ETV Bharat / bharat

দেশৰ তিনি ৰাজ্যত ৭৩.০৫ শতাংশ লোক কৰ'ণাত আক্ৰান্ত - ভাৰতত যোৱা ২৪ ঘণ্টাত ৩,৮৬,৪৫২ জন লোক নতুনকৈ আক্ৰান্ত

দেশৰ ১০ খন ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু দিল্লীত এদিনত নতুকৈ ৭৩.০৫ শতাংশ লোক আক্ৰান্ত হৈছে । ভাৰতত যোৱা ২৪ ঘণ্টাত ৩,৮৬,৪৫২ জন লোক নতুনকৈ আক্ৰান্ত হৈছে । ফলত ১,৮৭,৬২,৯৭৬ জনলৈ বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ।

COVID
কৰ'ণা
author img

By

Published : Apr 30, 2021, 4:39 PM IST

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: সমগ্ৰ দেশ কাল কৰ'ণাৰ গ্ৰাসত । কৰ'ণা ভাইৰাচৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ দ্ৰতগতিত বৃদ্ধি পাবলৈ ধৰিছে । শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনায় যে দেশৰ ১০ খন ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু দিল্লীত এদিনত নতুকৈ ৭৩.০৫ শতাংশ লোক আক্ৰান্ত হৈছে ।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত যোৱা ২৪ ঘণ্টাত ৩,৮৬,৪৫২ জন লোক নতুনকৈ আক্ৰান্ত হৈছে । ফলত ১,৮৭,৬২,৯৭৬ জনলৈ বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা । মহাৰাষ্ট্ৰত দৈনিক ৬৬,১৫৯, কেৰালাত ৩৮,৬০৭ আৰু উত্তৰ প্ৰদেশত ৩৫,১০৪ জন আক্ৰান্ত হৈছে । ইফালে, ২৪ ঘণ্টাত ১৯ লাখতকৈও অধিক লোকৰ (১৯,২০,১০৭) পৰীক্ষা কৰা হৈছিল । এই সংখ্যাৰে এদিনতে সৰ্বাধিক লোকৰ পৰীক্ষা কৰা হৈছিল । ভাৰতত এতিয়ালৈকে মুঠ ৩১,৭০,২২৮ ঘটনা সক্ৰিয় হৈ আছে । এদিনতে ৮৫,৪১৪ টা সক্ৰিয় ঘটনা পোহৰলৈ আহে । ফলত মুঠ সংক্ৰমণৰ হাৰ ১৬.৯০ শতাংশ হৈছে ।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি, মহাৰাষ্ট্ৰ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, কেৰালা, ৰাজস্থান, গুজৰাট, ছত্তীশগড়, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, পশ্চিম বংগ আৰু বিহাৰ এই ১১ খন ৰাজ্য মুঠ সক্ৰিয় ঘটনাৰ হাৰ ৭৮.১৮ শতাংশ । অৱশ্যে, মৃত্যুৰ হাৰ হ্ৰাস পাইছে । বৰ্তমান ১.১১ শতাংশ মৃত্যুৰ হাৰ । যোৱা ২৪ ঘণ্টাত ৩,৪৯৮ জন লোকে প্ৰাণ হেৰুৱাইছে ।

দহখন ৰাজ্যত নতুনকৈ মৃত্যু হোৱা হাৰ হৈছে ৭৭.৪৪ শতাংশ । মহাৰাষ্ট্ৰত সৰ্বাধিক ৭৭১ জনৰ মৃত্যু হয় । দিল্লীত দৈনিক ৩৯৫ জন লোকৰ মৃত্যুৰ হৈছে । আনহাতে, ভাৰতত এদিনতে ২,৯৭,৫৪০ জনে সুস্থ হৈ উঠিছে । বৰ্তমানলৈ সুস্থ হোৱা লোকৰ সংখ্যা ১,৫৩,৮৪,৪১৮ জনলৈ বৃদ্ধি পাইছে । দহখন ৰাজ্যত নতুনকৈ সুস্থ হোৱা লোকৰ হাৰ হৈছে ৭৬.৬১ শতাংশ ।

লগতে পঢ়ক: ছত্তীশগড়ত মজুত নাই পৰ্যাপ্ত পৰিমাণৰ ক’ভিড প্ৰতিষেধক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.