা অতি দুৰ্ভাগ্যজনক , এয়া এক নিন্দনীয় কাৰ্য ৷ নিহত লোক কেইজনৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা আৰু আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই । সম্প্ৰতি উত্তেজনা ৰোধ কৰিবৰ বাবে মন জিলাত ইণ্টাৰনেট সেৱা বন্ধ(Internet suspended in Mon district) ৰাখিছে প্ৰশাসনে ।
এই ঘটনা সন্দৰ্ভত টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ শ্বাহে কয়, নাগালেণ্ড চৰকাৰে গঠন কৰা এক উচ্চ-পৰ্যায়ৰ SITয়ে শোকসন্তপ্ত পৰিয়ালকেইটাৰ ন্যায় নিশ্চিত কৰাৰ বাবে এই ঘটনাৰ পুংখানুপুংখ তদন্ত কৰিব ৷
লগতে পঢ়ক : Tension grips Nagaland : নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 13 জনকৈ নগা যুৱক